Swiggy-Zomato ডেলিভাৰী বয়ৰ বাবে ভাল খবৰ; চৰকাৰী কৰ্মচাৰীৰ দৰে পাব সুবিধা
Swiggy-Zomato ডেলিভাৰী বয়ৰ বাবে আহি গ’ল ভাল খবৰ। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীৰ দৰেই লাভ কৰিব সকলো সুবিধা।
ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ‘গিগ ইকনমি’ক আইনী সুৰক্ষাৰ পৰিসৰলৈ অনাৰ প্ৰস্তুতি এতিয়া সম্পূৰ্ণ হৈছে।নতুন সামাজিক সুৰক্ষা সংহিতাত Swiggy,Zomato আৰু ব্লিংকিট আদিৰ ডেলিভাৰী বয় আৰু কেব চালককো সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ অনা হৈছে।
ইয়াৰ বাবে চৰকাৰে খচৰা নিয়ম জাৰি কৰিছে। এই খচৰা নিয়ম অনুসৰি, সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিবলৈ হ’লে এটা কোম্পানী (এগ্ৰিগেটৰ)ৰ সৈতে জড়িত শ্ৰমিক এজনে বছৰত কমেও ৯০ দিন একেটা কোম্পানীৰ সৈতে কাম কৰাটো বাধ্যতামূলক হ’ব।ইফালে, যিসকল লোকে এটাতকৈ বেছি প্লেটফৰ্মত কাম কৰি আহিছে, সেই সকলৰ বাবে এই সীমা ১২০ দিন নিৰ্ধাৰণ কৰা হৈছে।
যদি এজন ব্যক্তিয়ে একেদিনাই তিনিটা বেলেগ বেলেগ কোম্পানীত কাম কৰে, তেন্তে ইয়াক তিনিদিন হিচাপে গণ্য কৰা হ’ব, যাৰ বাবে ১২০ দিনৰ কোটা সম্পূৰ্ণ কৰাটো সহজ হৈ পৰিব।
চৰকাৰে এই প্ৰক্ৰিয়াটো স্বচ্ছ কৰিবলৈ পঞ্জীয়ন বাধ্যতামূলক কৰিছে। ১৬ বছৰৰ ওপৰৰ প্ৰতিজন গিগ কৰ্মীয়ে নিজৰ পঞ্জীয়ন কৰিব লাগিব, যিটো তেওঁলোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ’ব।
শ্ৰমিকসকলৰ তথ্য ‘ই-শ্ৰম’ পৰ্টেলত লিপিবদ্ধ কৰা হ’ব। যিসকল কৰ্মচাৰীৰ পি এফ কৰ্তন কৰা হয় তেওঁলোকৰ স্থায়ী নম্বৰ থাকে, একেদৰে গিগ কৰ্মীসকলকো এক অনন্য চিনাক্তকৰণ নম্বৰ দিয়া হ’ব।
প্ৰতিজন পঞ্জীয়নভুক্ত শ্ৰমিকে লাভ কৰিব ডিজিটেল পৰিচয় পত্ৰ, যিটো সমগ্ৰ দেশতে তেওঁলোকৰ পৰিচয় আৰু যোগ্যতাৰ প্ৰমাণ হ’ব।
নতুন নিয়মৰ লক্ষ্য হৈছে গিগ কৰ্মীসকলক এনে সুৰক্ষা প্ৰদান কৰা যিটো এতিয়ালৈকে কেৱল চৰকাৰী বা বৃহৎ ব্যক্তিগত কোম্পানীসমূহৰ কৰ্মচাৰীৰ বাবেহে উপলব্ধ আছিল।
এই Swiggy-Zomato ডেলিভাৰী বয় সকলে বিনামূলীয়াকৈ বা ৰেহাইমূলক হাৰত স্বাস্থ্য বীমা লাভ কৰিব। দুৰ্ঘটনাৰ আৱৰণ: কৰ্মৰ সময়ত সংঘটিত দুৰ্ঘটনাৰ বাবে ব্যক্তিগত দুৰ্ঘটনাৰ বীমাৰ ব্যৱস্থা কৰা হ’ব।
শ্ৰম মন্ত্ৰালয়ে এই এই Swiggy-Zomato ডেলিভাৰী বয় সকলক আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে সংযোগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যাৰ বাবে তেওঁলোকে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব।
ভৱিষ্যতে চৰকাৰে এনে আঁচনি প্ৰৱৰ্তন কৰিব পাৰে য’ত শ্ৰমিক আৰু কোম্পানী দুয়োটাই একেলগে অৰিহণা যোগাব, যাতে শ্ৰমিকজনে অৱসৰৰ পিছত পেঞ্চন লাভ কৰিব পাৰে।
লগতে পঢ়ক: দেশে কেতিয়া লাভ কৰিব প্ৰথমখন বুলেট ট্ৰেইন ? ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনালে তাৰিখ