‘আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়’; কংগ্ৰেছৰ আন্দোলনৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ আন্দোলনকাৰীক সকীয়াই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচীক লৈ কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী। নগাঁৱৰ বিকাশৰ ১২দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী কয় যে ‘কংগ্ৰেছৰ কোন ডাঙৰ নেতা হ’ব তাৰ প্ৰতিযোগিতা চলিছে। সেয়েহে তেওঁলোকে এইবোৰ কাম কৰি আছে। আন্দোলনৰ নামত কংগ্ৰেছে গুৱাহাটীৰ ৰাইজক

কংগ্ৰেছৰ আন্দোলনকাৰীক সকীয়াই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচীক লৈ কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী।

নগাঁৱৰ বিকাশৰ ১২দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী কয় যে ‘কংগ্ৰেছৰ কোন ডাঙৰ নেতা হ’ব তাৰ প্ৰতিযোগিতা চলিছে। সেয়েহে তেওঁলোকে এইবোৰ কাম কৰি আছে।

আন্দোলনৰ নামত কংগ্ৰেছে গুৱাহাটীৰ ৰাইজক পণবন্দী কৰিছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।তেওঁ লগতে কয় যে ‘আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়।

ৰাজনৈতিক দলৰ আন্দোলন হয় নিৰ্বাচনৰ বাকছত।ৰাজনীতি কৰা দল ছাত্ৰ সংগঠন,যুৱ সংগঠন নহয় যে তেওঁলোকে ৰাজপথত আন্দোনল কৰিব’।

‘গুৱাহাটীত গণ্ডগোল কৰাৰ মন কংগ্ৰেছৰ।কিন্তু গণ্ডগোল যাতে কৰিব নোৱাৰে তাত আমি নজৰ ৰাখিম’ বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ।

শেহতীয়া প্ৰৱন্ধসমূহ