৩৭ বছৰৰ পিছত কুম্ভ মেলাত পুনৰ মিলন দুই পুৰণি বন্ধু; ভাইৰেল আৱেগিক ভিডিঅ’

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত এক স্পৰ্শকাতৰ মুহূৰ্ত কেমেৰাত বন্দী হৈছিল, যেতিয়া অগ্নি নিৰ্বাপক বিষয়া সঞ্জীৱ কুমাৰ সিঙে ৩৭ বছৰৰ পিছত তেওঁৰ মহাবিদ্যালয়ৰ বন্ধু ৰশ্মি গুপ্তাক লগ কৰাৰ সুযোগ পাইছিল। দুয়ো১৯৮৮ চনৰ বেচৰ সহপাঠী আছিল আৰু ইমান বছৰৰ পিছত ইজনে সিজনক দেখি যথেষ্ট আৱেগিক হৈ পৰিছিল।

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত এক স্পৰ্শকাতৰ মুহূৰ্ত কেমেৰাত বন্দী হৈছিল, যেতিয়া অগ্নি নিৰ্বাপক বিষয়া সঞ্জীৱ কুমাৰ সিঙে ৩৭ বছৰৰ পিছত তেওঁৰ মহাবিদ্যালয়ৰ বন্ধু ৰশ্মি গুপ্তাক লগ কৰাৰ সুযোগ পাইছিল।

দুয়ো১৯৮৮ চনৰ বেচৰ সহপাঠী আছিল আৰু ইমান বছৰৰ পিছত ইজনে সিজনক দেখি যথেষ্ট আৱেগিক হৈ পৰিছিল।

এই বিশেষ মুহূৰ্তটোৰ ভিডিঅ’ টো অগ্নি নিৰ্বাপক বিষয়া সঞ্জীৱ কুমাৰ সিঙে  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।  ভিডিঅ’টোত সঞ্জীৱে তেওঁৰ পুৰণি বন্ধুৰ পৰিচয় দি কয়, “এয়া মোৰ সহপাঠী ৰশ্মি।

আমি ১৯৮৮ চনৰ বেচৰ সহপাঠী আছিলোঁ আৰু মহাকুম্ভত ৩৭ বছৰৰ পিছত তেওঁক মই লগ পাইছো। তাই এতিয়া লক্ষ্ণৌৰ এখন মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।ৰশ্মিও এই ক্ষণটোৰ বাবে যথেষ্ট সুখী হৈছিল।

মহিলাগৰাকীয়ে কৈছিল যে, “ইয়াত পৰিৱেশ অতি সুন্দৰ, ব্যৱস্থাবোৰ আশ্চৰ্যকৰ, আৰু আটাইতকৈ বিশেষ কথাটো হ’ল ইমান বছৰৰ পিছত মোৰ বন্ধুক লগ পোৱাটো সপোনতকৈ কম নহয়।”

ৰশ্মিয়ে ধেমেলীয়াকৈ পুৰণি স্মৃতিবোৰ সতেজ কৰে। হাঁহি হাঁহি তেওঁ কৈছিল যে, “আমাৰ কলেজৰ দিনত, সঞ্জীৱ অতি শান্ত আৰু অন্তৰ্মুখী আছিল, কিন্তু এতিয়া তেওঁৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে সলনি হৈছে।”

ইয়াৰ উত্তৰত সঞ্জীৱেও হাঁহি হাঁহি কৈছিল, “ৰশ্মি আৰু তাইৰ দলটোৱে কলেজৰ দিনবোৰত মোৰ সৈতে কথা পতা নাছিল”। সঞ্জীৱ আৰু ৰশ্মিৰ আৱেগিক পুনৰ্মিলনৰ এই ভিডিঅ’টো ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ