স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিৰ পৰা যুৱ শক্তি, অপাৰেচন সিন্দুৰলৈকে… মন কি বাতত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মন কি বাত অনুষ্ঠানৰ ১২৯ সংখ্যক খণ্ডত দেওবাৰে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই বৰ্ষটোত ভাৰতে সকলোতে শক্তিশালী উপস্থিতি ৰাখে বুলি কয় তেওঁ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মন কি বাত অনুষ্ঠানৰ ১২৯ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰে । এই বছৰ সেনাৰ বীৰত্বৰ চিন স্বৰূপ অপাৰেচন সিন্দুৰ, স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰি, এন্টিবায়টিক, কাশ্মীৰৰ বাৰামুল্লাত পোৱা বৌদ্ধ স্তুপৰ অৱশিষ্ট, দেশৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কিছুদিন পিছতে আমি ২০২৬ বৰ্ষত ভৰি দিম  আৰু এই সময়ছোৱাত সমগ্ৰ বছৰৰ স্মৃতি তেওঁৰ মনত জিলিকি উঠিছে । ২০২৫ চনত এনে বহু মুহূৰ্ত আছিল যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছিল । এই বৰ্ষটোত ভাৰতে সকলোতে শক্তিশালী উপস্থিতি ৰাখে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে আমাৰ দেশৰ আটাইতকৈ ভাল কথাটো হ’ল বছৰৰ সকলো সময়তে দেশৰ কোনোবা নহয় কোনোবা প্ৰান্তত উৎসৱমুখৰ পৰিৱেশ । কেৱল বিভিন্ন উৎসৱে-পাৰ্বনেই নহয়, বিভিন্ন ৰাজ্যত স্থানীয় উৎসৱৰো আয়োজন কৰা হয় । অৰ্থাৎ ভ্ৰমণৰ সিদ্ধান্ত ল’লে দেশৰ কোনোবা এটা কোণ সদায় নিজস্ব উদযাপনৰ সৈতে সাজু হৈ থাকে ।

স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিক স্মৰণ-

মন কি বাতত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিক স্মৰণ কৰে । তেওঁ কয় যে অহা মাহত আমি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰিম । যেতিয়াই এনে অনুষ্ঠান হয় তেতিয়াই আমাৰ হৃদয় স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতাসকলৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰে । আমাৰ দেশে স্বাধীনতাৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰাম চলাইছিল । দেশৰ প্ৰতিটো প্ৰান্তৰ লোকে স্বাধীনতা আন্দোলনত অৱদান আগবঢ়াইছিল বুলিও তেওঁ কয় । কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ বহু বীৰ-বীৰাংগনাই প্ৰাপ্য সন্মান নাপালে ।

ন্টিবায়টিক ব্যৱহাৰ সন্দৰ্ভত কি কলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মন কি বাতৰ এই বৰ্ষৰ অন্তিম খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন্টিবায়টিক ব্যৱহাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে । তেওঁ কয় যে শেহতীয়াকৈ আই চি এম আৰ-এ এক প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত কোৱা হৈছে যে এন্টিবায়টিক নিউমোনিয়া আৰু ইউ টি আইৰ দৰে বহু ৰোগৰ বিৰুদ্ধে অকাৰ্যকৰী বুলি প্ৰমাণিত হৈছে । এইটো আমাৰ সকলোৰে বাবে অতিশয় চিন্তাৰ বিষয় ।

এই প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ এটা প্ৰধান কাৰণ হৈছে মানুহে এন্টিবায়টিক অসাৱধানতাৰে ব্যৱহাৰ কৰে । এন্টিবায়টিক এনে ঔষধ নহয় যিবোৰ চিন্তা নকৰাকৈ খাব লাগে । চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব লাগে । আজিকালি মানুহে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে কেৱল এটা বড়ি খালেই তেওঁলোকৰ সকলো সমস্যা ভাল হ’ব । এই কাৰণেই ৰোগ আৰু সংক্ৰমণে এই এন্টিবায়টিকবোৰক প্ৰভাৱ পেলাইছে ।

অপাৰেচন সিন্দুৰক গৌৰৱৰ প্ৰতীক বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ-

মন কি বাতৰ আজিৰ খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইবাৰ অপাৰেচন সিন্দুৰ প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক হৈ পৰিল । বিশ্বই দেখিলে যে আজিৰ ভাৰতে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰে । মানুহে নিজৰ নিজৰ ধৰণেৰে নিজৰ অনুভৱ প্ৰকাশ কৰিছিল । এই একেই আৱেগ বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীতো দেখা গ’ল ।

ভাৰতৰ যুৱ শক্তি আশাৰ কাৰণ- প্ৰধানমন্ত্ৰী মোদী

দেশৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ সন্দৰ্ভত মন কি বাতত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ বিশ্বই ভাৰতক নতুন আশাৰে চাইছে আৰু ভাৰতৰ আশা নিহিত হৈ আছে ইয়াৰ যুৱ শক্তি আৰু বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমাৰ সাফল্যৰ ওপৰত । ভাৰতৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱনৰ প্ৰতি আকৰ্ষণ আছে আৰু সমানেই সচেতন ।

মন কি বাতত তেওঁ কয় যে যুৱক-যুৱতীসকলে মোক সুধিছে যে তেওঁলোকে দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগাব পাৰে । আমাৰ যুৱ বন্ধুসকলৰ কৌতুহলৰ উত্তৰ হৈছে ইয়ং লীডাৰ ডায়েলগ । শেহতীয়াকৈ ইয়াৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল আৰু এতিয়া ইয়াৰ দ্বিতীয় সংস্কৰণ অতি সোনকালে অনুষ্ঠিত হ’ব । মই নিশ্চয় ইয়াত অংশগ্ৰহণ কৰিম । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াত আমাৰ যুৱক-যুৱতীসকলে উদ্ভাৱন, ফিটনেছ, কৃষি আদি গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিব । ইয়াত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি পোৱা দেখি মই আনন্দিত হৈছো । কিছুদিন পূৰ্বে লাখ লাখ যুৱকে এক কুইজ প্ৰতিযোগিতাত অংশ লৈছিল ।

লগতে পঢ়ক : ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি গৌৰাৱান্বিত বিজেপিঃ প্ৰধানমন্ত্ৰী মোদী