শাক-পাচলিৰ ৰস সোৱাদযুক্ত নহ’বও পাৰে কিন্তু ই স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ই শৰীৰক বহুতো ভয়াৱহ ৰোগৰ পৰা ৰক্ষা কৰাৰ কাম কৰে । ইয়াত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায় ।
এই ৰসৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা ইমানেই শক্তিশালী হৈ উঠে যে সংক্ৰমণ নাইকিয়া কৰি শৰীৰ সুস্থ হৈ উঠে । শীতকালত শাক-পাচলিৰ ৰস সেৱনে শক্তিৰ মাত্ৰা বৃদ্ধি কৰে আৰু লগতে ছালৰ পুষ্টি প্ৰদান কৰে আৰু পাচনতন্ত্ৰ উন্নত কৰে ।
গাজৰৰ ৰসঃ গাজৰত থকা ভিটামিন এ আৰু এন্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে । ই ছালৰ উজ্জ্বলতা বজাই ৰখাত সহায় কৰে । ইয়াক সেৱন কৰিলে চকু সুস্থ হৈ থাকে ।
পালেঙৰ ৰসঃ পালেঙত প্ৰচুৰ পৰিমাণে আইৰণ, কেলচিয়াম আৰু ফলিক এচিড থাকে, যিয়ে শীতকালত শৰীৰক শক্তিশালী কৰাত সহায় কৰে । ইয়াত বিলাহী বা আপেলৰ ৰসো মিহলাই খাব পাৰে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী ।
বীটৰ ৰসঃ বীটৰুটৰ ৰসে কেৱল তেজ বৃদ্ধি কৰাই নহয় শৰীৰৰ পৰা অশুদ্ধি আঁতৰাই পেলায় । ই বডি ডিটক্সত ফলপ্ৰসূ । ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন চি থাকে । শৰীৰক সুস্থ কৰি ৰখাত ই উপকাৰী ।
বিলাহীৰ ৰসঃ বিলাহীৰ ৰসো স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে শৰীৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে । ইয়াক পান কৰিলে ৰোগ দূৰত থাকে ।
মিশ্ৰিত শাক-পাচলিৰ ৰসঃ বিলাহী, বীট, আদা আৰু নেমু মিহলাই তৈয়াৰ কৰা ৰস অতি পুষ্টিকৰ । ই শৰীৰটো ভালদৰে বিষমুক্ত কৰে, ই শৰীৰৰ অশুদ্ধিবোৰ আঁতৰ কৰে । শীতকালত শৰীৰ গৰম কৰি ৰখাত সহায় কৰে । ইয়াক সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে ।