হৰমুজ প্ৰণালী পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিলে প্ৰথমখন তেল টেংকাৰ…

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে হৰমুজ প্ৰণালী পাৰ হৈ মুম্বাইত উপস্থিত হৈছে এখন ভাৰতীয় তেল টেংকাৰ। যি সময়ত কোনো জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব পৰা নাই, সেই সময়ত ভাৰতীয় তেল টেংকাৰখনৰ নিৰাপদ যাত্ৰাক এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।

ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ মাজত প্ৰকৃত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে হৰমুজ প্ৰণালী।বিশ্বজুৰি তেল বাণিজ্যৰ বাবে হৰমুজ প্ৰণালী এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ, যিটো ইতিমধ্যে ইৰাণে বন্ধ কৰি দিছে।হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে মধ্যপ্ৰাচ্যৰ পৰা অহা তেল বিশ্বৰ তেলৰ বজাৰত প্ৰৱেশ কৰিব নোৱাৰাৰ ফলত তেলৰ মূল্য আকাশলংঘী হৈছে।

য’ত অন্য দেশৰ তেল টেংকাৰে হৰমুজ প্ৰণালী পাৰ হ’ব পৰা নাই একে সময়তে ভাৰতে এক উল্লেখযোগ্য সফলতা লাভ কৰিছে।যুদ্ধৰ মাজতে নিৰাপদে মুম্বাইত উপস্থিত হৈছে এখন ভাৰতীয় তেল টেংকাৰ।

মুম্বাই প’ৰ্ট ট্ৰাষ্টে জনোৱা মতে, বুধবাৰে টেংকাৰখন মুম্বাই বন্দৰত উপস্থিত হয়। জাহাজখনে হৰমুজ প্ৰণালী নিৰাপদে পাৰ হোৱাটো অত্যন্ত বিপজ্জনক আছিল কিন্তু ভাৰতীয় অধিনায়কৰ বুদ্ধিমত্তাৰ বাবে টেংকাৰখন হৰমুজ প্ৰণালী পাৰ হৈ আহিলে।

হৰমুজ প্ৰণালীৰ বিপদজনক অঞ্চলৰ মাজেৰে পাৰ হৈ অহাৰ সময়ত জাহাজখনে কিছু সময়ৰ বাবে নিজৰ ট্ৰেকিং ব্যৱস্থাটো বন্ধ কৰি ‘ডাৰ্ক মোড’ত প্ৰৱেশ কৰে। জাহাজখনে ১,৩৫,৩৩৫ মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই আনিছে, ইয়াৰ আনলোডিং আৰম্ভ হৈছে আৰু ইয়াক মুম্বাই শোধনাগাৰলৈ লৈ যোৱা হ’ব।

লগতে পঢ়ক: সকাহ… ইৰানে ভাৰতৰ বাবে খুলিলে হৰমুজৰ পথ

সকাহ… ইৰানে ভাৰতৰ বাবে খুলিলে হৰমুজৰ পথ

ইৰানে ভাৰতীয় টেংকাৰসমূহক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ যাতায়তৰ অনুমতি প্ৰদান কৰিছে

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতে লাভ কৰিছে বৃহৎ সকাহ । জানিব পৰা মতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ইৰানৰ বৈদেশিক মন্ত্ৰী ছেইয়দ আব্বাছ আৰাঘচিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছত ইৰানে ভাৰতীয় টেংকাৰসমূহক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ যাতায়তৰ অনুমতি প্ৰদান কৰিছে । ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে এয়া এক উল্লেখযোগ্য পদক্ষেপ, কিয়নো হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় পথ, য’ত বিশ্বৰ তেল আৰু প্ৰাকৃতিক গেছৰ এক উল্লেখযোগ্য অংশ পাৰ হয় ।

আৰাঘচিৰ সৈতে বৈদেশিক মন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ পিছতে ইৰাণে ভাৰতীয় তেল টেংকাৰক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিছে বুলি বৃহস্পতিবাৰে বাতৰিত প্ৰকাশ পাইছে । দুয়োগৰাকী বৈদেশিক মন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ লক্ষ্য আছিল এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটো মুকলি কৰি ৰখা যাতে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ যোগানত ব্যাঘাত জন্মিব নোৱাৰে ।

জানিব পৰা মতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কেৱল ইৰানৰ সৈতে নহয়, বিশ্বৰ অন্যান্য প্ৰধান শক্তিসমূহৰ সৈতেও বাৰ্তালাপ কৰে । এই জটিল বিষয়টো তেওঁ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন ন’ৱেল বাৰোৰ সৈতেও আলোচনা কৰে । এই আলোচনাসমূহৰ লক্ষ্য আছিল সামুদ্ৰিক বাণিজ্যিক পথসমূহ মুকলি কৰি ৰখা আৰু বিশ্বৰ যোগান শৃংখলাত ব্যাঘাত জন্মাটো ৰোধ কৰা ।

আমেৰিকা, ইউৰোপ, ইজৰাইলৰ সৈতে সংযুক্ত জাহাজসমূহে এই পথত কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ সময়ত ইৰানে ভাৰতক এই বিশেষ ৰেহাই প্ৰদান কৰিছে । ভাৰতক এই ৰেহাই প্ৰদান কৰি ইৰানে এইটোও স্পষ্ট কৰি দিছে যে আমেৰিকা, ইউৰোপ, ইজৰাইলৰ সৈতে সংযুক্ত জাহাজৰ ওপৰত নিষেধাজ্ঞা অব্যাহত থাকিব যদিও ভাৰতীয় টেংকাৰে নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰিব পাৰিব । ভাৰতৰ বাবে এয়া এক কূটনৈতিক সফলতা, কিয়নো বৰ্তমান হৰমুজ প্ৰণালীত জাহাজৰ যাতায়ত ৯০% হ্ৰাস পাইছে, যাৰ ফলত কেইবাখনো দেশৰ টেংকাৰ আবদ্ধ হৈ আছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত ভাৰত অভিমুখী জাহাজত আক্ৰমণ, বিদেশ মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া

হৰমুজ প্ৰণালীত ভাৰত অভিমুখী জাহাজত আক্ৰমণ, বিদেশ মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া

হৰমুজ প্ৰণালীত ভাৰত অভিমুখী এখন মালবাহী জাহাজ আক্ৰমণৰ সন্মুখীন হয়

মধ্যপ্ৰাচ্যৰ মাজেৰে যোৱা অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ প্ৰণালীত ভাৰত অভিমুখী এখন মালবাহী জাহাজ আক্ৰমণৰ সন্মুখীন হয় । গুজৰাটৰ কণ্ডলা বন্দৰলৈ ৰাওনা হৈছিল জাহাজখন । এই আক্ৰমণৰ পিছতে ভাৰতে বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে ।

খবৰ অনুসৰি যোৱা ১১ মাৰ্চত থাইলেণ্ডৰ মালবাহী জাহাজ ময়ুৰী নাৰী অচিনাক্ত আক্ৰমণৰ সন্মুখীন হয় । এই আক্ৰমণৰ ফলত জাহাজখনত অগ্নিকাণ্ড সংঘটিত হয় । ওমানৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ১১ নটিকেল মাইল দূৰত্বত সংঘটিত হৈছে এই ঘটনা ।

জাহাজ অনুসৰণৰ তথ্যত জাহাজখন ময়ুৰী নাৰী বুলি চিনাক্ত কৰা হৈছে । থাইলেণ্ড চৰকাৰে জনোৱা মতে, জাহাজখনত মুঠ ২৩ জন ক্ৰু মেম্বাৰ আছিল । দুৰ্ঘটনাৰ পিছত ২০ জন ক্ৰু সদস্যক নিৰাপদে উলিয়াই অনা হয়, আনহাতে তিনিজন জাহাজতে আছে ।

এই আক্ৰমণৰ পিছতে ওমানৰ নৌসেনাই ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । ৰয়েল থাই নৌসেনা আৰু ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনেও নিশ্চিত কৰিছে যে মালবাহী জাহাজখনত অচিনাক্ত আক্ৰমণৰ সন্মুখীন হৈছে । কিন্তু এই আক্ৰমণত ব্যৱহৃত অস্ত্ৰ এতিয়াও আনুষ্ঠানিকভাৱে চিনাক্ত হোৱা নাই আৰু কোনো দেশ বা সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

ঘটনাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ সময়ত বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাটো গভীৰ উদ্বেগজনক । মন্ত্ৰালয়ে উল্লেখ কৰে যে ইয়াৰ পূৰ্বেও একেধৰণৰ আক্ৰমণত ভাৰতীয় নাগৰিককে ধৰি অসংখ্য লোকৰ প্ৰাণহানি হৈছে আৰু এই আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পোৱা যেন লাগে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত গুজৰাট অভিমুখী জাহাজত আক্ৰমণ, ওমান নৌসেনাৰ উদ্ধাৰ অভিযান

হৰমুজ প্ৰণালীত গুজৰাট অভিমুখী জাহাজত আক্ৰমণ, ওমান নৌসেনাৰ উদ্ধাৰ অভিযান

আক্ৰমণৰ পিছতে জাহাজখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়

পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ১১ মাৰ্চত হৰমুজ প্ৰণালীত এক বৃহৎ ঘটনা সংঘটিত হয় । থাইলেণ্ডৰ পতাকা থকা এখন মালবাহী জাহাজ গুজৰাট অভিমুখে আহি থকা অৱস্থাত কোনো অজ্ঞাত বস্তুৱে আঘাত কৰে । আক্ৰমণৰ পিছতে জাহাজখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় । ওমানৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ১১ নটিকেল মাইল দূৰত্বত সংঘটিত হৈছে এই ঘটনা ।

জাহাজখনৰ নাম “ময়ুৰী নাৰী” বুলি চিনাক্ত কৰা হৈছে । থাইলেণ্ড চৰকাৰে কয় যে আক্ৰমণৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । জাহাজখনত মুঠ ২৩ জন ক্ৰু মেম্বাৰ আছিল । ওমানৰ নৌসেনাই ক্ষিপ্ৰতাৰে অভিযান চলাই ২০ জনক নিৰাপদে উদ্ধাৰ কৰে । অৱশ্যে জাহাজখনত এতিয়াও তিনিজন ক্ৰু মেম্বাৰ আছে । তেওঁলোকৰ অৱস্থা বা জাহাজখনৰ ক্ষতিৰ পৰিসৰৰ তথ্য এতিয়াও প্ৰকাশ কৰা নাই বিষয়াসকলে ।

ৰয়েল থাই নেভি আৰু ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনে এই আক্ৰমণৰ খবৰ দিয়ে । তদন্তত প্ৰকাশ পাইছে যে জাহাজখন প্ৰিচিয়াছ শ্বিপিং নামৰ কোম্পানী এটাৰ মালিকানাধীন বাল্ক কেৰিয়াৰ আছিল । ইয়াৰ পৰিচয় ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ নম্বৰ আৰু জাহাজখনৰ কামৰ দ্বাৰা নিশ্চিত কৰা হৈছিল । এই আক্ৰমণৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডক সময়মতে নিয়ন্ত্ৰণলৈ অনা হয় ।

সামুদ্ৰিক অনুসৰণ ব্যৱস্থাৰ তথ্য অনুসৰি এই আক্ৰমণ সংঘটিত হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জাহাজ পথ হৰমুজ প্ৰণালীৰ ভিতৰত, যিয়ে বিশ্বৰ শক্তি যোগানৰ এক উল্লেখযোগ্য অংশ । জাহাজখনৰ শেষৰটো লিপিবদ্ধ স্থান আছিল ১১ মাৰ্চত ওমানৰ উপকূলৰ ওচৰত ।

লগতে পঢ়ক : ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানৰ ড্ৰোন আক্ৰমণ, এগৰাকী ভাৰতীয়ৰ লগতে ৪জন আহত

পাকিস্তানত তেল সংকট; বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ৰ বাবে শ্বাহবাজ শ্বৰীফৰ নিৰ্দেশনা

মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে পাকিস্তানৰ ইন্ধনৰ সংকট আৰু গভীৰ কৰি তুলিছে। তেল ৰাহিৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ৰ সৈতে জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱ আৰু হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰভাৱ এতিয়া পাকিস্তানত স্পষ্টকৈ দেখা গৈছে।তেলৰ দাম ১০০ ডলাৰ অতিক্ৰম কৰাৰ লগে লগে দেশত ইন্ধনৰ সংকট গভীৰ হৈছে কাৰণ ইৰাণে হৰমুজ প্ৰণালীত আৰোপ কৰা নিষেধাজ্ঞাৰ পিছত পাকিস্তানে তেলৰ যোগান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এনে পৰিস্থিতিত পাকিস্তান চৰকাৰে কিছুমান বৃহৎ নির্দেশ জাৰি কৰি ইয়াক কঠোৰভাৱে বলবৎ কৰিবলৈ কৈছে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ৰ বাবে কঠোৰ নিৰ্দেশনা ঘোষণা কৰিছে।পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে শক্তি সংকট দূৰ কৰাৰ লক্ষ্যৰে এই নতুন নিয়ম ঘোষণা কৰিছে।

স্কুল, কলেজ আৰু কাৰ্যালয়ৰ ৫ টা নিৰ্দেশনা হ’ল…

১. দুসপ্তাহৰ বাবে বন্ধ থাকিব পাকিস্তানৰ বিদ্যালয়।

২. উচ্চ শিক্ষা (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়)ৰ শ্ৰেণীসমূহ অনলাইনলৈ স্থানান্তৰ কৰা হ’ব।

৩. সপ্তাহত চাৰিদিনহে চৰকাৰী কাৰ্যালয় খোলা থাকিব।

৪. চৰকাৰী বিভাগৰ ৫০% কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব।

৫. আগন্তুক দুমাহৰ বাবে চৰকাৰী বিভাগসমূহে লাভ কৰা ইন্ধন ৫০% কৰ্তন কৰা হ’ব।

ইয়াৰ উপৰিও ইফটাৰ পাৰ্টিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।চৰকাৰৰ মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই পদক্ষেপ প্ৰযোজ্য হৈ থাকিব।

পাকিস্তানত ইন্ধনৰ সংকটৰ মূল কাৰণ হৈছে হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনা।আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথৰ জৰিয়তে তেল যোগানত প্ৰভাৱ পেলাইছে।পাকিস্তানেও এই পথৰ জৰিয়তে তেলৰ যোগান লাভ কৰে,যাৰ বাবে এই সংকটৰ প্ৰত্যক্ষ প্ৰভাৱ দেশখনৰ অৰ্থনীতিত পৰিছে ।

লগতে পঢ়ক: ‘যুদ্ধ কেতিয়া শেষ হ’ব সেই কথা আমেৰিকাই নহয় আমি সিদ্ধান্ত ল’ম’; ট্ৰাম্পৰ দাবীত ইৰাণৰ প্ৰত্যুত্তৰ

হৰমুজ প্ৰণালীত তীব্ৰতৰ হৈ উঠিছে যুদ্ধ, ভাৰতত স্তব্ধ হৈ পৰিব পাৰে ইণ্টাৰনেট!

বাস্তৱতে বিশ্বৰ বেছিভাগ ইণ্টাৰনেট ট্ৰেফিক সাগৰৰ তলৰ ফাইবাৰ-অপ্টিক কেবলৰ জৰিয়তে যাত্ৰা কৰে । দিহে হৰমুজ প্ৰণালীত উত্তেজনা বৃদ্ধি পায়, তেন্তে সাগৰৰ তলেৰে যোৱা কেবলত বহুতো প্ৰভাৱ পৰিব পাৰে ।

পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ মাজতে হৰমুজ প্ৰণালীক লৈয়ো বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । এই সাগৰীয় পথটো দীৰ্ঘদিন ধৰি বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হিচাপে বিবেচিত হৈ আহিছে । অৱশ্যে কেৱল পেট্ৰ’ল আৰু ডিজেলৰ বাবেই নহয় ডিজিটেল আন্তঃগাঁথনিৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এই অঞ্চলত অসংখ্য ফাইবাৰ-অপ্টিক কেবল সাগৰৰ তলত স্থাপন কৰা হৈছে যিয়ে ইণ্টাৰনেটৰ তথ্য এখন দেশৰ পৰা আন এখন দেশলৈ লৈ যায় । বিশেষজ্ঞসকলৰ মতে এই অঞ্চলত সংঘাত বা বিঘিনি ঘটিলে কেৱল তেলৰ বজাৰতে নহয়, ইণ্টাৰনেট সেৱাতো প্ৰভাৱ পৰিব পাৰে ।

বহু লোকে ধাৰণা কৰে যে ইণ্টাৰনেট উপগ্ৰহৰ দ্বাৰা চালিত হয়, কিন্তু বাস্তৱতে বিশ্বৰ বেছিভাগ ইণ্টাৰনেট ট্ৰেফিক সাগৰৰ তলৰ ফাইবাৰ-অপ্টিক কেবলৰ জৰিয়তে যাত্ৰা কৰে । এই একে কেবলসমূহে ইমেইল, অনলাইন বেংকিং, ক্লাউড ডাটা, ভিডিঅ’ কল, ষ্ট্ৰীমিং, আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল লেনদেন সক্ষম কৰি তোলে । সেইবাবেই এই অঞ্চলটোত যিকোনো অস্থিৰতাই বিশ্বব্যাপী ইণ্টাৰনেট নেটৱৰ্কৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আমাৰ ইণ্টাৰনেট সেৱাত প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে ।

ভাৰতৰো আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট সংযোগ বহু পৰিমাণে আৰব সাগৰৰ মাজেৰে উপসাগৰীয় অঞ্চল আৰু ইউৰোপলৈ যোৱা সাগৰৰ তলৰ কেবলৰ ওপৰত নিৰ্ভৰশীল । এই কেবলবোৰৰ এটা বৃহৎ অংশ হৰমুজ বন্দৰৰ মাজেৰে পাৰ হৈ যায় । বাতৰি অনুসৰি ভাৰতৰ পশ্চিম দিশলৈ যোৱা ইণ্টাৰনেটৰ প্ৰায় এক তৃতীয়াংশ এই অঞ্চলৰ মাজেৰে পাৰ হৈ যায় । অৰ্থাৎ ভাৰতৰ পৰা বিদেশলৈ তথ্য যাতায়তৰ এক উল্লেখযোগ্য অংশ এই পথৰ ওপৰত নিৰ্ভৰশীল । এই ডাটা ট্ৰেফিক আমাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ যেনে- ক্লাউড কম্পিউটিং প্লেটফৰ্ম, আন্তঃৰাষ্ট্ৰীয় বেংকিং আৰু বিত্তীয় নেটৱৰ্ক, বহুজাতিক কোম্পানীসমূহৰ ডিজিটেল পৰিচালনা, ছ’চিয়েল মিডিয়া আৰু ষ্ট্ৰীমিং সেৱা, উপসাগৰীয় অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল আন্তঃগাঁথনিপূৰণ কৰাত সহায় কৰে ।

বিশেষজ্ঞসকলৰ মতে, যদিহে হৰমুজ প্ৰণালীত উত্তেজনা বৃদ্ধি পায়, তেন্তে সাগৰৰ তলেৰে যোৱা কেবলত বহুতো প্ৰভাৱ পৰিব পাৰে । সাগৰৰ তলত পৰি থকা কেবলবোৰ জাহাজৰ লংগৰ, সামুদ্ৰিক দুৰ্ঘটনা, নৌসেনাৰ কাৰ্যকলাপ বা পানীৰ তলত বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পাৰে । আনকি এডাল কেবল ক্ষতিগ্ৰস্ত হ’লেও ইণ্টাৰনেট ট্ৰেফিকত যথেষ্ট পৰিমাণৰ ব্যাঘাত জন্মিব পাৰে ।

আনহাতে সাধাৰণ পৰিস্থিতিত এই কেবলসমূহ বিশেষ জাহাজ ব্যৱহাৰ কৰি মেৰামতি কৰা হয়, কিন্তু যুদ্ধ বা নিৰাপত্তাৰ বিপদৰ ক্ষেত্ৰত মেৰামতি কৰাটো কঠিন হৈ পৰে । এনে মেৰামতিৰ বাবে কেতিয়াবা কেইবামাহো লাগিব পাৰে । ইফালে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ইণ্টাৰনেট ট্ৰেফিক তাত্ত্বিকভাৱে অন্য কেবল পথলৈ পুনৰ স্থানান্তৰ কৰিব পৰা যাব, কিন্তু সেই পথসমূহত পৰ্যাপ্ত ক্ষমতাৰ অভাৱ । ইয়াৰ ফলত ইণ্টাৰনেটৰ গতি লেহেমীয়া হ’ব পাৰে আৰু নেটৱৰ্কৰ চাপ বৃদ্ধি পাব পাৰে ।

যদিহে হৰমুজ প্ৰণালীৰ আশে-পাশে থকা কেবলত বিঘিনি ঘটে তেন্তে ভাৰতৰ ঘৰুৱা ইণ্টাৰনেট নেটৱৰ্কত শীঘ্ৰেই কোনো প্ৰভাৱ নপৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় সংযোগত প্ৰভাৱ পৰিব পাৰে । ইয়াৰ ফলত বিদেশী চাৰ্ভাৰৰ সৈতে সংযুক্ত সেৱাসমূহৰ লগতে আন্তঃৰাষ্ট্ৰীয় লেনদেন, বিশ্বব্যাপী চফ্টৱেৰ প্লেটফৰ্মসমূহ আৰু বিদেশী ৱেবছাইটসমূহৰ গতিত প্ৰভাৱ পৰিব পাৰে । ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেটৰ গতি লেহেমীয়া বা সেৱাত বিলম্বৰ সন্মুখীন হ’ব পাৰে ।

লগতে পঢ়ক : আবুধাবিৰ সৰ্ববৃহৎ হিন্দু মন্দিৰত হাই এলাৰ্ট, যুদ্ধৰ মাজতে বন্ধ BAPS মন্দিৰ