ছুইডেনৰ অৰেব্ৰ’ চহৰৰ এখন বিদ্যালয় চৌহদত মঙলবাৰে (৪ ফেব্ৰুৱাৰী) সংঘটিত গুলীচালনাৰ ঘটনাত কমেও ১০ জন লোক নিহত হয় । এই ঘটনাক ছুইডেনৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ গণ গুলীচালনা হিচাপে লিপিবদ্ধ কৰা হৈছে । আৰক্ষীৰ মতে, গুলীচালনা কৰা বন্দুকধাৰীজনো নিহতসকলৰ ভিতৰত অন্যতম । অৰেব্ৰ’ চহৰৰ আৰক্ষী জিলাৰ মুৰব্বী ৰবাৰ্ট’ ফৰেষ্টৰ মতে, গুলীচালনাত কেইবাজনো লোকো আহত হৈছে যদিও তদন্ত অব্যাহত থকাৰ বাবে এতিয়াও সঠিক সংখ্যা নিৰ্ণয় কৰিব পৰা হোৱা নাই । আৰক্ষীয়ে এতিয়াও বিদ্যালয় চৌহদত আন সম্ভাৱ্য ভুক্তভোগীৰ সন্ধানত তালাচী অব্যাহত ৰাখিছে ।
আৰক্ষীৰ মতে, বন্দুকধাৰীজনে অকলে এই গুলীচালনা সংঘটিত কৰিছিল আৰু আক্ৰমণৰ পিছত তেওঁকো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে । বন্দুকধাৰীজনৰ কোনো অপৰাধজনিত গোচৰ নাছিল আৰু কোনো গেঙৰ সৈতে জড়িত নাছিল । সম্প্ৰতি আৰক্ষী আৰু চোৰাংচোৱাই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে যদিও বন্দুকধাৰীজনৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই ।
কেনেকৈ সংঘটিত হ’ল ঘটনা ?
বি বি চিৰ বাতৰি অনুসৰি, ষ্টকহ’মৰ পৰা ২০০ কিলোমিটাৰ পশ্চিমে অৱস্থিত অৰেব্ৰ’ৰ এখন স্কুল কেম্পাছত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় । স্থানীয় সময় অনুসৰি নিশা ১২:৩৩ বজাত আৰক্ষীয়ে এই গুলীচালনাৰ প্ৰথম খবৰ লাভ কৰে । প্ৰাথমিক বা মাধ্যমিক শিক্ষা সম্পূৰ্ণ নকৰাসকলক শিক্ষা প্ৰদান কৰা কমভাক্সৰ অন্তৰ্গত ৰিছবাৰ্গস্কা নামৰ এটা শিক্ষা কমপ্লেক্সত এই ঘটনা সংঘটিত হয় ।
নিহত আৰু আহত লোকৰ সংখ্যা-
এতিয়ালৈকে এই গুলীচালনাত কমেও ১০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে যদিও আৰক্ষীয়ে এই সংখ্যা সন্দৰ্ভত অধিক নিৰ্দিষ্ট তথ্য দিব নোৱাৰে বুলি প্ৰকাশ কৰিছে । বৃহৎ সংখ্যক লোক আহত হৈছে আৰু ছুইডেনৰ ন্যায় মন্ত্ৰীয়ে সংবাদমেলত কয় যে “আন বহু লোক আহত হৈছে” ।