ৰাতিপুৱা সোনকালে শুই উঠাৰো আছে অনেক উপকাৰিতা

সুস্বাস্থ্য আৰু সফল জীৱনৰ মেজিক মন্ত্ৰঃ ৰাতিপুৱা সোনকালে উঠাৰ ৬টা আচৰিত উপকাৰিতা-

বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে বেছিভাগ লোকৰে নিশা দেৰিলৈকে সাৰে থকা আৰু ৰাতিপুৱা দেৰিকৈ উঠাটো এটা সাধাৰণ অভ্যাস হৈ পৰিছে । কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, নিশা সঠিক সময়ত শোৱা আৰু ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাসে আমাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে । ৰাতিপুৱাৰ সময়ছোৱা শান্ত আৰু মন-মগজু সতেজ হৈ থকাৰ বাবে সোনকালে উঠা লোকসকলে নিজৰ কামসমূহ অধিক কাৰ্যক্ষমভাৱে সম্পূৰ্ণ কৰিব পাৰে ।

বিজ্ঞানেও স্বীকাৰ কৰা ৰাতিপুৱা সোনকালে উঠাৰ ৬টা মুখ্য লাভালাভ:

নিয়মিত ব্যায়ামৰ বাবে সময়

সোনকালে উঠাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল শৰীৰচৰ্চা, যোগাসন বা প্ৰাতঃভ্ৰমণৰ বাবে পৰ্যাপ্ত সময় পোৱা যায় । ৰাতিপুৱাৰ ব্যায়ামে শৰীৰত দিনটোৰ বাবে শক্তি সঞ্চাৰ কৰে, মানসিক চাপ কমায় আৰু নিশা টোপনি ভাল হোৱাত সহায় কৰে ।

স্বাস্থ্যকৰ উপাহাৰ গ্ৰহণৰ সুবিধা

দেৰিকৈ উঠা লোকসকলে প্ৰায়ে খৰখেদাত ৰাতিপুৱাৰ আহাৰ এৰাই চলে । কিন্তু সোনকালে উঠিলে পুষ্টিকৰ উপাহাৰ আৰামেৰে খাব পাৰি । দিনটোৰ প্ৰথমটো আহাৰ স্বাস্থ্যকৰ হ’লে শৰীৰত শক্তি বৰ্তি থাকে ।

শৰীৰৰ জৈৱিক ঘড়ী শুদ্ধ ৰখা

আমাৰ শৰীৰৰ ভিতৰত থকা প্ৰাকৃতিক ঘড়ী অৰ্থাৎ ‘ছাৰ্কাডিয়ান ৰিদম’ সঠিকভাৱে চলিবলৈ ৰাতিপুৱাৰ ৰ’দ অতি প্ৰয়োজন । ৰাতিপুৱা সোনকালে উঠি কোমল ৰ’দত কিছু সময় কটালে মগজুৱে দিন আৰম্ভ হোৱাৰ সংকেত পায় । ইয়াৰ ফলত হজম প্ৰক্ৰিয়া ভাল হয়, হৰম’নৰ ভাৰসাম্য বৰ্তি থাকে আৰু দীৰ্ঘম্যাদীভাৱে ডায়েবেটিছ, মেদবহুলতা, উচ্চ ৰক্তচাপ তথা হৃদৰোগৰ বিপদাশংকা হ্ৰাস পায় ।

ওজন নিয়ন্ত্ৰণত সহায়

বিভিন্ন গৱেষণা অনুসৰি, সোনকালে উঠা লোকসকলৰ শৰীৰে চৰ্বি বা ফেট অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰে । ইয়াৰ উপৰিও দিনটো সক্ৰিয় হৈ থকাৰ বাবে শৰীৰত অধিক কেলৰি দহন হয়, যিয়ে ওজন কমোৱাত সহায় কৰে ।

মানসিক স্বাস্থ্যৰ উন্নতি

ৰাতিপুৱাৰ ‘গোল্ডেন আৱাৰ’ বা কোমল ৰ’দত সময় কটালে শৰীৰ আৰু মন শিথিল (Relax) হয় । ই মানসিক চাপ কমাই মন প্ৰফুল্লিত কৰি ৰাখে ।

নিৰৱচ্ছিন্নভাৱে কাম সম্পূৰ্ণ কৰাৰ সুবিধা

ৰাতিপুৱাৰ সময়ত কোলাহল কম হয় আৰু কোনো আমনি কৰোঁতা নাথাকে । সেয়েহে পঢ়া-শুনা, অফিচৰ কাম বা দিনটোৰ পৰিকল্পনা কৰাৰ বাবে এই সময়ছোৱা আটাইতকৈ উপযুক্ত ।

মনত ৰাখিব-

ৰাতিপুৱা সোনকালে উঠাৰ উপকাৰিতাসমূহ তেতিয়াহে ফলপ্ৰসূ হ’ব, যেতিয়া আপুনি প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টাৰ পৰ্যাপ্ত টোপনি যাব । সেয়েহে ৰাতিপুৱা সোনকালে উঠাৰ লগতে নিশা সঠিক সময়ত শুবলৈ যোৱাৰ অভ্যাস গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয় ।

লগতে পঢ়ক : জানক ভাল টোপনিৰ বাবে ৫ টা স্বাস্থ্যকৰ অভ্যাস