সোমবাৰে ৱাকফ সংশোধনী আইন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত ৪৪টা সংশোধনীৰ ওপৰত আলোচনা কৰা হয় । বৈঠকত বিজেপি নেতৃত্বাধীন এন ডি এৰ সাংসদৰ সংশোধনী গ্ৰহণ কৰাৰ বিপৰীতে বিৰোধীৰ সংশোধনী সম্পূৰ্ণৰূপে নাকচ কৰা হয় ।
সংসদীয় সমিতিৰ মুৰব্বী বিজেপি সাংসদ জগদম্বিকা পালে এন ডি এৰ সাংসদসকলে উত্থাপন কৰা ১৪টা সংশোধনী গ্ৰহণ কৰাৰ বিপৰীতে বিৰোধীয়ে উত্থাপন কৰা সকলো সংশোধনী নাকচ কৰা বুলি মন্তব্য কৰে ।
সমিতিখনে প্ৰস্তাৱ কৰা এটা ডাঙৰ সংশোধনী আছিল যে বৰ্তমানৰ ৱাকফৰ সম্পত্তিৰ ওপৰত ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ৰ ভিত্তিত প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি ।
আজি সমিতিৰ বৈঠকত অনুষ্ঠিত হোৱা ভোটদানত শাসকীয় চৰকাৰৰ ১৬ জন সাংসদে এই সংশোধনীৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১০জন বিৰোধী সদস্যই বিৰোধীভাৱে ভোটদান কৰে। বিৰোধীৰ সংশোধনীত বিধেয়কখনৰ ৪৪টা দফাত বিৰোধীৰ আপত্তি আছিল যদিও সেইবোৰ নাকচ কৰা হয়।
জে পি চিয়ে কয় যে তেওঁলোকৰ খচৰা প্ৰতিবেদন ২৮ জানুৱাৰীত প্ৰচাৰ কৰা হ’ব, আনহাতে ২৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ’ব ।
এই বৈঠকৰ অন্তত টি এম চিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে আজি তেওঁলোকে যি সিদ্ধান্ত লৈছিল সেয়া কৰিলে । তেওঁলোকে আমাক কথা ক’বলৈও সময় নিদিলে । কোনো নিয়ম বা পদ্ধতি মানি চলা নহ’ল ।
বিধেয়কখনক লৈ বিতৰ্ক-
৮ আগষ্টত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ লগে লগে এই সমিতি গঠন কৰা হৈছিল । বিৰোধী দলসমূহে এই বিধেয়কত প্ৰস্তাৱিত সংশোধনীক মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰা বুলি তীব্ৰ সমালোচনা কৰে । একে সময়তে শাসকীয় বিজেপিয়ে কয় যে এই সংশোধনীসমূহে ৱাকফ ব’ৰ্ডৰ কাম-কাজত স্বচ্ছতা আনিব আৰু তেওঁলোকক জবাবদিহি কৰিব ।