বিৰাট কোহলীৰ বাবে বিগত বৰ্ষটো অত্যন্ত হতাশাজনক আছিল । কোনো ছিৰিজতে তেওঁ আশাব্যঞ্জক প্ৰদৰ্শন কৰিব পৰা নাছিল । একে সময়তে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত তেওঁ শোচনীয় প্ৰদৰ্শন কৰিছিল । সমগ্ৰ ছিৰিজখনত তেওঁ মাত্ৰ ২৩.৭৫ গড়ে মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল । এনে পৰিস্থিতিত নিজৰ ফৰ্ম পুনৰ উদ্ধাৰ কৰিবলৈ আৰু শক্তিশালী প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ ৰঞ্জি ট্ৰফীৰ ফালে মুখ কৰিছে ।
৩০ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰেলৱেৰ বিৰুদ্ধে খেলখনত দিল্লী দলে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰিবলৈ বাছি লৈছে । দিল্লীৰ মূল একাদশত কোহলীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । অৰ্থাৎ ১৩ বছৰৰ পাছত তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে কোহলীয়ে ২০১২ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে শেষৰখন ৰঞ্জী মেচ খেলিছিল ।
কিমান নম্বৰত বেটিং কৰিব কোহলীয়ে ?
টিম ইণ্ডিয়াৰ হৈ টেষ্টত ৪ নম্বৰ স্থানত বেটিং কৰে বিৰাট কোহলীয়ে । শেষৰখন ৰঞ্জী মেচতো তেওঁ একে নম্বৰত বেটিং কৰিবলৈ আহিছিল । দিল্লী দলৰ অধিনায়ক আয়ুষ বদোনীয়ে ৰে’লৱেৰ বিৰুদ্ধেও একে নম্বৰতে কোহলীক বেটিং কৰা দেখা যাব বুলি কয় ৷ এই প্ৰতিযোগিতাত কোহলীয়ে শেষবাৰৰ বাবে ২০১২ চনত খেলিছিল । এই মেচত ৪ নম্বৰত বেটিং কৰি ১৪ আৰু ৪৩ ৰান সংগ্ৰহ কৰিছিল তেওঁ । এইখন হ’ব কোহলীৰ ২৪ সংখ্যক ৰঞ্জী মেচ । ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাত ২৩খন মেচ খেলি ৫০.৭৭ গড়ে ১৫৭৪ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ৫টা শতকো অৰ্জন কৰে ।
ইফালে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামৰ ভিতৰত আৰু বাহিৰত কোহলীক চাবলৈ বিপুল জনসমাগম দেখা গৈছে । এই সময়ছোৱাত তাৰকা বেটছমেনজনক চাবলৈ অনুৰাগীৰ মাজত হেতাউপৰা লগা পৰিলক্ষিত হয় । একে সময়তে ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হৈ আছে য’ত তেওঁক চাবলৈ ২ কিলোমিটাৰ পৰ্যন্ত অনুৰাগীৰ দীঘল লাইন লাগিছে ।