দেৱেন্দ্ৰ ফাড়নৱিছে বৃহস্পতিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য বহু ৰাজনৈতিক ব্যক্তিও উপস্থিত আছিল।
এনচিপিৰ মুৰব্বী অজিত পাৱাৰ আৰু শিৱসেনাৰ নেতা একনাথ শিন্দেয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।দক্ষিণ মুম্বাইৰ আজাদ ময়দানত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ফাড়নৱিছ আৰু দুজন উপ মুখ্যমন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায়।
২৩ নৱেম্বৰত মহাৰাষ্ট্ৰত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত প্ৰায় দুসপ্তাহ ধৰি মুখ্যমন্ত্ৰী পদক লৈ আলোচনা চলিছিল।বহু জল্পনা কল্পনাৰ অন্তত এতিয়া ফাড়নাৱিছৰ নেতৃত্বত গঠন কৰা হয় মহাৰাষ্ট্ৰ চৰকাৰ।
এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে।
আম্বানী পৰিয়াল, বলীউডঅভিনেতা শ্বাহৰুখ খান, চলমান খান, সঞ্জয় দত্ত, ৰণবীৰ কাপুৰ, ৰণবীৰ সিং, মাধুৰী দীক্ষিত আৰু অন্যান্য চেলিব্ৰিটিসকলো ইয়াত উপস্থিত আছিল।
এই চেলিব্ৰিটিসকলৰ উপৰিও, ৪০,০০০ বিজেপি সমৰ্থকৰ বাবে বিশেষ আসনৰ ব্যৱস্থা কৰা হৈছিল আৰু বিভিন্ন ধৰ্মৰ নেতাকে ধৰি ২,০০০ বিশিষ্ট ব্যক্তিৰ বাবে পৃথক আসন ব্যৱস্থা কৰা হৈছিল। শপত গ্ৰহণ অনুষ্ঠানত নিৰাপত্তাৰ বাবে ৪,০০০ তকৈও অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছিল।