৫ ফেব্ৰুৱাৰীত ৰাজধানী দিল্লীত বিধানসভা নিৰ্বাচন অনুস্থিত হ’ব। যাৰ বাবে দিল্লীত ৰাজনীতি তুংগত আছে। আজি বিজেপিয়ে এখন জন সভাত আম আদমী পাৰ্টিক লক্ষ্য কৰি লোৱাৰ লগতে, কংগ্ৰেছৰ সভাটো ৰাহুল গান্ধীৰ ভাষণত কেজৰিৱাল আৰু আপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
ইফালে, আম আদমী পাৰ্টীয়ে দাবী কৰিছে যে দিল্লীৰ কাপুৰথালাত অৱস্থিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ঘৰত তালাচী চলাবলৈ ইচিৰ এটা দল উপস্থিত হৈছে।
জানিব পৰা মতে নগদ ধন বিতৰণৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ এটা দল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাসগৃহত উপস্থিত হৈছে।

নগদ বিতৰণৰ বিষয়ে চি ভিজিল এপত এটা অভিযোগ প্ৰাপ্ত হৈছিল য’ত কোৱা হৈছিল যে ইয়াত নগদ ধন বিতৰণ কৰা হৈছে। নিৰ্বাচন আয়োগ আৰু দিল্লী আৰক্ষীৰ বিষয়াসকল কাপুৰথালা হাউচৰ বাহিৰত থিয় হৈ আছে।
নিৰ্বাচন আয়োগৰ দলটোৱে কাপুৰথালা হাউচত অভিযান চলাবলৈ দাবী জনাইছে। অৱশ্যে, ঘৰত প্ৰৱেশ কৰাৰ অনুমতি এতিয়াও দিয়া হোৱা নাই। নিৰ্বাচন আয়োগৰ দলটোৱে পঞ্জাৱ আৰক্ষী বিষয়াসকলৰ সৈতে কথা পাতি আছে।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও অভিযানটোৰ বিষয়ে অৱগত কৰিবলৈ সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে। তেওঁ লিখিছিল- আজি দিল্লী আৰক্ষীৰ সৈতে নিৰ্বাচন আয়োগৰ এটা দল মোৰ বাসগৃহ কাপুৰথালা হাউচত অভিযান চলাবলৈ উপস্থিত হৈছে।
বিজেপিৰ সদস্যসকলে দিল্লীত মুকলিকৈ ধন বিতৰণ কৰি আছে, কিন্তু দিল্লী আৰক্ষী আৰু নিৰ্বাচন আয়োগে একো দেখা নাই।
এই সকলোবোৰৰ ওপৰত কোনো ব্যৱস্থা লোৱা হোৱা নাই। এক প্ৰকাৰে, দিল্লী আৰক্ষী আৰু নিৰ্বাচন আয়োগে বিজেপিৰ নিৰ্দেশত পাঞ্জাৱীসকলক বদনাম কৰিছে, যিটো অতি নিন্দনীয়।
ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়েও সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি এই অভিযানৰ বিষয়ে অৱগত কৰিছে। তেওঁ লিখিছে যে দিল্লী আৰক্ষী ভগৱন্ত মানৰ ঘৰত অভিযান চলাবলৈ উপস্থিত হৈছে।
বিজেপিৰ সদস্যসকলে দিনৰ পোহৰত ধন, জোতা আৰু কম্বল বিতৰণ কৰি আছে-সেয়া লক্ষ্য কৰা নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অভিযান চলাই।দিল্লীৰ মানুহে ৫ তাৰিখে সঁহাৰি দিব!