শীঘ্ৰেই পিতৃ হ’ব অভিনেতা ৰনদীপ হুদা; পত্নীৰ বেবী বাম্পৰ ফটোৰে বিশেষ পোষ্ট
তাৰকা দম্পতী ৰনদীপ হুদা আৰু লিন লাইশ্ৰমে নতুন সদস্যক আদৰিবলৈ আগ্ৰহী হৈ আছে।
তাৰকা দম্পতী ৰনদীপ হুদা আৰু লিন লাইশ্ৰমে প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ ওলাইছে আৰু পৰিয়াললৈ নতুন সদস্যক আদৰিবলৈ আগ্ৰহী হৈ আছে।
কণমানি অতিথিগৰাকীৰ আগমনৰ পূৰ্বে ৰনদীপ হুদাই লিনৰ বাবে এক হৃদয়স্পৰ্শী বাৰ্তা লিখিছে, য’ত তেওঁ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছে।
অভিনেতাগৰাকীয়ে লিখিছে,’মাতৃত্বৰ এই সুন্দৰ নতুন অধ্যায়ত ভৰি দিয়াৰ লগে লগে,মই পূৰ্বৰে পৰাই তোমাৰ শক্তি,তোমাৰ মৰ্যাদা আৰু তোমাৰ সীমাহীন প্ৰেমত মোহিত হৈছো।তোমাক এই সকলোবোৰ কৰা দেখি মই তোমাৰ প্ৰতি আকৌ এবাৰ প্ৰেমত পৰিছো।’ ৰণদীপে নিজৰ সন্তানৰ জন্মদিনৰ কথা উল্লেখ কৰি তেওঁলোকৰ এই যাত্ৰা উদযাপন কৰিছে।
অভিনেতা গৰাকীয়ে লিখিছে, ‘তোমাৰ কাৰণে, আমাৰ কাৰণে আৰু সেই সপোনটোৰ কাৰণে যিটো আমি একেলগে দেখিছো।
পোষ্টটোৰ লগতে অভিনেতাগৰাকীয়ে গৰ্ভৱতী লিনৰ এখন ফটোও শ্বেয়াৰ কৰিছে।য’ত গৰ্ভাৱস্থাৰ ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁৰ বেবী বাম্প দেখাইছে। ইয়াৰ উত্তৰত লিনে লিখিছে,ধন্যবাদ মোৰ বেবী।
লগতে পঢ়ক: দ্বিতীয়বাৰলৈ মাতৃ হ’ল কমেডিয়ান ভাৰতী সিং; কন্যা নে পুত্ৰ সন্তান দিলে জন্ম