আই চি চিয়ে ২০২৪ বৰ্ষৰ বাবে বিভিন্ন শিতানত বঁটা ঘোষণা কৰিছে । ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল, যেতিয়া পুৰুষ আৰু মহিলা শাখাৰ শ্ৰেষ্ঠ টি-২০ আৰু এদিনীয়া দল ঘোষণা কৰা হৈছিল । ইয়াৰ পিছত আই চি চিয়ে ব্যক্তিগত শাখাত বিজয়ীসকলৰ নামো ঘোষণা কৰে । এতিয়ালৈকে আই চি চিয়ে তিনিওটা ফৰ্মেটতে ১২টা ব্যক্তিগত বঁটা আৰু পাঁচটা শ্ৰেষ্ঠ দল ঘোষণা কৰিছে ।
ৰেচেল হেহো ফ্লিণ্ট ট্ৰফী (২০২৪ চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ): আমেলিয়া কেৰ
২৪ বছৰীয়া আমেলিয়াই এই বঁটাৰ বাবে এল উলভাৰ্ড, চামাৰী আটাপাট্টু আৰু এনাবেল চাথাৰলেণ্ডক অতিক্ৰম কৰে । আমেলিয়া কেৱল ৰেচেল হেইহ’ ফ্লিণ্ট ট্ৰফী লাভ কৰা নিউজী৪লেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ নহয়, যিকোনো শাখাতে আই চি চিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী কিৱি খেলুৱৈও । আমেলিয়াৰ পূৰ্বে মাত্ৰ তিনিজন খেলুৱৈকহে দিয়া হৈছিল এই বঁটা । ইয়াৰ ভিতৰত আছে অষ্ট্ৰেলিয়াৰ এলিছ পেৰী, ভাৰতৰ স্মৃতি মন্ধানা আৰু ইংলেণ্ডৰ নাট চেভেভাৰ ব্ৰুণ্ট । তিনিওগৰাকীয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে ।
২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ : যশপ্ৰীত বুমৰাহ
২০২৪ বৰ্ষৰ বাবে আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ বঁটা লাভ কৰে ভাৰতৰ যশপ্ৰীত বুমৰাহে । এই বঁটা ২০০৪ চনত আৰম্ভ কৰা হৈছিল । অষ্ট্ৰেলিয়া আৰু ভাৰতে সৰ্বাধিক ছজনকৈ খেলুৱৈএ আই চি চিৰ টেষ্ট ক্ৰিকেটাৰ বঁটা লাভ কৰিছে । প্ৰথম বিজয়ী ভাৰতৰ ৰাহুল দ্ৰাবিড় । একে সময়তে দুবাৰকৈ এই সন্মান লাভ কৰা একমাত্ৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথ । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাহিৰেও ইংলেণ্ডৰ তিনিগৰাকী খেলুৱৈ আৰু দক্ষিণ আফ্ৰিকাৰ দুগৰাকী খেলুৱৈয়ে এই বঁটা লাভ কৰিছে । এই তালিকাত আছে পাকিস্তান আৰু শ্ৰীলংকাৰ এজনকৈ ক্ৰিকেটাৰ । ইয়াৰ পূৰ্বে বুমৰাহ, দ্ৰাবিড়, গম্ভীৰ, ছেহৱাগ, অশ্বিন আৰু কোহলীয়ে এই বঁটা লাভ কৰিছে ।
২০২৪ চনৰ শ্ৰেষ্ঠ মহিলা এদিনীয়া ক্ৰিকেটাৰ : স্মৃতি মন্ধানা
ভাৰতীয় মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাক আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ মহিলা এদিনীয়া ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয় । মন্ধানাই যোৱা বছৰ সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ১৩ খন খেলত ৭৪৭ ৰাণ সংগ্ৰহ কৰিছিল । এইটো এটা কেলেণ্ডাৰ বৰ্ষত তেওঁৰ দ্বাৰা সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ আছিল । মন্ধানাই এই সময়ছোৱাত ৫৭.৮৬ গড় আৰু ৯৫.১৫ ষ্ট্ৰাইক ৰেটত বেটিং কৰিছিল । মন্ধানাই এই সময়ছোৱাত চাৰিটা এদিনীয়া শতক অৰ্জন কৰিছিল, যিটো মহিলাসকলৰ মাজত এক অভিলেখ ।
২০২৪ চনৰ শ্ৰেষ্ঠ পুৰুষ এদিনীয়া ক্ৰিকেটাৰ : আজমাতুল্লাহ ওমৰজাই
আফগানিস্তানৰ অল ৰাউণ্ডাৰ আজমাতুল্লাহ ওমৰজাইক আই চি চিৰ পুৰুষৰ এদিনীয়া শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে । দ্রুত বলিং আৰু বেটিঙৰ জৰিয়তে ওমৰজাই বহুখিনি আপ্লুত কৰিছে ৷ ২৪ বছৰীয়া ওমৰজাই কেৱল এদিনীয়া খেলতে নহয়, টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু ফ্ৰেঞ্চাইজি ক্ৰিকেটতো আধিপত্য বিস্তাৰ কৰিছে । অৱশ্যে এদিনীয়া মেচত তেওঁৰ প্ৰদৰ্শন আছিল উৎকৃষ্ট । ২০২৪ চনত আফগানিস্তানে পাঁচখন এদিনীয়া শৃংখলাৰ ভিতৰত চাৰিটাকৈ জয়লাভ কৰিছিল । আফগান খেলুৱৈ ওমৰজাইয়ে বছৰৰ শ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন আফগান খেলুৱৈ । ২০২০ চনত ৰছিদ খানক দশকৰ শ্ৰেষ্ঠ টি-২০ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল ।
২০২৪ চনৰ শ্ৰেষ্ঠ উদীয়মান মহিলা ক্ৰিকেটাৰ: এনেৰী ডাৰ্কচেন
দক্ষিণ আফ্ৰিকাৰ এন্নেৰী ডাৰ্কচেনক ২০২৪ চনৰ আই চি চিৰ উদীয়মান মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে । ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ট্ৰাই ছিৰিজৰ সময়ত ডাৰ্কচেনে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় । ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই । ২০২৪ চনত এদিনীয়া আৰু টেষ্টত অভিষেক ঘটা ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে নিজকে এগৰাকী উন্নত অলৰাউণ্ডাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে । ২০২৪ চনত ডাৰ্কচেনে ১৭খন টি-২০ত ১৬১ ৰান সংগ্ৰহ কৰি ৫টা উইকেট দখল কৰে । একে সময়তে তেওঁ দুখন টেষ্টত ৬০ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰেও তেওঁ চাৰিখন এদিনীয়াত ৭০ ৰান সংগ্ৰহ কৰি ৬টা উইকেট দখল কৰে ।
২০২৪ চনৰ শ্ৰেষ্ঠ উদীয়মান পুৰুষ ক্ৰিকেটাৰ: কামিন্দু মেণ্ডিছ
শ্ৰীলংকাৰ তাৰকা অল-ৰাউণ্ডাৰ কামিন্দু মেণ্ডিছক ২০২৪ চনৰ উদীয়মান খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে । তিনিওটা ফৰ্মেটতে আপ্লুত কৰিছিল মেণ্ডিছে । যোৱা বছৰ টেষ্ট ফৰ্মেটত তেওঁ দলৰ হৈ সৰ্বোত্তম প্ৰদৰ্শন কৰিছিল । মেণ্ডিছে যোৱা বছৰ ৯খন টেষ্টত ১০৪৯ ৰান সংগ্ৰহ কৰি ৫টা শতক আৰু তিনিটা অৰ্ধশতকৰে গড়ে ৭৪.৯২ ৰান সংগ্ৰহ কৰিছিল । ২০২৪ চনত টেষ্টত ১০০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিব পৰা ছজন বেটছমেনৰ ভিতৰত তেওঁ অন্যতম ।
আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ মহিলা সহযোগী ক্ৰিকেটাৰ: ইশা ওজা
আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ পুৰুষৰ সহযোগী ক্ৰিকেটাৰ: জেৰাৰ্ড ইৰাছমাছ
আই চি চিৰ বছৰৰ আম্পায়াৰ: ৰিচাৰ্ড ইলিংৱৰ্থ
২০২৪ চনৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ: অৰ্শদীপ সিং
ভাৰতীয় দলৰ বেগী বলাৰ অৰ্শদীপ সিঙে ২০২৪ চনৰ আই চি চিৰ শ্ৰেষ্ঠ পুৰুষৰ টি-২০ খেলুৱৈ হিচাপে পৰিগণিত হয় । যোৱা বছৰ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে আয়োজন কৰা টি-২০ বিশ্বকাপত অৰ্শদীপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ভাৰতক খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । শেহতীয়াকৈ অৰ্শদীপ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ সফল বলাৰ হিচাপে পৰিগণিত হৈছে ।
২০২৪ চনৰ শ্ৰেষ্ঠ পুৰুষৰ টি-২০ দল
২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষৰ দলত চাৰিগৰাকী ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হৈছে যদিও বিৰাট কোহলী বা বৰ্তমানৰ টি-২০ৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱৰ নাম নাই । দুয়োজনেই যোৱা বছৰ টি-২০ বিশ্বকাপ জয় কৰা দলটোৰ অংশ আছিল । একে সময়তে দলটোৰ কমাণ্ড বিশ্ব চেম্পিয়ন অধিনায়ক ৰোহিত শৰ্মাৰ হাতত অৰ্পণ কৰা হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত আৰু বিৰাটে ।
২০২৪ চনৰ আই চি চি টি-২০ আই পুৰুষৰ শ্ৰেষ্ঠ দল : ৰোহিত শৰ্মা (অধিনায়ক) (ভাৰত), ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া), ফিল ছল্ট (ইংলেণ্ড), বাবৰ আজম (পাকিস্তান), নিকোলাছ পুৰাণ (উইকেটকীপাৰ), চিকন্দৰ ৰাজা (জিম্বাবুৱে), হাৰ্দিক পাণ্ডিয়া (ভাৰত), ৰছিদ খান (আফগানিস্তান), ৱানন্দু হাছাৰংগা (শ্ৰীলংকা), যশপ্ৰীত বুমৰাহ (ভাৰত) আৰু অৰ্শদীপ সিং (ভাৰত) ।
২০২৪ চনৰ আই চি চিৰ মহিলা টি-২০ দল : এল উলভাৰ্ড (অধিনায়ক) (দক্ষিণ আফ্ৰিকা), মাৰিজান কাপ (দক্ষিণ আফ্ৰিকা), স্মৃতি মন্ধানা (ভাৰত), ৰিচা ঘোষ (উইকেটকীপাৰ) (ভাৰত), দীপ্তি শৰ্মা (ভাৰত); চামাৰী আটাপট্টু (শ্ৰীলংকা); হেলি মেথিউছ (ৱেষ্ট ইণ্ডিজ); নেট চেৱাৰ্ড-ব্ৰাণ্ট (ইংলেণ্ড); মেলি কাৰ (অষ্ট্ৰেলিয়া), অৰ্লা প্ৰেণ্ডাৰগাষ্ট (আয়াৰলেণ্ড) আৰু ছাদিয়া ইকবাল (পাকিস্তান)।
২০২৪ চনৰ আই চি চিৰ বছৰৰ টেষ্ট দল : পেট কামিন্স (অধিনায়ক) (অষ্ট্ৰেলিয়া), যশস্বী জয়ছোৱাল (ভাৰত), বেন ডাকেট (ইংলেণ্ড), কেন উইলিয়ামছন (নিউজীলেণ্ড), জো ৰুট (ইংলেণ্ড), হেৰী ব্ৰুক (ইংলেণ্ড), কামিণ্ডু মেণ্ডিছ (শ্ৰীলংকা) ), জেমী স্মিথ (উইকেটকীপাৰ) (ইংলেণ্ড), ৰবীন্দ্ৰ জাডেজা (ভাৰত), মেট হেনৰী (নিউজীলেণ্ড), যশপ্ৰীত বুমৰাহ (ভাৰত) ।
২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া দল: স্মৃতি মন্ধানা (ভাৰত), এল উলভাৰ্ড (অধিনায়ক) (দক্ষিণ আফ্ৰিকা), চামাৰী আটাপাট্টু (শ্ৰীলংকা), হেলি মেথিউছ (ৱেষ্ট ইণ্ডিজ), মাৰিজান কাপ (দক্ষিণ আফ্ৰিকা), এছলি গাৰ্ডনাৰ ( অষ্ট্ৰেলিয়া ), এনাবেল চাথাৰলেণ্ড (অষ্ট্ৰেলিয়া), এমি জোনছ (উইকেটকীপাৰ) (ইংলেণ্ড), দীপ্তি শৰ্মা (ভাৰত), ছফী এক্লেষ্টোন (ইংলেণ্ড), কেট ক্ৰছ (ইংলেণ্ড)।
২০২৪ চনৰ আই চি চিৰ পুৰুষৰ এদিনীয়া দল : চৰিথ আছালংকা (অধিনায়ক) (শ্ৰীলংকা), ছেম আয়ুব (পাকিস্তান), ৰহমানুল্লাহ গুৰবাজ (আফগানিস্তান), পথুম নিছাংকা (শ্ৰীলংকা), কুছাল মেণ্ডিছ (উইকেটকীপাৰ) (শ্ৰীলংকা), শ্বাৰফানে ৰাদাৰফোৰ্ড ( ৱেষ্ট ইণ্ডিজ), আজমাতুল্লাহ ওমৰজাই (আফগানিস্তান), ৱানন্দু হাছাৰাংগা (শ্ৰীলংকা), শ্বাহীন শ্বাহ আফ্ৰিদি (পাকিস্তান), হাৰিছ ৰাউফ (পাকিস্তান), এ এম গাজানফৰ (আফগানিস্তান) ।