প্ৰায়ে মানুহে ৰাতিপুৱাৰ ব্ৰেকফাষ্টক লৈ চিন্তিত হৈ পৰে । বিৰক্তিকৰ ব্ৰেড-বাটাৰ বা অস্বাস্থ্যকৰ পৰাঠাত বা আন কোনো খাদ্যক লৈ বিৰক্ত হোৱা লোকসকলে স্বাস্থ্যসন্মত আৰু সোৱাদযুক্ত বিকল্প বিচাৰে । এনে পৰিস্থিতিত অংকুৰিত বা গজালি ওলোৱা মগু এটা ভাল বিকল্প হ’ব পাৰে । ই কেৱল স্বাস্থ্যকৰ নহয় বৰঞ্চ অতি সোৱাদযুক্ত আৰু সহজে প্ৰস্তুত কৰিব পাৰি । গজালি ওলোৱা মগু হৈছে প্ৰটিন, আঁহ আৰু ভিটামিনৰ শক্তিশালী স্থান, যিয়ে আপোনাৰ শক্তি বৃদ্ধি কৰাই নহয়, ওজন কমাবলৈ আৰু পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে ।
গজালি ওলোৱা মগুৰ চালাড-
ব্ৰেকফাষ্টৰ বাবে অংকুৰিত মগুৰ চালাড আটাইতকৈ সহজ আৰু স্বাস্থ্যকৰ বিকল্প । বিলাহী, তিয়ঁহ, পিয়াঁজ, নেমু আৰু কিছু মছলা মিহলাই প্ৰস্তুত কৰক । ই কেৱল সোৱাদযুক্তই নহয়, ওজন কমাবলৈও একেবাৰে উপযুক্ত ।
অংকুৰিত মগুৰ চাট-
চাটৰ নাম শুনাৰ লগে লগে মুখত পানী ওলাবলৈ আৰম্ভ কৰে । পদিনা চাটনি, তেতেঁলীৰ চাটনি, দৈ আৰু চাট মছলা দি অংকুৰিত মগুক প্ৰস্তুত কৰক । এই সুস্বাদু আৰু পুষ্টিকৰ ব্ৰেকফাষ্টে আপোনাক আপোনাৰ দিনটোৰ এক সুন্দৰ আৰম্ভণি দিব ।
অংকুৰিত মগুৰ চিলা-
চিলা সকলোৱে ভাল পায় । চিলাক অধিক স্বাস্থ্যকৰ কৰিবলৈ বেচনৰ মিশ্ৰণত অংকুৰিত মগু পিহি মিহলাই লওক । সেউজীয়া চাটনি বা বিলাহীৰ চাটনিৰ সৈতে পৰিবেশন কৰক । এইটো প্ৰটিন সমৃদ্ধ আৰু ভৰপূৰ ব্ৰেকফাষ্ট ।
গজালি ওলোৱা মগুৰ উপমা-
যদি উপমা ভাল পায় তেন্তে ইয়াক অলপ অনন্য ধৰণেৰে বনাওক । স্বাভাৱিক ৰাৱা উপমাত অংকুৰিত মুগু যোগ কৰক । তাত বিলাহী, পটল আৰু কেপচিকামৰ দৰে শাক-পাচলি দিয়ক । ই ৰুচি আৰু স্বাস্থ্যৰ এক নিখুঁত সংমিশ্ৰণ ।
অংকুৰিত মগুৰ পৰাঠা-
পৰঠা কেনেকৈ স্হাস্থ্যকৰ হ’ব পাৰে ? ইয়াৰ উত্তৰ হ’ল অংকুৰিত মগু পৰাঠা । ঘেঁহুৰ আটাত পিহি লোৱা অংকুৰিত মগু আৰু মছলা মিহলাই কোমল পৰঠা বনাব লাগে । দৈ বা আচাৰৰ লগত খাব পাৰে ।