ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ বায়ুসেনাৰ আন এখন বিমান RCH869 । অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে । এই বিমানখনত ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰী আছিল, যিসকলক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে । ড’নাল্ড ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশৰ দমনৰ অংশ হিচাপে বিতাড়িত কৰা এনে ভাৰতীয়ৰ এয়া তৃতীয়টো গোট । এই বেচত সূত্ৰই পূৰ্বে জনাইছিল যে ১৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে বিমানখন ভাৰতত উপস্থিত হ’ব যদিও আপডেট কৰা তালিকাত এই সংখ্যা আছিল ১১২ জন ।
শেহতীয়াকৈ শনিবাৰে গভীৰ নিশা অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১৬ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আন এখন আমেৰিকান বিমান অৱতৰণ কৰে । চি-১৭ বিমানখন নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১.৩৫ বজাত বিমানবন্দৰত অৱতৰণ কৰে । ইয়াৰ পূৰ্বে এই দ্বিতীয়টো বেচত ১১৯ জন অনুপ্ৰৱেশকাৰী থাকিব বুলি খবৰ ওলাইছিল যদিও যাত্ৰীৰ আপডেট কৰা তালিকা অনুসৰি দ্বিতীয়টো বেচত বিতাড়িত লোকৰ সংখ্যা আছিল ১১৬ জন ।
অবৈধ অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোটত পঞ্জাৱৰ ৬৫ জন, হাৰিয়ানাৰ ৩৩ জন, গুজৰাটৰ পৰা ৮ জন, উত্তৰ প্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ পৰা ২ জনকৈ আৰু হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ আছিল । সূত্ৰ অনুসৰি ইয়াৰে অধিকাংশৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰৰ ।
৫ ফেব্ৰুৱাৰীত ১০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আমেৰিকাৰ সামৰিক বিমান অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে । ইয়াৰে ৩৩ জনকৈ হাৰিয়ানা আৰু গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ । বহিঃৰাষ্ট্ৰলৈ বিতাড়িত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোটৰ পৰিয়ালৰ সদস্যসকলে স্তম্ভিত হৈ পৰে, তেওঁলোকৰ বহুতেই দাবী কৰে যে তেওঁলোকে নিজৰ কৃষিভূমি আৰু গৰু-ম’হ বন্ধকত ৰাখি ধন সংগ্ৰহ কৰি উন্নত ভৱিষ্যতৰ বাবে বিদেশলৈ পঠিয়াইছিল ।