ৰাজস্থানে ৰখালে পঞ্জাৱৰ বিজয় ৰথ… আৰ্চাৰ-সন্দীপৰ তীক্ষ্ণ বলিং

চণ্ডীগড়ৰ মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছ (পি বি কে এছ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় চলিত আই পি এলৰ ১৮ সংখ্যক মেচ । এই মেচত ৰাজস্থান দলে পঞ্জাবক ৫০ ৰানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি ৰাজস্থানে পঞ্জাৱৰ সন্মুখত ২০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাৱে দুৰ্বল আৰম্ভণিৰে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হয় ।

পঞ্জাৱৰ ইনিংছ-

২০৬ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত পঞ্জাৱৰ আৰম্ভণি অতি দুৰ্বল আছিল । প্ৰথম অভাৰতে জফ্ৰা আৰ্চাৰে প্ৰিয়ংশ আৰিয়া আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰক পেভিলিয়নলৈ প্ৰেৰণ কৰে । ইয়াৰ পিছত মাৰ্কাছ ষ্টয়নিছো চতুৰ্থ অভাৰত আউট হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ এটা ৰানহে আহে । কাৰ্তিকেয়াই ৭ম অভাৰত প্ৰভসীমৰণক নিজৰ চিকাৰ কৰে ।

ইয়াৰ পিছত গ্লেন মেক্সৱেল আৰু নেহাল বাধেৰাই এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ে । নেহালে ৬২ ৰানৰ ইনিংছ খেলে । মেক্সৱেলে ৩০ ৰান সংগ্ৰহ কৰে । কিন্তু দুয়োজনেই অগা-পিছাকৈ আউট হয় । ইয়াৰ পিছত পঞ্জাৱৰ এজনো বেটছমেন ক্ৰীজত অধিক সময় তিষ্ঠিবলৈ সক্ষম নহ’ল আৰু পঞ্জাবে ২০ অভাৰত মাত্ৰ ১৫৫ ৰানহে সংগ্ৰহ কৰে । এই পৰাজয়ৰ পিছত পঞ্জাৱৰ বিজয়ৰথ স্তব্ধ হৈ পৰে ।

ৰাজস্থানৰ হৈ জফ্ৰা আৰ্চাৰে সৰ্বাধিক ৩টা উইকেট দখল কৰে । সন্দীপ শৰ্মা আৰু মহীশ তীক্ষনাই ২টা, কুমাৰ কাৰ্তিকেয়া আৰু ৱানিন্দু হাছাৰাংগাই ১টাকৈ উইকেট দখল কৰে ।

ৰাজস্থানৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ অহা ৰাজস্থানৰ আৰম্ভণি ভাল আছিল । সঞ্জু চেমচন আৰু যশস্বী জয়ছোৱাল দুয়োকে ভাল ছন্দত দেখা গৈছিল । দুয়োজনে ভাল আৰম্ভণি কৰে । ৰাজস্থানে ৮৯ ৰান সংগ্ৰহ কৰি প্ৰথমটো আঘাত লাভ কৰে যেতিয়া চেমচন ৩৮ ৰান সংগ্ৰহ কৰি আউট হয় । অৱশ্যে আনটো মূৰত যশস্বী জয়ছোৱালক আগ্ৰাসী ৰূপত দেখা যায় । ৬৭ ৰান সংগ্ৰহ কৰি আউট হয় যশস্বী । ইয়াৰ পিছত ৰিয়ান পৰাগ আৰু শ্বিমৰন হেটমায়াৰে ইনিংছৰ দায়িত্ব লয় । দুয়োজনে কিছু উজ্জ্বল শ্বট খেলে, যাৰ বাবে ৰাজস্থান দলে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে ।

আজি বৰ্ষাপাৰাত ৰাজস্থান আৰু চেন্নাইৰ যুঁজ… ৰিয়ান পৰাগৰ সন্মুখত কঠিন প্ৰত্যাহ্বান

আজি আই পি এল ২০২৫ত দুখন ডাঙৰ মেচ অনুষ্ঠিত হ’ব । প্ৰথমখন খেলত দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত মুখামুখি হোৱাৰ বিপৰীতে দ্বিতীয়খন খেল ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত হ’ব । এই প্ৰতিবেদনত জানি লওক ৰাজস্থান আৰু চেন্নাইৰ মাজৰ খেলখনৰ সাম্ভাব্য মূল একাদশ, পিটচ ৰিপৰ্ট আৰু মেচৰ ভৱিষ্যদ্বাণী ।

এই পৰ্যন্ত আই পি এল ২০২৫ত চেন্নাই ছুপাৰ কিংছে দুখন মেচ খেলিছে । এই সময়ছোৱাত চেন্নাইয়ে এখন মেচত জয়ী হোৱাৰ লগতে এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত পৰাস্ত হৈছে চি এছ কে । আনহাতে, ৰাজস্থান ৰয়েলছে এতিয়াও আই পি এল ২০২৫ত জয়ৰ একাউণ্ট খুলিব পৰা নাই । ৰাজস্থানে দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখন । এইখন ৰাজস্থানৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ । অৱশ্যে এই খেলপথাৰতো ৰাজস্থান দলে জয়ী হ’ব পৰা নাই । এই একেখন খেলপথাৰতে ৰাজস্থানক পৰাস্ত কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে ।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰৰ প্ৰতিবেদন-

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পিটচ বলাৰৰ বাবে সহায়ক । ইয়াত বলটো পুৰণি হোৱাৰ পিছত ৰৈ যায় । এনে পৰিস্থিতিত এই খেলপথাৰত ডাঙৰ স্ক’ৰ কৰাটো অতি কঠিন । লক্ষ্য অনুসৰণ কৰাটো ইয়াত ভাল বুলি ধৰা হয় । কিন্তু যদি দলটোৱে প্ৰথমে বেটিং কৰাৰ পিছত ১৭৫+ ৰান কৰে তেন্তে লক্ষ্য অনুসৰণ কঠিন হৈ পৰিব পাৰে ।

মেচৰ ভৱিষ্যদ্বাণী-

একাংশ ক্ৰিকেট বিশেষজ্ঞৰ মতে এই মেচ চেন্নাই ছুপাৰ কিংছৰ হাতত আছে । ৰাজস্থানতকৈ চেন্নাইৰ দলটোক অধিক ভাৰসাম্যপূৰ্ণ দেখা গৈছে । লক্ষ্য অনুসৰণ কৰা দলটোৰ জয়ৰ সম্ভাৱনা বেছি ।

ৰাজস্থান ৰয়েলছৰ সাম্ভাব্য মূল একাদশ-

যশস্বী জয়ছোৱাল, সঞ্জু চেমছন, ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰানা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, ৱানন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহেশ তীকছানা, তুষাৰ দেশপাণ্ডে আৰু কুমাৰ কাৰ্তিকেয়া/সন্দীপ শৰ্মা ।

চেন্নাই চুপাৰ কিংছৰ সাম্ভাব্য মূল একাদশ-

ৰাচিন ৰবীন্দ্ৰ, ৰাহুল ত্ৰিপাঠী, ৰুতুৰাজ গাইকোৱাদ (অধিনায়ক), শিৱম ডুবে, দীপক হুদা / বিজয় শংকৰ, ছেম কাৰাণ, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনী (উইকেটকীপাৰ), আৰ অশ্বিন, নূৰ আহমেদ, খলিল আহমেদ আৰু মথিছা পাথিৰানা ।

কে কে আৰে খুলিলে জয়ৰ একাউণ্ট… ডি ককৰ ধুমুহাত বিধ্বস্ত ৰাজস্থান, একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ষষ্ঠখন মেচ বুধবাৰে (২৬ মাৰ্চ) ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত কে কে আৰে ৮ উইকেটত জয়লাভ কৰে ।

ইয়াৰ লগে লগে অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা কে কে আৰ দলটোৱে এই আই পি এল ছিজনত জয়ৰ একাউণ্ট মুকলি কৰিছে । এইখন দলটোৰ দ্বিতীয়খন মেচ । প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল কলকাতা ।

এই ছিজনত ৰাজস্থান দলৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল, য’ত ৪৪ ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল । উল্লেখ্য যে প্ৰথম তিনিখন মেচত সঞ্জু চেমচনৰ সলনি ৰাজস্থান দলৰ কমাণ্ড ৰিয়ান পৰাগৰ হাতত আছে ।

ডি ককৰ অপৰাজিত মেচ বিজয়ী ৯৭ ৰান-

টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত ৰাজস্থান দলে ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ উত্তৰত কে কে আৰে ২টা উইকেট হেৰুৱাই ১৭.৩ অভাৰত ১৫৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । মেচখনত কে কে আৰৰ অ’পেনাৰ কুইণ্টন ডি ককে ৩৬টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে ।

ইয়াৰ পিছতে মেচখনত ডি ককে ৬১টা বলত অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৬টা ছয় আৰু ৮টা চাৰিটা কোবাই । অধিনায়ক ৰাহানেই ১৮ ৰান সংগ্ৰহ কৰে । আনহাতে ইমপেক্ট প্লেয়াৰ অংকৃশ ৰঘুবংশীয়ে অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ বলাৰসকলে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় । মাত্ৰ ৱানিন্দু হাছাৰংগাইহে লাভ কৰে ১টা সফলতা ।

সংগ্ৰামৰ মাজতে ৰাজস্থানে এই স্ক’ৰ কৰে-

মেচখনত ৰাজস্থানে ৯টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ২৮টা বলত ৩৩ ৰানৰ ইনিংছ খেলে । আনহাতে যশস্বী জয়ছোৱালে ২৪টা বলত ২৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰিয়ান পৰাগে ১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰে । কে কে আৰ দলৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, ময়েন আলী আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২-২কৈ উইকেট দখল কৰে ।

ৰাজস্থান নে কলকাতা… আজি কোনে খুলিব বিজয়ৰ একাউণ্ট ? ৰিয়ান পৰাগ আৰু অজিংক্য ৰাহানেৰ সন্মুখত কঠিন প্ৰত্যাহ্বান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বাবে আজি (২৬ মাৰ্চ) বিশেষ দিন । আজি এই দুয়োটা দল মুখামুখি হ’ব । এই ছিজনত দুয়োটা দলৰ বাবে এইখন দ্বিতীয়খন মেচ । ইতিমধ্যে প্ৰথমখন খেলত পৰাস্ত হৈছে দুয়োটা দল ।

এনে পৰিস্থিতিত কলকাতা বা ৰাজস্থানৰ যিকোনো এটা দলে আজি তেওঁলোকৰ বিজয়ৰ একাউণ্ট খোলাটো নিশ্চিত । এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব । প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে ৰাজস্থান ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত ৪৪ ৰানত পৰাস্ত হয় ।

বেটিং আৰু বলিঙত দুৰ্বল দেখা গৈছিল দুয়োটা দলক-

এই দুয়োখন মেচতে নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থানৰ দলে বেটিং আৰু বলিং দুয়োটা বিভাগতে আগ্ৰাসী প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । সুনীল নাৰিনৰ বাহিৰে নাইট ৰাইডাৰ্ছৰ কোনো বলাৰেই আৰ চি বিৰ বেটছমেনক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল ।

এই মেচৰ পূৰ্বে ভাল ফৰ্মত থকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰাটো দলটোৰ বাবে চিন্তনীয় বিষয় । ইডেন গাৰ্ডেনছৰ খেলপথাৰত চক্ৰৱৰ্তীৰ বিৰুদ্ধে ফিল ছল্ট আৰু বিৰাট কোহলীয়ে সহজে খেলিছিল । এইগৰাকী স্পীনাৰ গুৱাহাটীত পুনৰ ফৰ্মলৈ উভতি অহাত সফল হ’ব বুলি আশা কৰিছে নাইট ৰাইডাৰ্ছ দলে ।

পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা এনৰিক নৰ্টজেৰ ফিটনেছৰ ওপৰতো চকু ৰাখিব নাইট ৰাইডাৰ্ছে । যদিহে এইগৰাকী দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰক ফিট ঘোষণা কৰা হয় তেন্তে স্পেন্সাৰ জনছনৰ ঠাইত তেওঁক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ।

শেষৰখন মেচত অধিনায়ক অজিংক্য ৰাহানে আৰু নাৰিনক আউট কৰাৰ পাছত নাইট ৰাইডাৰ্ছৰ মিডল অৰ্ডাৰ ভাঙি পৰে । ভেংকটেশ আয়াৰ আৰু আন্দ্ৰে ৰাছেলে ভুল শ্বট খেলি আউট হয় । দল পৰিচালনাই এতিয়া তেওঁলোক নিজৰ শ্বট নিৰ্বাচনত সতৰ্ক হ’ব বুলি আশা কৰিছে ।

ইয়াৰ উপৰিও নাইট ৰাইডাৰ্ছে ৰিংকু সিঙৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰিব । এই গৰাকী বিস্ফোৰক বেটছমেনে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শেষৰ পাঁচটা ইনিংছত মাত্ৰ ১১, ৯, ৮, ৩০, ৯ ৰানহে সংগ্ৰহ কৰিছিল । আনকি আই পি এলৰ প্ৰথমখন মেচতো তেওঁ মাত্ৰ ১২ ৰানহে কৰিবলৈ সক্ষম হয় ।

অতি দুৰ্বল ৰাজস্থানৰ বলিং প্ৰদৰ্শন-

যদি ৰাজস্থানৰ দলটোৱে প্ৰত্যাৱৰ্তন কৰিব লাগে, তেন্তে বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অন্তিমখন খেলত তেওঁলোকৰ মূল ফাষ্ট বলাৰ জোফ্ৰা আৰ্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়াৰ বিপৰীতে ফজল হক ফাৰুকী আৰু মহেশ তীক্ষনায়ো বেটছমেনক ৰোধ কৰাত ব্যৰ্থ হয় ।

আটাইকেইজনে গুৱাহাটীত ফৰ্মলৈ উভতি অহাৰ সুযোগ পাব । ৰাজস্থানৰ ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগকো পৰীক্ষা কৰা হ’ব কাৰণ প্ৰথমখন মেচত কিছু সিদ্ধান্ত লোৱাৰ সময়ত তেওঁক বিভ্ৰান্তিৰ অৱস্থাত দেখা গৈছিল ।

ঈশান কিষণৰ শতকীয় ইনিংছত নিস্প্ৰভ ৰাজস্থান… জয়েৰে আই পি এলৰ অভিযান আৰম্ভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ দ্বিতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত এছ আৰ এইচে ৪৪ ৰাণত জয়লাভ কৰে । ৰাজস্থান ৰয়েলছে জয়ী হ’বলৈ ২৮৭ ৰানৰ লক্ষ্য লাভ কৰিছিল । লক্ষ্য অনুসৰণ কৰি দলটোৱে ৬ উইকেটত মাত্ৰ ২৪২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।


লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছে অতি দুৰ্বল আৰম্ভণি কৰে । দ্বিতীয় অভাৰতে দলটোৱে দুটাকৈ উইকেট হেৰুৱাই শলঠেকত পৰে । পেচাৰ ছিমৰজীত সিঙে প্ৰথমে যশস্বী জয়ছোৱালক আউট কৰে (১) । ইয়াৰ পিছতে তেওঁ অধিনায়ক ৰিয়ান পৰাগ (৪) পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে মহম্মদ ছামীয়ে নীতিশ ৰাণাক আউট কৰে আৰু এই সময়ত ৰাজস্থানৰ তিনি উইকেটত ৫০ ৰান আছিল । ইয়াৰ পৰাই ‘ইমপেক্ট চাব’ সঞ্জু চেমচন আৰু ধ্ৰুৱ জুৰেলে একেলগে ইনিংছৰ দায়িত্ব লয় । দুয়োৰে মাজত ১১১ ৰানৰ অংশীদাৰিত্ব আছিল । এই অংশীদাৰিত্ব ভংগ কৰি সঞ্জু চেমছনক পেভিলিয়নৰ বাট দেখুৱাই হৰ্ষল পেটেলে ।

সঞ্জু চেমছনে ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, য’ত ৭টা চাৰি আৰু ৪টা ছয় আছে । তাৰ পাছত স্পীনাৰ আডাম জাম্পাই ধ্ৰুৱ জুৰেলৰ ইনিংছ সমাপ্ত কৰে । জুৰেলে ২০০ ষ্ট্ৰাইক ৰেটত ৭০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত জুৰেলে পাঁচটা চাৰি আৰু ৬টা ছয় কোবাই । পাঁচটা উইকেটৰ পতনৰ পাছত শ্বিমৰন হেটমায়াৰ আৰু শুভম ডুবেৰ মাজত ৮০ ৰানৰ বিস্ফোৰক অংশীদাৰিত্ব আছিল যদিও ডাঙৰ লক্ষ্যৰ বাবে তেতিয়ালৈকে মেচখন ইতিমধ্যে ৰাজস্থানৰ হাতৰ পৰা ওলাই গৈছিল ।

শ্বিমৰন হেটমায়াৰে ২৩টা বলত ৪২ ৰান সংগ্ৰহ কৰে । হেটমায়াৰক আউট কৰে বেগী বলাৰ হৰ্ষল পেটেলে । আনহাতে শুভম ডুবে ১১টা বলত ৩৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । শুভম আৰু হেটমায়াৰ দুয়োজনে নিজৰ ইনিংছত ৪টা ছয় আৰু এটা চাৰিটা কোবাই । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ছিমৰজীত সিং আৰু হৰ্ষল পেটেলে দুটাকৈ উইকেট দখল কৰে ।

দ্বিতীয় সৰ্বাধিক স্ক’ৰ কৰে ছানৰাইজাৰ্ছে, ঈশান কিষণৰ শতক-

মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ৬ উইকেটত ২৮৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত যিকোনো দলৰ এইটোৱেই আছিল দ্বিতীয় সৰ্বাধিক স্ক’ৰ । উল্লেখ্য যে আই পি এলৰ ইতিহাসত সৰ্বোচ্চ স্ক’ৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নামত আছে । যোৱা বছৰ হায়দৰাবাদে একেখন খেলপথাৰতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে ৩টা উইকেট হেৰুৱাই ২৮৭ ৰান সংগ্ৰহ কৰিছিল ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি ভাল আছিল । ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই ১৯টা বলত ৪৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অভিষেক ১১টা বলত ২৪ ৰান সংগ্ৰহ কৰি আউট হয়, য’ত ৫টা চাৰি আছিল । স্পীনাৰ মহিষ তীক্ষনাৰ বলিংত অভিষেকক কেচ আউট কৰে যশস্বী জয়ছোৱালে । অভিষেক আউট হোৱাৰ পিছত ঈশান কিষানে হেডৰ সৈতে দায়িত্ব লয় আৰু দুয়োজনে ৩৮টা বলত ৮৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । এই সময়ছোৱাত হেডে মাত্ৰ ২১টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । তুষাৰ দেশপাণ্ডেই হেডক আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে ।

৩১টা বলত ৬৭ ৰান সংগ্ৰহ কৰি আউট হয় ট্ৰেভিছ হেড । হেডে তেওঁৰ ইনিংছত ৯টা চাৰি আৰু তিনিটা ছয় কোবাই । হেড আউট হোৱাৰ পিছত ঈশান কিষণৰ সৈতে দায়িত্ব লয় নীতিশ কুমাৰ ৰেড্ডীয়ে । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ৭২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । মহেশ তীক্ষনাৰ বলত ৩০ ৰান সংগ্ৰহ কৰি আউট হয় নীতিশ । নীতিশ আউট হোৱাৰ পিছতো ৰাজস্থানৰ সমস্যা কমি যোৱা নাছিল কাৰণ হেনৰিচ ক্লাচেন ক্ৰীজলৈ আহিছিল । ক্লাচেন আৰু ইষাণে একেলগে ৰান বৰষুণ পেলাইছিল । ১৪টা বলত ৩৪ ৰান সংগ্ৰহ কৰি ক্লাচেনে আউট হয় ।

হেনৰিচ ক্লাচেন আউট হোৱাৰ কিছু সময়ৰ পিছতে ঈশান কিষণে নিজৰ শতক সম্পূৰ্ণ কৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰথমখন মেচ খেলা ঈশানে ৪৫টা বলত শতক সম্পূৰ্ণ কৰে । ৪৬টা বলত ১০৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ঈশান । এই সময়ছোৱাত ঈশান কিষানে ১১টা চাৰি আৰু ৬টা ছয় কোবাই । ৰাজস্থান ৰয়েলছৰ হৈ তুষাৰ দেশপাণ্ডেই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে মহেশ তীক্ষনাই দুটা সফলতা লাভ কৰে । সন্দীপ শৰ্মাই এটা উইকেট লাভ কৰে ।