উমৰাংছ'ৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত মুকলি আটকধুনীয়া ACA ক্ৰিকেট ষ্টেডিয়াম

উমৰাংছ’ৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত মুকলি আটকধুনীয়া ACA ক্ৰিকেট ষ্টেডিয়াম

উমৰাংছ’ৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত মুকলি আটকধুনীয়া ACA ক্ৰিকেট ষ্টেডিয়াম অসমৰ ক্ৰীড়া জগতৰ বাবে বৃহৎ সুখবৰ। পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংছ’ত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অসম ক্ৰিকেট সন্থাৰ নতুন আধুনিক ক্ৰিকেট ষ্টেডিয়াম। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই ষ্টেডিয়ামখন ডিমা হাছাও জিলাত

উমৰাংছ’ৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত মুকলি আটকধুনীয়া ACA ক্ৰিকেট ষ্টেডিয়াম

অসমৰ ক্ৰীড়া জগতৰ বাবে বৃহৎ সুখবৰ। পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংছ’ত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অসম ক্ৰিকেট সন্থাৰ নতুন আধুনিক ক্ৰিকেট ষ্টেডিয়াম। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই ষ্টেডিয়ামখন ডিমা হাছাও জিলাত নিৰ্মিত প্ৰথম ACA (Assam Cricket Association) ষ্টেডিয়াম।

গুৱাহাটীৰ পৰা প্ৰায় ১১ বজাত হেলিকপ্টাৰযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মা উমৰাংছ’ত উপস্থিত হৈ পোনে পোনে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উমৰাংছ’ৰ গল্ফ খেলপথাৰৰ ওচৰত ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখন অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাৰ আৰ্হিৰ আধাৰত গঢ়ি তোলা হৈছে।

অসম ক্ৰিকেট সন্থাৰ এই অতি আধুনিক সঁজুলিসম্পন্ন ষ্টেডিয়ামখনত একেলগে ১৫ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পাৰিব। খেলুৱৈৰ বাবে আছে আন্তৰ্জাতিক মানৰ ড্ৰেছিং ৰুম, ৫খন অনুশীলন পিটছ, আধুনিক প্ৰযুক্তিৰ নানা সুবিধা।

মুখ্যমন্ত্ৰীয়ে ষ্টেডিয়ামখনৰ ভিতৰত স্থাপিত চেঙিয়া তুলাৰাম সেনাপতিৰ নামত উৎসৰ্গিত আধুনিক পেভিলিয়ন উদ্বোধন কৰি কয় যে এই ষ্টেডিয়ামে অসম ক্ৰিকেটৰ ইতিহাসত এক নতুন দিগন্ত সৃষ্টি কৰিব।

অনুষ্ঠানত বি. চি. চি. আই.ৰ সচিব দেৱজিৎ শইকীয়া, ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং, ACAৰ সভাপতি তৰংগ গগৈ, সচিব সনাতন দাস আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: বিৰাট কোহলীৰ যাদু; মিনিটতে SOLD OUT বিশাখাপট্টমৰ নিৰ্ণায়ক এদিনীয়াৰ টিকট

শেহতীয়া প্ৰৱন্ধসমূহ