ইৰাকত বাল্য বিবাহ কাৰ্যকৰীভাৱে বৈধ কৰা হৈছে। ইয়াৰ অধীনত, দশক পুৰণি আইন সংশোধন কৰাৰ পিছত, ছোৱালীবোৰক এতিয়া ৯ বছৰ বয়সতে বিবাহ কৰাব পাৰে।
ইৰাকৰ এই পৰিৱৰ্তনৰ পিছত, ইয়াৰ ‘ধ্বংসাত্মক প্ৰভাৱ’ প্ৰতিহত কৰিবলৈও প্ৰতিবাদ আৰম্ভ হৈছে। দেশখনত বিবাহৰ পূৰ্বৰ নিম্নতম বয়স আছিল ১৮ বছৰ।
ইৰাকত, নতুন সংশোধনীয়ে ধৰ্মগুৰুসকলক বিবাহ, বিবাহ বিচ্ছেদ আৰু শিশু যত্নকে ধৰি পাৰিবাৰিক বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান কৰিছে।
আইনখনৰ অন্যতম বিশিষ্ট বিৰোধী অধিবক্তাই কৈছিল যে, “আমি ইৰাকত মহিলা আৰু শিশুৰ অধিকাৰৰ শেষত উপনীত হৈছো,” ।
এগৰাকী সংবাদকৰ্মীয়ে কৈছে যে -মহিলাসকলৰ ভাগ্য মৌলবীসকলৰ হাতত থকাটোৱে মোক এগৰাকী মহিলা হিচাপে মোৰ জীৱনলৈ অহা সকলো বোৰলৈ ভয় লাগিছে।
মহিলা অধিকাৰ গোটবোৰে এই আইনবোৰ গৃহীত হোৱাটো ভয়াৱহ বুলি বৰ্ণনা কৰিছে। ইৰাকত বিবাহৰ বয়স সলনি হোৱাৰ পিছত প্ৰতিবাদও আৰম্ভ হৈছে।
প্ৰদৰ্শনকাৰীসকলে কয় যে ই ইৰাকৰ ১৯৫৯ চনৰ ব্যক্তিগত স্থিতি আইনক দুৰ্বল কৰে, যি পাৰিবাৰিক আইন একত্ৰিত কৰে আৰু মহিলাসকলৰ বাবে সুৰক্ষা স্থাপন কৰে।
মানৱ অধিকাৰ কৰ্মী আৰু ইৰাকী মহিলা লীগৰ সদস্য ইণ্টিছাৰ আল-মায়ালীয়ে কয়, “ই শিশুৰ জীৱনৰ অধিকাৰ উলংঘা কৰে, আৰু বিবাহ বিচ্ছেদ, জিম্মা আৰু মহিলাৰ উত্তৰাধিকাৰৰ বাবে সুৰক্ষা প্ৰণালী ব্যাহত কৰিব।”
তেওঁ লগতে কৈছিল যে এই পৰিৱৰ্তনটোৱে “কম বয়সতে বিবাহ কৰা মহিলা আৰু ছোৱালীৰ অধিকাৰৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলাব।” “