বিতাড়িত ভাৰতীয়ক কঢ়িয়াই অনা তৃতীয়খন বিমান অমৃতসৰত অৱতৰণ

বিতাড়িত ভাৰতীয়ক কঢ়িয়াই অনা তৃতীয়খন বিমান অমৃতসৰত অৱতৰণ, ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীক উভতালে আমেৰিকাই

ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ বায়ুসেনাৰ আন এখন বিমান RCH869 । অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে । এই বিমানখনত ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰী আছিল, যিসকলক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে । ড’নাল্ড ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশৰ দমনৰ অংশ হিচাপে বিতাড়িত কৰা এনে ভাৰতীয়ৰ এয়া তৃতীয়টো গোট

ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ বায়ুসেনাৰ আন এখন বিমান RCH869 । অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে । এই বিমানখনত ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰী আছিল, যিসকলক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে । ড’নাল্ড ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশৰ দমনৰ অংশ হিচাপে বিতাড়িত কৰা এনে ভাৰতীয়ৰ এয়া তৃতীয়টো গোট । এই বেচত সূত্ৰই পূৰ্বে জনাইছিল যে ১৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে বিমানখন ভাৰতত উপস্থিত হ’ব যদিও আপডেট কৰা তালিকাত এই সংখ্যা আছিল ১১২ জন ।

শেহতীয়াকৈ শনিবাৰে গভীৰ নিশা অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১৬ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আন এখন আমেৰিকান বিমান অৱতৰণ কৰে । চি-১৭ বিমানখন নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১.৩৫ বজাত বিমানবন্দৰত অৱতৰণ কৰে । ইয়াৰ পূৰ্বে এই দ্বিতীয়টো বেচত ১১৯ জন অনুপ্ৰৱেশকাৰী থাকিব বুলি খবৰ ওলাইছিল যদিও যাত্ৰীৰ আপডেট কৰা তালিকা অনুসৰি দ্বিতীয়টো বেচত বিতাড়িত লোকৰ সংখ্যা আছিল ১১৬ জন ।

অবৈধ অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোটত পঞ্জাৱৰ ৬৫ জন, হাৰিয়ানাৰ ৩৩ জন, গুজৰাটৰ পৰা ৮ জন, উত্তৰ প্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ পৰা ২ জনকৈ আৰু হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ আছিল । সূত্ৰ অনুসৰি ইয়াৰে অধিকাংশৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰৰ ।

৫ ফেব্ৰুৱাৰীত ১০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আমেৰিকাৰ সামৰিক বিমান অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে । ইয়াৰে ৩৩ জনকৈ হাৰিয়ানা আৰু গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ । বহিঃৰাষ্ট্ৰলৈ বিতাড়িত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোটৰ পৰিয়ালৰ সদস্যসকলে স্তম্ভিত হৈ পৰে, তেওঁলোকৰ বহুতেই দাবী কৰে যে তেওঁলোকে নিজৰ কৃষিভূমি আৰু গৰু-ম’হ বন্ধকত ৰাখি ধন সংগ্ৰহ কৰি উন্নত ভৱিষ্যতৰ বাবে বিদেশলৈ পঠিয়াইছিল ।