আজি সমগ্ৰ দেশতে ঐতিহাসিক দণ্ডি মাৰ্চৰ ৯৫ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে । এই উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু নেতাই মহাত্মা গান্ধীৰ লগতে এই যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দাণ্ডী মাৰ্চ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতাৰ বাবে এক বৃহৎ আন্দোলন আৰম্ভ কৰিছিল । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দাণ্ডী যাত্ৰাৰ লগত জড়িত সকলোৰে সাহস, ত্যাগ আৰু সত্য আৰু অহিংসাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতাই মানুহক সদায় অনুপ্ৰাণিত কৰিব ।
কংগ্ৰেছ সভাপতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে-
দণ্ডী যাত্ৰাৰ ৯৫ বছৰীয়া জয়ন্তী উপলক্ষে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও মহাত্মা গান্ধীৰ লগতে সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে আজিৰ পৰা ৯৫ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে দাণ্ডী মাৰ্চ আৰম্ভ কৰি ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল । তেওঁ কয় যে লৱণ সত্যগ্ৰহৰ পৰা আৰম্ভ কৰি দেশজোৰা আইন অমান্য আন্দোলন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পূৰ্ণ স্বাধীনতাৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । কংগ্ৰেছ পাৰ্টিয়ে এতিয়াও বাপুৰ নীতি জীয়াই ৰাখিছে । বাপুৰ শিক্ষা আৰু সত্যগ্ৰহ আজিও ১৯৩০ চনৰ দৰেই প্ৰাসংগিক । খৰ্গেই কয় যে পদযাত্ৰা কৰি মানুহৰ অধিকাৰ সুৰক্ষিত কৰাটো কংগ্ৰেছৰ লক্ষ্য হৈ আহিছে আৰু থাকিব ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই –
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দাণ্ডী যাত্ৰাৰ ৯৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে ১৯৩০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ব্ৰিটিছে আৰোপ কৰা নিমখ কৰৰ প্ৰতিবাদত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল । এয়া হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰা এক সাহসী পদক্ষেপ আছিল । এই পদক্ষেপ অত্যাচাৰীৰ বিৰুদ্ধে হোৱা আটাইতকৈ শক্তিশালী প্ৰতিবাদ হিচাপে সদায় মনত ৰাখিব ।
On this day in 1930, Pujya Bapu started the Dandi March as a mark of protest against the oppressive salt tax imposed by the British.
— Himanta Biswa Sarma (@himantabiswa) March 12, 2025
This brave act, which eventually galvanized thousands of people, will always be remembered as one of the strongest stances against the oppressors. pic.twitter.com/i3aBfd0ZAa
উল্লেখ্য যে, ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে নিমখ সত্যগ্ৰহ নামেৰে পৰিচিত দণ্ডী যাত্ৰা আৰম্ভ কৰে । আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰি গুজৰাটৰ দাণ্ডী গাঁৱলৈকে এই যাত্ৰা হৈছিল । ইয়াৰ উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰে আৰোপ কৰা নিমখ কৰ, যিটো ভাৰতৰ কৃষকৰ বাবে এক অত্যাচাৰ আছিল । গান্ধীজীয়ে বিশ্বাস কৰিছিল যে নিমখৰ দৰে সাধাৰণ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাটো ভাৰতীয়ৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ ।