অসম জাতীয় পৰিষদ ত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা এক পদত্যাগ পত্ৰৰ জৰিয়তে তেওঁ এই সিদ্ধান্তৰ কথা সদৰী কৰে

অসমৰ ৰাজনীতিত পুনৰ এক ডাঙৰ খবৰ । অসম জাতীয় পৰিষদ (AJP)ৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে । তেওঁ দলৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো ধৰণৰ পদবী আৰু দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি লৈছে ।

ব্যক্তিগত কাৰণত পদত্যাগ-

১৮ মে’ অৰ্থাৎ আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা এক পদত্যাগ পত্ৰৰ জৰিয়তে তেওঁ এই সিদ্ধান্তৰ কথা সদৰী কৰে । পত্ৰখনত গোহাঁয়ে উল্লেখ কৰা অনুসৰি, সম্পূৰ্ণ ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে ।

দল ত্যাগ কৰাৰ মুহূৰ্তত জ্যেষ্ঠ নেতাগৰাকীয়ে এজেপিৰ নেতৃত্ব আৰু কৰ্মীসকলক ধন্যবাদ জনাই কয়:

“দলটোৰ সৈতে জড়িত হৈ থকা সময়ছোৱাত মই যি সমৰ্থন আৰু সহযোগিতা লাভ কৰিলোঁ, তাৰ বাবে দলীয় নেতৃত্ব, নিষ্ঠাৱান কৰ্মী আৰু সমৰ্থকসকললৈ মই মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।”

উল্লেখ্য যে, বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান কৰা এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত অজাপৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিল যদিও পৰাস্ত হ’ব লগা হয় ।

লগতে পঢ়ক : হঠাৎ অসুস্থ AIUDFৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমল