ভাৰতত এনে এখন ৰাজ্য আছে যিখন ৰাজ্যত ভাৰতীয় বায়ু সেনাই কৰিছিল আক্ৰমণ। কিন্তু কোনখন ৰাজ্যত, কিয় নিজ দেশৰ সামৰিক বাহিনীয়ে কৰিছিল এই আক্ৰমণ ?
১৯৬৬ চনৰ ৪ মাৰ্চত ভাৰতীয় বায়ু সেনাই মিজোৰামৰ ৰাজধানী আইজলত আক্ৰমণ সংঘটিত কৰে। কিন্তু কিয় ?
১৯৬৬ চনত মিজোৰামত ভয়ংকৰ দুৰ্ভিক্ষই দিছিল। দুৰ্ভিক্ষৰ ফলত দিশহাৰা হৈ পৰিছিল মিজোৰাম। যাৰবাবে মিজোৰামে অসম চৰকাৰৰ সহায় বিচাৰিছিল। কিন্তু অসম চৰকাৰে সহায় কৰিবলৈ অমান্তি প্ৰকাশ কৰিলে মিজোৰামক। অসমৰ এনে প্ৰত্যুত্তৰ পোৱাৰ পিছতে মিজোৰামত আৰম্ভ হ’ল বিক্ষোভ। উত্থাপন কৰিলে স্বাধীনতা মিজোৰামৰ প্ৰস্তাৱ। কিয়নো মিজোৰামৰ সেইমিজোৰামৰ ৰাজনৈতিক দল মিজো নেশ্যনেল ফ্ৰন্টে স্বাধীন মিজোৰামৰ দাবী কৰি অসম ৰাইফলছৰ ঘাটীত আক্ৰমণ কৰে আৰু ভাৰতীয় পতাকা আঁতৰাই আঁৰিলে নিজৰ পতাকা।
এই কাৰ্য সংঘটিত হোৱাৰ ৪ দিন পিছত মিজোৰামৰ ৰাজধানী আইজলত সংঘটিত হ’ল আক্ৰমণৰ ঘটনা। ভয়ংকৰ বোমাবৰ্ষণে কঁপাই আইজলৰ বহু প্ৰান্ত। যি আক্ৰমণ সংঘটিত কৰিছিল ভাৰতীয় বায়ু সেনাই। সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আদেশতেই ভাৰতীয় বায়ু সেনাই এই আক্ৰমণ সংঘটিত কৰে। ইয়াৰ কাৰণ আছিল মিজোৰামত চলি থকা বিদ্ৰোহ। যাৰ ফলত সেই বিদ্ৰোহ কিছু পৰিমাণে নিয়্ন্ত্ৰণ হৈছিল। এই কাণ্ডৰ পিছতেই ইন্দিৰা গান্ধী আৰু বায়ু সেনা তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।