ৰাতি নিমখীয়া, চিপচ আদি অস্বাস্থ্যকৰ বস্তু খাই ভাল পোৱা মানুহৰ ভিতৰত আপুনিও এজন নেকি ? যদি হয়, তেন্তে আমি আপোনাক কওঁ যে এই কাম আপোনাৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে । গভীৰ নিশা কিছুমান বিশেষ বস্তু খালে বদহজম, টোপনিৰ সমস্যা আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে ।
কিছুমান গৱেষণাৰ মতে আমাৰ শৰীৰে চাৰ্কেডিয়ান ৰিদমৰ ওপৰত কাম কৰে, যিটো ২৪ ঘণ্টীয়া চক্ৰ যিয়ে টোপনি, বিপাকীয় ক্ৰিয়া আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । বিশেষকৈ যেতিয়া আপুনি অলপ সময়ৰ বাবে শুবলৈ ওলাইছে তেতিয়া ভুল সময়ত খাদ্য গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্য আৰু টোপনিৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পৰে । গতিকে জানক আপুনি গভীৰ নিশা কোনবোৰ বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে-
কেফেইনযুক্ত খাদ্য– কফি, চাহ, আৰু এনাৰ্জি ড্ৰিংকছত কেফেইন থাকে, যিয়ে আমাৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গভীৰ নিশা কেফেইনযুক্ত বস্তু সেৱন কৰিলে টোপনিৰ মানদণ্ড ক্ষতিগ্ৰস্ত হ’ব পাৰে ।
মচলাযুক্ত খাদ্য- গভীৰ নিশা মচলাযুক্ত বস্তু খালে আমাৰ পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰিব পাৰে । মচলাযুক্ত খাদ্য খোৱাৰ ফলত এচিডিটি আৰু পেটৰ বিষ হ’ব পাৰে ।
ভজা খাদ্য- ভজা খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰিব পাৰে । ভজা খাদ্য খালে আমাৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে ।
চেনিযুক্ত খাদ্য- গভীৰ নিশা চেনিযুক্ত বস্তু খালে আমাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা বৃদ্ধি পাব পাৰে । চেনিযুক্ত খাদ্য খালে আমাৰ শৰীৰত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।
সুৰা- গভীৰ নিশা সুৰাপান কৰিলে আমাৰ টোপনিৰ মান নষ্ট হ’ব পাৰে । মদ্যপানে আমাৰ শৰীৰত ডিহাড্ৰেশ্যনৰ সৃষ্টি কৰি আমাৰ টোপনিৰ মান নষ্ট কৰিব পাৰে ।
ফাষ্ট ফুড- গভীৰ নিশা ফাষ্ট ফুড খালে আমাৰ পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰিব পাৰে । ফাষ্ট ফুডে আমাৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু আমাৰ শৰীৰত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।
দুগ্ধজাত সামগ্ৰী- গভীৰ নিশা দুগ্ধজাত সামগ্ৰী সেৱন কৰিলে এচিডিটি, পেট ফুলা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ।