চাওঁতে চাওঁতে আৰু কেইটামান দিনৰ পিছতে ২০২৪ বৰ্ষটোৱে আমাৰ মাজৰ পৰা মেলানি মাগিব । ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ বাবে এই বছৰটো আছিল অতি বিশেষ । অলিম্পিক আৰু পেৰালিম্পিকত পদক লাভ কৰাৰ সমান্তৰালকৈ দেশৰ ক্ৰীড়া প্ৰতিভাই দবাৰ খিতাপো লাভ কৰে । এফালে মনু ভাকৰে দুটাকৈ পদক লাভ কৰি দেশৰ সুনাম বৃদ্ধি কৰি ইতিহাসৰ পাতত নাম পঞ্জীয়ন কৰাৰ বিপৰীতে আনফালে পেৰালিম্পিকত অবনি লেখাৰাৰ কৃতিত্বও চিৰস্মৰণীয় হৈ ৰ’ব । জানো আহক এনে ৫টা ক্ৰীড়াৰ বিষয়ে, য”ত ২০২৪ বৰ্ষত ভাৰতীয় খেলুৱৈয়ে বৃদ্ধি কৰিছিল দেশৰ মৰ্যাদা ।
জেভেলিন থ্ৰ’
ভাৰতীয় জেভেলিন থ্ৰ’ৱাৰ তথা গল্ডেন বয় নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকত ভাৰতৰ হৈ একমাত্ৰ ৰূপৰ পদক লাভ কৰে । দ্বিতীয় প্ৰচেষ্টাত তেওঁ ছিজনৰ সৰ্বোত্তম ৮৯.৪৫ স্কৰ সংগ্ৰহ কৰে । একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক অৰ্জন কৰে নীৰজে । তেওঁ অলিম্পিক জেভলিন থ্ৰ’ত স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় । অৱশ্যে জেভলিন থ্ৰ’ৱাৰৰ তালিকাত অকলশৰীয়া নহয় নীৰজ চোপ্ৰা । কাৰণ পেৰিছ পেৰালিম্পিকত দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰিছে সুমিত এন্টিলে । ইয়াৰ পূৰ্বে তেওঁ টকিঅ’তো একে কৃতিত্ব অৰ্জন কৰিছিল । ইয়াৰ উপৰিও নৱদীপ সিঙে এফ ৪১ ইভেণ্টত ৪৭.৩২ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰে ।
শ্বুটিং-
চলিত বৰ্ষত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিক গেমছ ২০২৪ত ভাৰতে পদক লাভ কৰে । একেটা সংস্কৰণৰ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ইতিহাস ৰচনা কৰাৰ কৃতিত্ব অৰ্জন কৰে মনু ভাকৰে । মনু ভাকৰে ২২ বছৰ বয়সত ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰে । ২৫ মিটাৰ এয়াৰ পিষ্টল খেলত সহযোগী সৰবজোত সিঙৰ সৈতে মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে । এই ঐতিহাসিক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে মনু ভাকৰে । ইয়াৰ উপৰিও শ্বুটিঙত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে স্বপ্নিল কুছালে । অৱশ্যে শ্বুটিঙত পোৱা কৃতিত্ব ইয়াতেই শেষ নহয় । কাৰণ ভাৰতীয় ৰাইফল শ্বুটাৰ অৱনী লেখাৰাইও ২০২৪ চনৰ পেৰালিম্পিক গেমছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে । অৱনীয়ে ১০ মিটাৰ এয়াৰ পিষ্টলত দুটা পদক লাভ কৰে । অৱনীয়ে ব্ৰঞ্জৰ পদকো লাভ কৰে । একেখন ইভেণ্টতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী পেৰালিম্পিক মহিলা খেলুৱৈ হৈছে অৱনী ।
মল্লযুঁজ-
পুৰুষৰ ৫৭ কেজি শাখাত অমন ছেহৰাৱাটে ব্ৰঞ্জৰ পদক লাভ কৰে । ২১ বছৰ বয়সত তেওঁ ভাৰতৰ কনিষ্ঠতম অলিম্পিক পদক বিজয়ী হিচাপেও পৰিগণিত হয় । অৱশ্যে এই খেলখনত ভাৰতে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীনো হ’বলগীয়া হয় । প্ৰকৃততে বিনেশ ফ’গাটে মহিলাৰ ৫০ কেজি প্ৰতিযোগিতাত সোণৰ পদক মেচত যোগ্যতা অৰ্জন কৰিছিল যদিও পদক মেচখনৰ পুৱাতে নিৰ্ধাৰিত ওজন জোখাত ব্যৰ্থ হোৱাত তেওঁক অযোগ্য ঘোষণা কৰা হয় ।
হকী-
ভাৰতীয় দলটোৱে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অটুট ৰখাত সফল হৈছিল । ব্ৰঞ্জৰ পদক মেচখনত ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰিছিল । ইয়াৰ পূৰ্বেও টকিঅ’ অলিম্পিকত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল । ১৯৮০ চনত মস্কো অলিম্পিকৰ পিছত ভাৰতে এই খেলত সোণৰ পদক লাভ কৰিব পৰা নাই । অলিম্পিকত যি খেলত ভাৰতে সৰ্বাধিক সফলতা লাভ কৰিছে সেয়া হ’ল হকী ।
দবা-
এইবাৰ ভাৰতীয় দবা খেলুৱৈসকলে ৪৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ (FIDE) দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা উভয় শাখাত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে । এই প্ৰতিযোগিতাত দলীয় চেম্পিয়নশ্বিপ জয় কৰাৰ উপৰিও ভাৰতে ব্যক্তিগত স্বৰ্ণ পদকো লাভ কৰে । পুৰুষৰ দলটোত গুকেশ ডোমৰাজু (গুকেশ ডি), ৰমেশবাবু প্ৰাগ্নানন্দ, বিদিত গুজৰাটী, পন্তলা হৰিকৃষ্ণ আৰু অৰ্জুন এৰিগাইছি, মহিলাৰ দলত হৰিকা দ্ৰোণাৱল্লী, বৈশালী ৰমেশবাবু, দিব্য দেশমুখ, ৱন্তিকা আগৰৱাল আৰু তনিয়া সচদেৱ আছিল ।