আই পি এল ২০২৫ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে । শেহতীয়া বাতৰি অনুসৰি এই মেগা টুৰ্ণামেণ্টৰ সূচী সলনি কৰা হৈছে । ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজন চলিত বৰ্ষৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া ২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই টুৰ্ণামেন্ট । ইয়াৰ লগতে চূড়ান্ত খেলৰ তাৰিখ আৰু স্থান সন্দৰ্ভতো পৰিৱৰ্তন কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।
স্প’ৰ্টছ ষ্টাৰৰ এক খবৰ অনুসৰি অহা ২১ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন খেল । ২৫ মে’ত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন । এই প্ৰতিযোগিতাখন পূৰ্বে ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া সূচী সলনি কৰা হৈছে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামে এক ডাঙৰ সুযোগ পাবলৈ গৈ আছে । ইয়াতেই অনুষ্ঠিত হ’ব প্ৰথম দুখন কোৱাৰ্টাৰ ফাইনেল মেচ । খবৰ অনুসৰি এই ষ্টেডিয়ামে নিজেই আই পি এল সন্দৰ্ভত এটা আপডেট দিছিল ।
কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ফাইনেল-
২০২৪ চনৰ আই পি এলত চেম্পিয়ন আছিল কলকাতা নাইট ৰাইডাৰ্ছ । গতিকে এইবাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । ইয়াৰ সমান্তৰালকৈ ইয়াত প্লে অফৰ মেচসমূহো অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত শীঘ্ৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব ।
WPL ২০২৫ সন্দৰ্ভতো প্ৰকাশ পাইছে আপডেট-
খবৰ অনুসৰি মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব । এইবাৰ প্ৰতিযোগিতাখনৰ বাবে চাৰিটা স্থান নিৰ্বাচন কৰা হ’ব । চাৰিখন চহৰত অনুষ্ঠিত হ’ব WPLৰ মেচ । ইয়াৰ ভিতৰত আছে মুম্বাই, লক্ষ্ণৌ, বাংগালুৰু আৰু বদোদৰা । অৱশ্যে এতিয়ালৈকে প্ৰতিযোগিতাখনৰ তাৰিখ সন্দৰ্ভত কোনো আপডেট পোৱা হোৱা নাই ।
আই পি এলৰ শেষৰ ছিজনৰ ফলাফল কি আছিল –
আই পি এল ২০২৪ৰ অন্তিমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছিল । কে কে আৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই এই মেচখনত ৮ উইকেটত জয়লাভ কৰে । পইণ্ট টেবুলৰ কথা ক’বলৈ গ’লে কে কে আৰ শীৰ্ষত আছিল । দলটোৱে মুঠ ১৪খন খেল খেলিছিল । এই সময়ছোৱাত ৯ খন মেচত জয়ী আৰু ৩ খন পৰাস্ত হৈছিল দলটো । আনহাতে হায়দৰাবাদে ১৪খন খেলৰ ভিতৰত ৮খন মেচত জয়লাভ কৰিছিল ।