শেহতীয়াকৈ ভাৰতীয় দলে ৫খনীয়া মেচৰ টি-২০ শৃংখলাত ইংলেণ্ডক ৪-১ ব্যৱধানত পৰাস্ত কৰিছে । এতিয়া দুয়োটা দলৰ মাজত ৩ খনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তুতিৰ বাবে এই ছিৰিজ অতি বিশেষ হ’ব । এনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এটা ডাঙৰ সিদ্ধান্ত লৈছে ।
তাৰকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে ব’ৰ্ডে । উল্লেখ্য যে বৰুণক অনুশীলনৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল । তেতিয়াৰ পৰাই ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে তেওঁক অন্তৰ্ভুক্ত কৰা হ’ব বুলি খবৰ ওলাইছিল ।
টি-২০ ছিৰিজত সৰ্বাধিক উইকেট-
বৰ্তমান ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ খেলি আছে । প্ৰথমে দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হয়, য’ত সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৪-১ ব্যৱধানত শৃংখলা জয় কৰে । এতিয়া ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত ৩ মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হব ।
ইংলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলাত বৰুণ চক্ৰৱৰ্তীয়ে সৰ্বাধিক উইকেট দখল কৰে । পাঁচখন টি-২০ মেচত ১৪টা উইকেট দখল কৰে তেওঁ । তেওঁৰ গড় ৯.৮৫ আছিল অতি উত্তম । এনে পৰিস্থিতিত বৰুণক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয় ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলাৰ সূচী-
১ম এদিনীয়া- ৬ ফেব্ৰুৱাৰী- নাগপুৰ
২য় এদিনীয়া – ৯ ফেব্ৰুৱাৰী – কটক
৩য় এদিনীয়া – ১২ ফেব্ৰুৱাৰী – আহমেদাবাদ
চেম্পিয়নছ ট্ৰফীৰ বাবে দলত স্থান পোৱাৰ সুযোগ-
চেম্পিয়নছ ট্ৰফীৰ বাবে দলত পৰিৱৰ্তন কৰাৰ শেষ তাৰিখ ১২ ফেব্ৰুৱাৰী । এনে পৰিস্থিতিত বৰুণৰ বাবে এতিয়াও সুযোগ আছে । ভাৰতীয় দলটোৰ তিনিজন ফিংগাৰ স্পীনাৰ আছে, ইয়াৰে দুজন বাওঁহাতৰ বলাৰ (ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেল) আৰু এজন হৈছে সোঁহাতৰ অফ স্পীনাৰ ৱাশ্বিংটন সুন্দৰ । আনহাতে ২০২৪ চনৰ অক্টোবৰ মাহত ক্ৰীড়া হাৰ্নিয়াৰ অস্ত্ৰোপচাৰৰ পিছত দললৈ উভতি আহিছে আন এজন স্পীনাৰ কুলদীপ যাদৱ ।
চেম্পিয়নছ ট্ৰফী দলৰ চাৰিজন স্পেচিয়েলিষ্ট স্পীনাৰৰ ভিতৰত এজনৰ ঠাইত বৰুণ চক্ৰৱৰ্তীয়ে স্থান লাভ কৰাৰ সম্ভাৱনা আছে । কুলদীপ যাদৱ বা ৱাশ্বিংটন সুন্দৰৰ ঠাইত তেওঁক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । চূড়ান্ত দল ঘোষণাৰ পূৰ্বে এই দুজনৰ যিকোনো এজনক দলৰ পৰা বাদ দি চক্ৰৱৰ্তীক অন্তৰ্ভুক্ত কৰিব পাৰে নিৰ্বাচকে । এদিনীয়াত চক্ৰৱৰ্তীয়ে কেনে প্ৰদৰ্শন আগবঢ়ায় তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব ।
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৬ জনীয়া ভাৰতীয় দল :
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী, অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী ।









