কোনে, কাক, কিয় কৰিছিল হত্যা ? অৱশেষত ৰাজ্য কঁপোৱা গড়াজান কাণ্ডৰ ৰহস্য ফাদিল…

অৱশেষত ৰাজ্য কঁপোৱা গড়াজান কাণ্ডৰ ৰহস্য ফাদিল। পোহৰলৈ আহিছে নতুন তথ্য। কিদৰে সংঘটিত হৈছিল ৪জনকৈ লোকৰ হত্যাকাণ্ড। বহু চৰ্চাৰ অন্তৰালত নগাঁও আৰক্ষীৰ অভিযান পোহৰলৈ আহিল নতুন তথ্য। ২২ নৱেম্বৰৰ নিশা ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড। বহু পৰিকল্পিতভাৱে সন্ধ্যা সংঘটিত কৰা হৈছিল এই কাণ্ড। এই

অৱশেষত ৰাজ্য কঁপোৱা গড়াজান কাণ্ডৰ ৰহস্য ফাদিল। পোহৰলৈ আহিছে নতুন তথ্য। কিদৰে সংঘটিত হৈছিল ৪জনকৈ লোকৰ হত্যাকাণ্ড। বহু চৰ্চাৰ অন্তৰালত নগাঁও আৰক্ষীৰ অভিযান পোহৰলৈ আহিল নতুন তথ্য।

২২ নৱেম্বৰৰ নিশা ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড। বহু পৰিকল্পিতভাৱে সন্ধ্যা সংঘটিত কৰা হৈছিল এই কাণ্ড। এই কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল কিয়নো, এখন বিয়াঘৰত কিদৰে সংঘটিত হ’বলৈ পাইছিল এই কাণ্ড। ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিয়ালবৰ্গই অনুপম সূত্ৰধাৰলৈ অভিযোগ উত্থাপন কৰিছিল ।যাৰবাবে পিতৃ গুনধৰ সৰকাৰ, মাতৃ সনুধৰ সৰকাৰ আৰু জয়াস্মিতাক অনুপম সূত্ৰধাৰে হত্যা কৰি, নিজে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছিল। কিয়নো জয়াস্মীতাৰ সৈতে অনুপম সূত্ৰধৰৰ আছিল প্ৰেমৰ সম্পৰ্ক আৰু টকাৰ বাবেই হত্যা কৰা বুলি সন্দেহ কৰা হয়। কিন্তু অনুপম সূত্ৰধৰৰ দেহত থকা আগাতৰ চিনে স্পষ্টকৈ বৰ্ণনা কৰিছিল যে ঘটনাৰ আঁৰত অন্য কোনো জড়িত হৈ আছে।

অৱশেষত সোমবাৰে এই ৰহস্যৰ ওৰ পৰিল। নগাঁৱৰ আৰক্ষী অধিক্ষকে সংবাদমেলত জনালে সমগ্ৰ ঘটনাৰ বিষয়ে। জয়াস্মিতাৰ প্ৰাক্তন প্ৰেমিক অনুপম সৰকাৰে প্ৰথমে সংঘটিত কৰিছিল এই হত্যাকাণ্ড। বিয়াঘৰত নিশা সোমাই অনুপম সূত্ৰধৰ সোমাই পিতৃ গুনধৰ সৰকাৰ, মাতৃ সনুধৰ সৰকাৰ আৰু জয়াস্মিতাক হত্যা কৰিছিল। এই কাণ্ড সংঘটিত কৰাৰ সময়তে ঘটনাৰ কথা গম পাইছিল অমল সৰকাৰে যাৰবাবে আত্মীয়ক বচাবলৈ গৈছিল অমল সৰকাৰে। সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল অমল সৰকাৰে, যাৰফলত অনুপম সূত্ৰধৰ আৰু অমল সৰকাৰৰ মাজত সংঘাত হয়। যাৰ পৰিণতিত অমল সৰকাৰৰ হাতত নিহত হয় ।

সংগ্ৰ ঘটনা সংঘটিত কৰাৰ পিছত সকলো কথা লুকুৱাই ৰাখিছিল অমল সৰকাৰে। অৱশেষত আৰক্ষীৰ জেৰাত এই কথা অৱশেষত স্বীকাৰ কৰিলে অমল সৰকাৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অমল সৰকাৰক আৰু কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব অমলক।