চলিত শৃংখলাৰ তৃতীয়খন টি-২০ মেচৰ বাবে সাজু হৈছে ভাৰত আৰু ইংলেণ্ডৰ দল । ৰাজকোট খেলপথাৰত কিছু সময়ৰ পাছতে দুয়োটা দলৰ অধিনায়কে টছৰ বাবে খেলপথাৰত নামিব । এই মেচখন ইংৰাজ দলৰ বাবে হ’ব প্ৰত্যাহ্বানজনক । বৰ্তমান ৫ খনীয়া মেচৰ টি-২০ শৃংখলাটোত ভাৰতে ২-০ ব্যৱধানত আগবাঢ়ি আছে । প্ৰথমে কলকাতাত ইংলেণ্ডক পৰাস্ত কৰে টিম ইণ্ডিয়াই । ইয়াৰ পিছত চেন্নাইত আলহী দলক ধূলিস্যাৎ কৰে ভাৰতে । ইয়াৰ পিছত এতিয়া ৰাজকোটত জয়লাভৰ বাবে মৰণপণ যুঁজত নামিব ইংৰাজ দল ।
ইফালে ৰাজকোটতো জয় টিম ইণ্ডিয়াৰ হাতত আছে বুলি অনুমান কৰা হৈছে । ভাৰতীয় দলটোৱে এই খেলপথাৰত এতিয়ালৈকে মুঠ ৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে, য’ত টিম ইণ্ডিয়াই ৪ বাৰ জয়লাভ কৰিছে । এই মেচত ভাৰতীয় দলৰ প্লেয়িং একাদশৰ পৰিৱৰ্তন হ’ব পাৰে । তাৰকা বলাৰ মহম্মদ ছামীয়ে টিম ইণ্ডিয়ালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ।