“কোনো মছজিদ ধ্বংস কৰা নহয়” ৱাকফ সংশোধনী বিধেয়কক লৈ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদৰ ডাঙৰ মন্তব্য

সংসদৰ দুয়োটা সদনত গৃহীত হোৱা ৱাকফ বিধেয়কখন এতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰৰ পিছত আইনত পৰিণত হ’ব। ৱাকফ বিধেয়ক সন্দৰ্ভত বিজেপি সাংসদ ৰবি শংকৰ প্ৰসাদে এটা ডাঙৰ মন্তব্য কৰিছে।

তেওঁ কৈছে যে লোকসভা আৰু ৰাজ্যসভাত উত্তপ্ত বিতৰ্কৰ অন্তত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়কখনে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক উপকৃত কৰিব আৰু স্বচ্ছতা নিশ্চিত কৰা হ’ব।আইন মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে কোনো মছজিদ, পূজাস্থলী বা কবৰস্থান স্পৰ্শ কৰা নহ’ব।

তেওঁ কয় যে এই বিধেয়কখনে মুছলমান মহিলাসকলক সবল কৰি তুলিব লগতে সমাজৰ বিধৱা আৰু প্ৰান্তীয় সদস্যসকলক সহায় কৰিব।

প্ৰসাদে কয়, “ৱাকফ কোনো ধৰ্মীয় অনুষ্ঠান নহয়। ই এক আইনী বা বিধিগত প্ৰতিষ্ঠান…’মুত্তাৱালী’ মাত্ৰ এজন অধীক্ষক বা পৰিচালক হয়।”

সম্পত্তিৰ ওপৰত তেওঁৰ কোনো অধিকাৰ নাই, কাৰণ এবাৰ ৱাকফ হ’লে সম্পত্তি আল্লাহৰ ওচৰলৈ যায়।”

প্ৰসাদে কৈছিল যে ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৱাকফৰ সম্পত্তি আছে কিন্তু আপোনালোকো কওক তাত কিমানখন চিকিৎসালয়, বিশ্ববিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ বনোৱা হৈছে।

পৰিচালকে সম্পত্তিটো একে ধৰণে ব্যৱহাৰ কৰিছেনে যিদৰে ইয়াক উৎসৰ্গা কৰা ব্যক্তিজনে বিচাৰিছিল নে পকেটত সোমাই আছে?

এইটোৱেই প্ৰশ্ন আৰু ইয়াৰ ওপৰত এখন নাটক চলি আছে…মই আপোনালোকক কওঁ যে মোৰ ৰাজ্যৰ জনসাধাৰণ আৰু সমগ্ৰ দেশৰ জনসাধাৰণে (এই বিধেয়কখনৰ) শলাগ ল’ব।

স্বচ্ছতাৰ সন্দৰ্ভত তেওঁ কয় যে সকলো অনলাইনত উপলব্ধ হ’ব, ডিজিটাইজেচন হ’ব, কোনটো সম্পত্তি ক’ত আছে চাব পাৰিব, মুত্তাৱালী কোন, ৱাকিফ (সম্পত্তি উচৰ্গা কৰা ব্যক্তি)ৰ উদ্দেশ্য অনুসৰি কি বিশেষ সম্পত্তি ব্যৱহাৰ কৰা হৈছে। গতিকে, এতিয়া এই সকলোবোৰ কথা অতি স্বচ্ছ।

অথলে গ’ল কোটি কোটি মুছলমানৰ প্ৰতিবাদ; বিধানসভাৰ পিছত এইবাৰ ৰাজ্যসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক

শুকুৰবাৰে পুৱতি নিশা তীব্ৰ বিতৰ্কৰ অন্তত সংসদত ৱাকফ সংশোধনী বিধেয়কত অনুমোদন জনায়।লোকসভাত গৃহীত হোৱাৰ পাছত এতিয়া ৰাজ্যসভাতো গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক ২০২৫।

বিধেয়কখনৰ সপক্ষে ১২৮টা ভোট দিয়াৰ বিপৰীতে ৯৫জন সদস্যই বিপক্ষে ভোটদান কৰে।শেষ নিশা সদনত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যসভাৰ সাংসদসকলে।

বিধানসভাত গৃহীত হোৱাৰ পিছত এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যসভাত দীৰ্ঘ সময় ধৰি বিতৰ্ক চলিছিল।এই সময়ছোৱাত বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি বহু নেতাই নিজৰ সবল মতামত আগবঢ়ায়।

ৱাকফ আইন প্ৰণয়ন হ’বলৈ এতিয়া মাত্ৰ এখোজ দূৰত।এতিয়া এই বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব, তাৰ পৰা অনুমোদন পোৱাৰ পিছত ই আইনত পৰিণত হ’ব।

দৰাচলতে সংশোধিত ৱাকফ বিধেয়কৰ অধীনত ৱাকফ প্ৰতিষ্ঠানৰ ব’ৰ্ডলৈ বাধ্যতামূলক বৰঙণিৰ পৰিমাণ ৭ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

ইয়াৰ উপৰিও বাৰ্ষিক এক লাখ টকাতকৈ অধিক আয় থকা প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজ্যিক নিযুক্ত নিৰীক্ষকৰ দ্বাৰা বাধ্যতামূলক অডিটৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰিও প্ৰশাসনিক দক্ষতা আৰু স্বচ্ছতা বৃদ্ধিৰ বাবে ৱাকফৰ সম্পত্তি ব্যৱস্থাপনাৰ বাবে এটা স্বয়ংক্ৰিয় কেন্দ্ৰীভূত পৰ্টেল স্থাপন কৰা হ’ব।

সমাজবাদী পাৰ্টিৰ নেতা তথা ৰাজ্যসভাৰ সদস্য ৰাম গোপাল যাদৱে ৱাকফ সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰাৰ সময়ত ইয়াৰ বিৰোধিতা কৰে। তেওঁ কয় যে, চৰকাৰ উদাৰ হৈ থাকিব লাগে।

সকলো ধৰ্মকে সমান ব্যৱহাৰ কৰা উচিত। ভাৰতত মুছলমানৰ জনসংখ্যা অতি বৃহৎ। যদি মানুহে অনুভৱ কৰে যে ইমান বৃহৎ জনসংখ্যাৰ লগত অন্যায় কৰা হৈছে, তেন্তে এইটোৱে কাম নকৰিব।

ৰাজ্যসভাত ৱাকফ বিধেয়ক সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱাৰ পিছত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, ৱাকফ ব’ৰ্ড এটা বিধিগত সংস্থা আৰু ই ধৰ্মনিৰপেক্ষ হ’ব লাগে।

এই বিধেয়কখনৰ দ্বাৰা এজনো মুছলমান ক্ষতি নহ’ব।ইয়াৰ ফলত কোটি কোটি মুছলমান লাভৱান হ’বলৈ গৈ আছে।

ৱাকফ সংশোধনী বিধেয়কত অনুমোদন জে পি চিৰ…শাসকীয় দলৰ ১৪টা সংশোধনী গৃহীত

সোমবাৰে ৱাকফ সংশোধনী আইন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত ৪৪টা সংশোধনীৰ ওপৰত আলোচনা কৰা হয় । বৈঠকত বিজেপি নেতৃত্বাধীন এন ডি এৰ সাংসদৰ সংশোধনী গ্ৰহণ কৰাৰ বিপৰীতে বিৰোধীৰ সংশোধনী সম্পূৰ্ণৰূপে নাকচ কৰা হয় ।

সংসদীয় সমিতিৰ মুৰব্বী বিজেপি সাংসদ জগদম্বিকা পালে এন ডি এৰ সাংসদসকলে উত্থাপন কৰা ১৪টা সংশোধনী গ্ৰহণ কৰাৰ বিপৰীতে বিৰোধীয়ে উত্থাপন কৰা সকলো সংশোধনী নাকচ কৰা বুলি মন্তব্য কৰে ।

সমিতিখনে প্ৰস্তাৱ কৰা এটা ডাঙৰ সংশোধনী আছিল যে বৰ্তমানৰ ৱাকফৰ সম্পত্তিৰ ওপৰত ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ৰ ভিত্তিত প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি ।

আজি সমিতিৰ বৈঠকত অনুষ্ঠিত হোৱা ভোটদানত শাসকীয় চৰকাৰৰ ১৬ জন সাংসদে এই সংশোধনীৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১০জন বিৰোধী সদস্যই বিৰোধীভাৱে ভোটদান কৰে। বিৰোধীৰ সংশোধনীত বিধেয়কখনৰ ৪৪টা দফাত বিৰোধীৰ আপত্তি আছিল যদিও সেইবোৰ নাকচ কৰা হয়।

জে পি চিয়ে কয় যে তেওঁলোকৰ খচৰা প্ৰতিবেদন ২৮ জানুৱাৰীত প্ৰচাৰ কৰা হ’ব, আনহাতে ২৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ’ব ।

এই বৈঠকৰ অন্তত টি এম চিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে আজি তেওঁলোকে যি সিদ্ধান্ত লৈছিল সেয়া কৰিলে । তেওঁলোকে আমাক কথা ক’বলৈও সময় নিদিলে । কোনো নিয়ম বা পদ্ধতি মানি চলা নহ’ল ।

বিধেয়কখনক লৈ বিতৰ্ক-

৮ আগষ্টত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ লগে লগে এই সমিতি গঠন কৰা হৈছিল । বিৰোধী দলসমূহে এই বিধেয়কত প্ৰস্তাৱিত সংশোধনীক মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰা বুলি তীব্ৰ সমালোচনা কৰে । একে সময়তে শাসকীয় বিজেপিয়ে কয় যে এই সংশোধনীসমূহে ৱাকফ ব’ৰ্ডৰ কাম-কাজত স্বচ্ছতা আনিব আৰু তেওঁলোকক জবাবদিহি কৰিব ।