ভাৰত আৰু বাংলাদেশৰ মাজত চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ খেলখন খেলা হৈছে। এই খেলখনত বাংলাদেশৰ অধিনায়ক নাজমুল হাছান শান্তোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, যিটো এটা ভুল সিদ্ধান্ত হিচাপে প্ৰমাণিত হৈছে।
আৰম্ভণিতে, ভাৰতীয় বলাৰসকলে বিপক্ষ বেটছমেনসকলক মুক্তভাৱে খেলিবলৈ সুযোগ দিয়া নাছিল। ছামীয়ে এই খেলখনত উৎকৃষ্ট বলিং কৰিছে আৰু এটা বিশেষ অভিলেখো গঢ়িছে।
মহম্মদ ছামীয়ে সদায় আইচিচি টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰি আহিছে, আৰু আমি এদিনীয়া বিশ্বকাপ ২০২৩-ত ইয়াৰ এটা উদাহৰণৱ সকলোৱে দেখিছে।
এতিয়া, বাংলাদেশৰ বিৰুদ্ধে খেলখনত তিনিটা উইকেট লাভ কৰি, তেওঁ এদিনীয়া ক্ৰিকেটত ২০০টা উইকেট সম্পূৰ্ণ কৰিছে।
মিচেল ষ্টাৰ্কৰ বিশ্ব অভিলেখ ভংগ কৰি তেওঁ আটাইতকৈ কম বলত এদিনীয়া ক্ৰিকেট ইতিহাসত ২০০ টা উইকেট দখল কৰা বলাৰ হৈ পৰিছে।
ছামীয়ে ৫১২৬ টা বলত ২০০টা এদিনীয়া উইকেট অৰ্জন কৰিছিল, আনহাতে ষ্টাৰ্কে ৫২৪০ টা বলত এইটো কৰিছিল।
এতিয়া, শ্বামীয়ে আটাইতকৈ কম বলত ২০০ টা এদিনীয়া উইকেট লোৱাৰ ক্ষেত্ৰত বিশ্বব্যাপী সকলো বলাৰক অতিক্ৰম কৰিছে আৰু শীৰ্ষ স্থানত উপনীত হৈছে।
মহম্মদ ছামীয়ে ১০৪ খন এদিনীয়া আন্তৰ্জাতিকত ২০০ টা উইকেট দখল কৰিছে। তেওঁ আটাইতকৈ কম খেলত ২০০ টা উইকেট লাভ কৰা যুটীয়া দ্বিতীয় বলাৰ হৈ পৰিছে।
তেওঁ চাকলাইন মুস্তাকৰ সমকক্ষ হৈছে।এই দুয়োজন বলাৰে ১০৪ খন খেলত ২০০ টা উইকেট দখল কৰিছে। ইফালে, মিচেল ষ্টাৰ্কে ১০২ খন মেচত ২০০ টা উইকেট অৰ্জন কৰি প্ৰথম স্থানত আছে।
মহম্মদ ছামীক ভাৰতৰ শ্ৰেষ্ঠ বলাৰসকলৰ ভিতৰত গণ্য কৰা হয়। তেওঁ ২০১৩ চনত টীম ইণ্ডিয়াৰ হৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল। তেতিয়াৰ পৰা, তেওঁ ১০৪ খন এদিনীয়া মেচত ২০১ টা উইকেট দখল কৰিছে।