আজি সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰা হৈছে। নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁ আশা কৰে যে এই ৰাষ্ট্ৰীয় উৎসৱে সংবিধানৰ মূল্যবোধ ৰক্ষা কৰে আৰু এক শক্তিশালী,সমৃদ্ধ ভাৰত গঢ়ি তোলাৰ দিশত চলি থকা প্ৰচেষ্টাক অধিক শক্তিশালী কৰে।
ভাৰতে আজি ৭৬ তম গণতন্ত্ৰ দিৱস উদযাপন কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত গণতন্ত্ৰ দিৱস উদযাপনৰ নেতৃত্ব দিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট কৰিছিল। তেওঁৰ পোষ্টত তেওঁ কয়, “আপোনালোকক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো!

আজি আমি আমাৰ গৌৰৱময় গণৰাজ্যৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছো।এই উপলক্ষে আমি আমাৰ সংবিধান প্ৰস্তুত কৰা আৰু আমাৰ উন্নয়নৰ যাত্ৰা গণতন্ত্ৰ, মৰ্যাদা আৰু ঐক্যৰ ওপৰত আধাৰিত হোৱাটো নিশ্চিত কৰা সকলো মহান ব্যক্তিক অভিবাদন জনাইছো”।
তেওঁ লগতে কয় “এই ৰাষ্ট্ৰীয় উৎসৱে আমাৰ সংবিধানত সন্নিবিষ্ট মূল্যবোধবোৰ সংৰক্ষণ কৰক আৰু এক শক্তিশালী আৰু সমৃদ্ধ ভাৰত গঢ়ি তোলাৰ দিশত আমাৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰক ’’
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়াণ্টো এই বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত দেশৰ সামৰিক দক্ষতা আৰু সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হয়।
প্ৰকৃততে, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল, কিন্তু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতক এক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ঠিক ৭৫ বছৰ পূৰ্বে, আজিৰ দিনটোতেই ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল।