বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰে বহু প্ৰত্যাশিত কেন্দ্ৰীয় বাজেট ২০২৫ । শিক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় বাজেট ২০২৫ দাখিল কৰাৰ সময়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চিকিৎসা মহাবিদ্যালয়সমূহত অতিৰিক্ত আসন সংযোজন কৰা হ’ব । কিন্তু মেডিকেল কলেজত আসন সংযোজন কৰিলে কোনে বেছি লাভৱান হ’ব জানেনে ।
শিক্ষা খণ্ডৰ বাবে ডাঙৰ বাজেট-
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অৰ্থাৎ ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰে । বাজেটত ছাত্ৰ-ছাত্ৰীৰ বাবেও ডাঙৰ ডাঙৰ ঘোষণা কৰে নিৰ্মলা সীতাৰমণে । ইয়াৰ মাজতে তেওঁ কয় যে আই আই টিত ৬৫০০ আসন বৃদ্ধি কৰা হ’ব আৰু ৩টা এ আই চেণ্টাৰ মুকলি কৰা হ’ব । ইয়াৰ উপৰিও চিকিৎসা ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিত্ত মন্ত্ৰীগৰাকীয়ে । ৫ বছৰত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ বাহিৰেও এ আই শিক্ষাৰ বাবে ৫০০ কোটি টকাৰ বাজেট আছে ।
চিকিৎসা অধ্যয়ন-
দেশত চিকিৎসা শিক্ষাৰ বাবে সদায় প্ৰতিযোগিতা চলি থাকে । ইয়াৰ মূল কাৰণ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ অভাৱ । আনহাতে যদি কোনো ছাত্ৰই ব্যক্তিগতভাৱে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰে তেন্তে কোটি কোটি টকা খৰচ হয় । কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক ডাঙৰ সকাহ দিছে । আগন্তুক ৫ বছৰত ১০ হাজাৰ আসন বৃদ্ধিৰ কথা কৈছে তেওঁ । ইয়াৰ দ্বাৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা শিক্ষাৰ বাবে প্ৰস্তুতি চলাইছে আৰু ব্যক্তিগতভাৱে পঢ়া-শুনা কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব ।
দেশত কিমানখন মেডিকেল আসন আছে ?
উল্লেখ্য যে বৰ্তমান দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত মুঠ ১,১২,১১২ খন এম বি বি এছ আসন আছে, যাৰ বাবে প্ৰতি বছৰে নামভৰ্তিৰ বাবে তীব্ৰ প্ৰতিযোগিতা হয় । এই আসনসমূহত নামভৰ্তি NEET পৰীক্ষাৰ জৰিয়তে দিয়া হয় । মোদী চৰকাৰ অহাৰ পূৰ্বে ২০১৪ চনলৈকে মুঠ এম বি বি এছৰ আসনৰ সংখ্যা আছিল ৫,১৩৪৮খন । ২০১৪ চনলৈকে দেশত মুঠ ৩৮৭খন চিকিৎসা মহাবিদ্যালয় আছিল ।
ইয়াৰ বাহিৰেও ২০২৪ চনৰ জুলাই পৰ্যন্ত তথ্য অনুসৰি এতিয়া দেশৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৭৩১ খন । একেদৰে মেডিকেলতো স্নাতকোত্তৰ আসন বৃদ্ধি কৰা হৈছে । ২০১৪ চনলৈকে মুঠ স্নাতকোত্তৰ আসনৰ সংখ্যা আছিল ৩১১৮৫ খন, আনহাতে ২০২৪ চনৰ জুলাই মাহলৈকে এই আসনৰ সংখ্যা ৭২৬২৭ লৈ বৃদ্ধি পাইছে । কিন্তু এতিয়া পুনৰ চিকিৎসাৰ আসন বৃদ্ধিৰ লগে লগে ইয়াৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব ।
কোন ৰাজ্য লাভৱান হ’ব ?
এতিয়া প্ৰশ্ন হয় চিকিৎসাৰ আসন বৃদ্ধিৰ ফলত কোন ৰাজ্যই সৰ্বাধিক লাভৱান হ’ব । তথ্য অনুসৰি কেন্দ্ৰীয় পৰ্যায়ত সকলো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা লাভ কৰিব । এইমছ আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাব MBBS আৰু PG ৰ আসনৰ সংখ্যা । যাৰ বাবে সকলো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঢ়াৰ সুবিধা লাভ কৰিব ।