কামপুৰৰ ৰেল দুৰ্ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী… দিলে এই নিৰ্দেশ

কামপুৰত শনিবাৰে সংঘটিত হোৱা ৰেল দুৰ্ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ঘটনাত সাতটাকৈ হাতীৰ মৃত্যুত দুখ প্ৰকাশ কৰি বন বিভাগ কঠোৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কামপুৰত শুকুৰবাৰে গভীৰ নিশা ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ সৈতে এজাক হাতীৰ সংঘৰ্ষত ৭টা হাতী নিহত হোৱাৰ লগতে আন এটা হাতীৰ পোৱালী গুৰুতৰভাৱে আহত হৈছে । এই ৰেল দুৰ্ঘটনাত পাঁচটা ডবা আৰু ৰে’লখনৰ ইঞ্জিন ৰেলপথৰ পৰা লাইনচ্যুত হয় । প্ৰথম অৱস্থাত আটাইকেইটা হাতীৰ মৃত্যুৰ খবৰ পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰে এটা হাতী পোৱালী আহত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা যায় । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ টুইটাৰযোগে শোক প্ৰকাশ কৰে ।

তেওঁ লিখিছে যে আজি পুৱা সংঘটিত হোৱা এক মৰ্মান্তিক ৰেল দুৰ্ঘটনাত ৭টা হাতী – তিনিটা প্ৰাপ্তবয়স্ক আৰু চাৰিটা পোৱালিৰ মৃত্যুত তেওঁ গভীৰ শোক প্ৰকাশ কৰিছোঁ । এই অত্যন্ত চিন্তনীয় দুৰ্ঘটনাৰ বিশদ তদন্ত কৰিবলৈ আৰু বিশেষকৈ কম দৃশ্যমানতাৰ বতৰত আমাৰ বন্যপ্ৰাণী কৰিডৰসমূহৰ সুৰক্ষা বৃদ্ধিৰ বাবে পদক্ষেপ ল’বলৈ বন বিভাগক নিৰ্দেশ দিছো ।

এগৰাকী বিষয়াই কয় যে, “মৃত সাতটা হাতীৰ মৰণোত্তৰ পৰীক্ষা চলি আছে আৰু আহত হাতী পোৱালীটোৰ চিকিৎসা স্থানীয় পশু চিকিৎসকে কৰি আছে । আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে ।” উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য মুখপাত্ৰ কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ নিলগৰ লামডিং সংমণ্ডলৰ যমুনামুখ-কামপুৰ অংশত সংঘটিত হৈছে এই ৰেল দুৰ্ঘটনা । তেওঁ কয় যে এই দুৰ্ঘটনাটো হাতী পথ হিচাপে নিৰ্ধাৰণ নকৰা অঞ্চলত সংঘটিত হৈছে । শৰ্মাই কয়, “এজাক হাতী দেখি ৰে’লৰ চালকে জৰুৰীকালীন ব্ৰেক লগায় । তথাপিও হাতীকেইটাৰ সৈতে ৰে’লৰ সংঘৰ্ষ হয় ।”

এন এফ আৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ক্ষতিগ্ৰস্ত ডবাসমূহৰ যাত্ৰীসকলক অস্থায়ীভাৱে অন্য ডবাৰ খালী আসনলৈ নিয়া হয় আৰু ৰে’লখন পুৱা ৬:১১ বজাত গুৱাহাটী অভিমুখে ৰাওনা হয় । অৱশ্যে ক্ষতিগ্ৰস্ত ডবাকেইটা ঘটনাস্থলীতে এৰি থৈ যায় । তেওঁ উল্লেখ কৰে যে যাত্ৰীসকলক ৰখাৰ বাবে গুৱাহাটীত ৰে’লখনত অতিৰিক্ত ডবা সংলগ্ন কৰা হ’ব, তাৰ পিছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰিব । শৰ্মাই উল্লেখ কৰে যে ক্ষতিগ্ৰস্ত অংশৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লসমূহ আপ লাইনলৈ ডাইভাৰ্ট কৰা হৈছে আৰু ৰে’ল যাতায়ত পুনৰুদ্ধাৰৰ কাম চলি আছে । ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছে মিজোৰামৰ চাইৰাং (আইজলৰ ওচৰত)ক আনন্দ বিহাৰ টাৰ্মিনেল (দিল্লী)ৰ সৈতে সংযোগ কৰে ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাই জোকাৰিলে দেশ; কেইবাজনো লোকৰ মৃত্যু

ভয়ংকৰ ৰেল দুৰ্ঘটনা

মঙলবাৰে বিয়লি ছত্তীশগড়ৰ বিলাসপুৰত সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা । য’ত এম ই এম ইউ যাত্ৰীবাহী ৰে’লৰ এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হয় । বিলাসপুৰ ষ্টেচনৰ সমীপত বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । প্ৰাথমিক তথ্য অনুসৰি এই মুখামুখি সংঘৰ্ষত ৬ জন যাত্ৰী নিহত হোৱাৰ লগতে ১২ জনৰো অধিক যাত্ৰী আহত হয় । এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে যাত্ৰীবাহী ৰে’লৰ এটা ডবা মালবাহী ৰে’লৰ ওপৰত উঠি যায় ।

দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ তথ্য অনুসৰি দুৰ্ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয় । ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ মহাপ্ৰবন্ধক তৰুণ প্ৰকাশ সংমণ্ডল ৰে’লৱেৰ প্ৰবন্ধকৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছে ।

দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ প্ৰাৰম্ভিক তথ্য অনুসৰি এই দুৰ্ঘটনাৰ কাৰণ এম ই এম ইউ ৰে’লৰ চিগনেল পাৰ কৰা বুলি সন্দেহ কৰা হৈছে । খবৰ অনুসৰি ৰে’লখনে নিৰ্দিষ্ট সংকেতক অৱজ্ঞা কৰি এখন মালবাহী ৰে’লৰ পিছফালে খুন্দা মাৰে । ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে এম ই এম ইউ ৰে’লৰ এটা ডবা যথেষ্ট ক্ষতিগ্ৰস্ত হয় ।

ৰেলৱেৰ বিষয়াসকলে জনোৱা মতে, এম ই এম ইউ স্থানীয় ৰে’লখনে চিগনেল অতিক্ৰম কৰি ৰৈ থকা মালবাহী ৰে’লখনৰ পিছফালে সংঘৰ্ষত লিপ্ত হয় ।

ৰে’লৱেই জনোৱা মতে, এই ৰেল দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ বাবে এটা দল গঠন কৰা হৈছে আৰু কাৰিকৰী বিশেষজ্ঞসকল ঠাইতে আছে । ষ্টেচনটোৰ চাৰিওফালে ৰে’ল যাতায়ত কিছু সময়ৰ বাবে প্ৰভাৱিত হৈছে যদিও স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে । ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ৰেলৱেই ।

এই সংঘৰ্ষৰ ফলত ওপৰৰ তাঁৰ আৰু সংকেত ব্যৱস্থাৰ গুৰুতৰ ক্ষতিসাধন হোৱাৰ ফলত পথটোৰ কাম-কাজত ব্যাঘাত জন্মে । কেইবাখনো ৰে’ল বাতিল বা ডাইভাৰ্ট কৰা হৈছে । উৰাবাতৰি আওকাণ কৰি কেৱল চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ যাত্ৰীসকলক আহ্বান জনাইছে ৰে’ল প্ৰশাসনে ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম; মহটিয়াই নিলে ৫০ জনকৈ লোকক, ১০ জনৰ মৃত্যু