‘দানত দিয়া বস্তু নহয় যে যাকে-তাকে দিম’; ট্ৰাম্পৰ ইচ্ছাক ভেঙুচালি নোবেল ফাউণ্ডেচনৰ

অৱশেষত পূৰণ হ’ল আশা; মাৰিয়া মাচাডোৱে ট্ৰাম্পক গতাই দিলে নিজৰ শান্তিৰ নোবেল বঁটা…

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচাডোৱে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰদান কৰিলে নিজৰ শান্তিৰ নোবেল বঁটাৰ পদক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে হোৱাইট হাউছত ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোক সাক্ষাৎ কৰে। এই সময়ত মাচাডোৱে ট্ৰাম্পক তেওঁৰ শান্তিৰ নোবেল বঁটাৰ পদক প্ৰদান

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচাডোৱে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰদান কৰিলে নিজৰ শান্তিৰ নোবেল বঁটাৰ পদক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে হোৱাইট হাউছত ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোক সাক্ষাৎ কৰে।

এই সময়ত মাচাডোৱে ট্ৰাম্পক তেওঁৰ শান্তিৰ নোবেল বঁটাৰ পদক প্ৰদান কৰে।হোয়াইট হাউছে এই বৈঠক নিশ্চিত কৰে যদিও এইটোও স্পষ্ট কৰি দিয়ে যে ইয়াক ট্ৰাম্পৰ স্থিতিৰ এক বৃহৎ পৰিৱৰ্তন বুলি গণ্য কৰা উচিত নহয়।

তেওঁ তৎকালীন ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত ট্ৰাম্পৰ দ্বাৰা তেওঁৰ দেশৰ নেতৃত্ব দিয়াৰ ক্ষমতাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰাৰ পিছতো,দেশবাসীৰ স্বাধীনতাৰ প্ৰতি ট্ৰাম্পৰ অনন্য দায়বদ্ধতাৰ শলাগ লৈছিল।অৱশ্যে মাচাডোৱে এই বৈঠক সন্দৰ্ভত আৰু কোনো সবিশেষ প্ৰকাশ কৰা নাই।

হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেভিটে কয় যে, এই বৈঠকক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্প ইতিবাচক আছিল ।অৱশ্যে, যেতিয়া তেওঁক ট্ৰাম্পে এতিয়া মাচাডোক ভেনিজুৱেলাৰ নেতা বুলি গণ্য কৰে নেকি বুলি প্ৰশ্ন কৰাত লেভিটে কয় যে,ৰাষ্ট্ৰপতিৰ মতামত এতিয়াও একেই আছে। তেওঁৰ মতে, ট্ৰাম্পৰ মতে বৰ্তমানৰ পৰিস্থিতিত দেশৰ ভিতৰত মাচাডোৰ পৰ্যাপ্ত সমৰ্থন নাই।

লেভিটে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ভৱিষ্যতে ভেনিজুৱেলাত ন্যায্য নিৰ্বাচন হোৱাটো বিচাৰে।কিন্তু এই নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব পাৰে সেই কথা তেওঁ কোৱা নাই।

বৈঠকৰ অন্তত মাচাডোৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ পদক দিছে।তেওঁ ইয়াক ‘আমাৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ বিশেষ সমৰ্থনৰ স্বীকৃতি’ বুলি অভিহিত কৰে।ৰাষ্ট্ৰপতি ট্ৰাম্পক আমি বিশ্বাস কৰিব পাৰো বুলিও তেওঁ কয়।

লগতে পঢ়ক: ইৰাণত প্ৰতিবাদ দমন কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ; আমেৰিকাৰ নতুন নিষেধাজ্ঞা

শেহতীয়া প্ৰৱন্ধসমূহ