প্ৰাচীন কালৰ পৰা ব্যৱহাৰ কৰা কিছুমান প্ৰাকৃতিক বস্তুয়ে ছালৰ স্বাস্থ্য যথেষ্ট উন্নত কৰিব পাৰে। কেতিয়াবা আপোনাৰ ছালৰ যত্নৰ ৰুটিনত চন্দন পাউডাৰ আৰু এলোভেৰা জেল অন্তৰ্ভুক্ত কৰিছে নেকি?
যদি কৰা নাই, তেনেহলে এই দুটা প্ৰাকৃতিক বস্তুৰ প্ৰয়োগৰ ফলত ছালৰ লাভালাভৰ বিষয়ে তথ্য সংগ্ৰহ কৰা উচিত। ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জানো আহক।
চন্দনৰ পাউডাৰত এণ্টিবেক্টেৰিয়েল, এণ্টি-এজিং, আৰু এণ্টিচেপ্টিক গুণাগুণ থাকে আৰু এলোভেৰা জেলত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে।
চন্দন পাউডাৰ আৰু এলো ভেৰাজেল, মিহলি কৰি লগালে, ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। এই দুয়োটা বস্তু ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিলে ছাল সম্পৰ্কীয় বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে।
প্ৰাকৃতিক ফেচ পেক তৈয়াৰ কৰিবলৈ হ’লে এক চামুচ চন্দনৰ পাউডাৰ, এক চামুচ এলোভেৰা আৰু অলপ গোলাপ জল ভালদৰে মিহলি কৰিব লাগিব।
এতিয়া আপুনি এই ফেচ পেকটো আপোনাৰ মুখ আৰু ডিঙিত প্ৰয়োগ কৰিব লাগিব। কিছু সময়ৰ পিছত, মুখখন ধুই দিয়াৰ পিছত ইতিবাচক প্ৰভাৱ বোৰ চাব পাৰে। এই ফেচপেকটো সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে।
দাগৰ পৰা পৰিত্ৰাণ পাবলৈ এই দুটা বস্তু ব্যৱহাৰ কৰিব পাৰে। যদি ছালৰ শুষ্কতা নাইকিয়া কৰিব বিচাৰে, এই ফেচপেকে ছালখন যথেষ্ট কোমল কৰাত সহায় কৰিব পাৰে।
সামগ্ৰিকভাৱে, এই ৰাসায়নিক-মুক্ত ফেচপেকবোৰ আপোনাৰ ছালৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে। অৱশ্যে, এই ফেচ পেকটো আপোনাৰ মুখমণ্ডলত প্ৰয়োগ কৰাৰ আগতে পেচ পৰীক্ষা কৰিবলৈ পাহৰিব নালাগে।
(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)