ভাৰতীয় দলৰ তাৰকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । এই মেচখনত বৰুণে মুঠ ৫টা উইকেট দখল কৰি এই অভিলেখ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে (২৮ জানুৱাৰী) ৰাজকোটৰ নিৰঞ্জন শ্বাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । মেচখনত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে বিধ্বংসী বলিং প্ৰদৰ্শন কৰে ।
𝘿𝙊 𝙉𝙊𝙏 𝙈𝙄𝙎𝙎!
— BCCI (@BCCI) January 28, 2025
4⃣ Overs
2⃣4⃣ Runs
5⃣ Wickets
Varun Chakaravarthy show all the way through in Rajkot! 🪄 🔝
Relive his five-wicket haul 🎥 🔽#TeamIndia | #INDvENG | @chakaravarthy29 | @IDFCFIRSTBankhttps://t.co/0NXFuidvXP
শৃংখলাত ১০টা উইকেট দখল কৰা প্ৰথমজন বলাৰ-
মেচখনত বৰুণে ২৪ ৰাণ খৰছ কৰি সৰ্বাধিক ৫টা উইকেট দখল কৰে । ইয়াৰ লগে লগে তেওঁ ইতিহাস সৃষ্টি কৰে । ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিপাক্ষিক টি-২০ শৃংখলাত ১০টা বা তাতকৈ অধিক উইকেট দখল কৰা বৰুণ এতিয়া প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে । এই ক্ষেত্ৰত তেওঁ ভাৰতীয় স্পীনাৰ যুজবেন্দ্ৰ চাহালক অতিক্ৰম কৰিছে ।
ইয়াৰ পূৰ্বে যুজবেন্দ্ৰ চাহালে শৃংখলাত সৰ্বাধিক ৮টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । এইদৰে তেওঁ এতিয়া পিছ পৰি ৰৈছে । আনহাতে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত ইংৰাজ দলৰ হৈ ছিৰিজত সৰ্বাধিক ৮টা উইকেট লোৱাৰ অভিলেখ ক্ৰীছ জৰ্ডানৰ নামত আছে ।
শৃংখলাত বৰুণৰ প্ৰদৰ্শন-
ইয়াৰ পূৰ্বে বৰুণে চলিত শৃংখলাৰ প্ৰথম দুখন মেচত মুঠ ৫টা উইকেট দখল কৰিছিল । এইদৰে তৃতীয় টি-২০ মেচত পঞ্চম উইকেট দখল কৰি বৰুণে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় । শৃংখলাৰ প্ৰথমখন কলকাতা টি-২০ মেচত বৰুণে ২৩ ৰানত ৩টা উইকেট দখল কৰিছিল । আনহাতে চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন মেচত তেওঁ ৩৮ ৰানত ২টা উইকেট দখল কৰে ।