বেংকিং খণ্ডত চাকৰিৰ ডাঙৰ সুযোগ: আবেদনৰ অন্তিম দিন ৯ আগষ্ট

অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ইচ্ছুক প্ৰাৰ্থীসকলে অহা ৯ আগষ্ট ২০২৬ লৈকে আবেদন কৰিব পাৰিব

বেংকিং খণ্ডত কেৰিয়াৰ গঢ়িব বিচৰা যুৱক-যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ । পাঞ্জাৱ নেচনেল বেংকে (PNB) জুনিয়ৰ মেনেজমেন্ট গ্ৰেড স্কেল-I (JMGS-I) ৰ অধীনত দেশজুৰি মুঠ ৫৪৫ টা ‘লোকেল বেংক অফিচাৰ’ (LBO) পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে । ইয়াৰে ভিতৰত সৰ্বাধিক ৮৫ টা পদ কেৱল অসমৰ বাবে সংৰক্ষিত কৰা হৈছে ।

অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ইচ্ছুক প্ৰাৰ্থীসকলে অহা ৯ আগষ্ট ২০২৬ লৈকে আবেদন কৰিব পাৰিব ।

শিক্ষাগত যোগ্যতা ও অভিজ্ঞতা: প্ৰাৰ্থী যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ স্নাতক হ’ব লাগিব । ইয়াৰ উপৰি কোনো অনুসূচিত বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰামীণ বেংকত (RRB) কেৰাণী বা বিষয়া পদত নূন্যতম ১ বছৰৰ কৰ্ম অভিজ্ঞতা আৰু স্থানীয় ভাষাৰ (অসমৰ বাবে অসমীয়া/বোড়ো) জ্ঞান থকাটো বাধ্যতামূলক ।

বয়সৰ সীমা: ১ জুলাই ২০২৬ লৈকে প্ৰাৰ্থীৰ বয়স ২০ ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব । (সংৰক্ষিত শ্ৰেণীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই পাব)।

দৰমহা: প্ৰতিমাহে ৪৮,৪৮০ টকাৰ পৰা ৮৫,৯২০ টকা (লগতে DA, HRA, Medical আদি অন্যান্য সুবিধা)।

বাছনি প্ৰক্ৰিয়া: অনলাইন লিখিত পৰীক্ষা, নথিপত্ৰ পৰীক্ষা (Screening), স্থানীয় ভাষা পৰীক্ষা (LLPT) আৰু ব্যক্তিগত সাক্ষাৎকাৰ (Interview)- এই চাৰিটা পৰ্যায়ৰ জৰিয়তে বাছনি সম্পন্ন কৰা হ’ব ।

আবেদন প্ৰক্ৰিয়া আৰু মাচুল:

প্ৰাৰ্থীয়ে PNB-ৰ অফিচিয়েল ৱেবছাইটৰ Careers অংশত গৈ অনলাইন আবেদন কৰিব পাৰিব ।

আবেদন মাচুল: SC/ST/PwBD প্ৰাৰ্থীৰ বাবে ৫৯ টকা আৰু অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১,১৮০ টকা নিৰ্ধাৰণ কৰা হৈছে ।

উল্লেখ্য যে, এজন প্ৰাৰ্থীয়ে কেৱল এখন ৰাজ্যৰ বাবেহে আবেদন কৰিব পাৰিব আৰু বাছনিপ্ৰাপ্ত প্ৰাৰ্থীক সেই ৰাজ্যতে নিযুক্তি দিয়া হ’ব ।

এই নিযুক্তি অভিযানৰ অধীনত মুঠ ৫৪৫ টা পদ পূৰণ কৰা হ’ব । আটাইতকৈ বেছি ৮৫ টা পদ অসমত আছে ।

বাছনি প্ৰক্ৰিয়া কেনেকৈ হ’ব?

PNB এ এই নিযুক্তিত প্ৰাৰ্থীসকলৰ বাছনি চাৰিটা পৰ্যায়ত কৰিব: ১. প্ৰথমে অনলাইন লিখিত পৰীক্ষা হ’ব । ২. ইয়াৰ পিছত সফল প্ৰাৰ্থীসকলৰ নথিপত্ৰ পৰীক্ষা (Screening) কৰা হ’ব । ৩. প্ৰয়োজন হ’লে স্থানীয় ভাষা দক্ষতা পৰীক্ষা (Local Language Proficiency Test-LLPT) অনুষ্ঠিত হ’ব । ৪. শেষত যোগ্য প্ৰাৰ্থীসকলক ব্যক্তিগত সাক্ষাৎকাৰৰ (Interview) বাবে মতা হ’ব ।

এই সকলোবোৰ পৰ্যায়ত সফল হোৱা প্ৰাৰ্থীসকলৰহে চূড়ান্ত বাছনি কৰা হ’ব ।

লগতে পঢ়ক : সাক্ষাৎকাৰত কেনেকৈ জয় কৰিব ইংৰাজী কোৱাৰ ভয়?