ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেল ১৪ ডিচেম্বৰৰ পৰা ব্ৰিছবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
এই শৃংখলাৰ প্ৰথমখন খেল টীম ইণ্ডিয়াই দৰ্শনীয় ভাৱে জিকিছিল, কিন্তু দ্বিতীয় খন খেলত আয়োজক দলটোৱে প্ৰত্যাৱৰ্তন কৰে আৰু ১০ উইকেটত জয়লাভ কৰে আৰু শৃংখলাটো ১-১ ত সমতা অৰ্জন কৰে।
ই ২০২৩-২৫ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ টীম ইণ্ডিয়াৰ আশাক এক ডাঙৰ বাধা দিছে, য’ত তেওঁলোকে এতিয়া শৃংখলাটো ৪-১ বা ৩-১ ত জিকিবলৈ চেষ্টা কৰিব লাগিব।
কিন্তু ব্ৰিছবেনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খন খেলত এক ডাঙৰ ব্যাঘাত ঘটিছে। এইটোৱে টীম ইণ্ডিয়াৰ আশাক হতাশালৈ পৰিনত কৰিব পাৰে।
ব্ৰিছবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত এই শৃংখলাৰ তৃতীয় খন খেলৰ প্ৰথম দিনা, অৰ্থাৎ ১৪ ডিচেম্বৰত বতৰে বিধি পথালিও দিব পাৰে। সেইদিনা তাপমাত্ৰা প্ৰায় ২৮ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে।
আনহাতে সেইদিনা ৯৫ শতাংশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে।ইপালে ৫৩ শতাংশ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত, প্ৰথম দিনৰ খেলখন বৰষুণৰ ফলত ব্যাহত হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, দ্বিতীয় দিনৰ খেলৰ সময়ত অৰ্থাৎ ১৫ ডিচেম্বৰত ব্ৰিছবেনত ৮৫ শতাংশ লৈকে ডাৱৰ দেখা গৈছে।অৱশ্যে বৰষুণৰ সম্ভাৱনা ৫০ শতাংশতকৈ কম আছে। অৱশ্যে, ইয়াৰ পিছত, পৰৱৰ্তী তিনিটা দিল বৰষুণৰ সম্ভাৱনা হ্ৰাস হ’ব।
তৃতীয় টেষ্ট মেচৰ প্ৰথম ২ দিনত মেঘাচ্ছন্ন অৱস্থাৰ বাবে, দ্ৰুত বলাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। যি দলেই টছত জিকে, তেওঁলোকৰ বাবে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লোৱাটো অলপ সহজ হ’ব।
যদিও দুয়োটা দলৰ বলাৰে এতিয়ালৈকে এই টেষ্ট শৃংখলাৰ প্ৰথম দুখন খেলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছে , এনে পৰিস্থিতিত তৃতীয় টেষ্ট মেচখনত একে ধৰণৰ আধিপত্য দেখা যাব বুলি আশা কৰিব পাৰি। এই খেলখনৰ ফলাফলে নিশ্চিতভাৱে ডব্লিউটিচি ফাইনেলৰ বাবে এটা দলৰ আগবাঢ়ি যোৱাৰ পথ নিৰ্ধাৰণ কৰিব।