সুনীতা উইলিয়ামছক পৃথিৱীলৈ কেনেকৈ ঘূৰাই আনিছে নাছাই ?  কেতিয়া অৱতৰণ কৰিব, কেনেকুৱা থাকিব স্বাস্থ্য…

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰ ১৯ মাৰ্চত পৃথিৱীত অৱতৰণ কৰাৰ সম্ভাৱনা আছে । সুনীতা উইলিয়ামছক কঢ়িয়াই অনা মহাকাশযানখনে মঙলবাৰে পুৱা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আনডক কৰিছিল । ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ তথ্য অনুসৰি পুৱা ৩.২৭ বজাত ‘স্প্লেছডাউন’ হোৱাৰ সম্ভাৱনা আছে । সতীৰ্থ বুশ্ব উইলম’ৰৰ সৈতে ৯ মাহৰ পিছত পৃথিৱীলৈ ঘূৰি আহিছে সুনীতা উইলিয়ামছ ।

স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ জৰিয়তে তেওঁলোকক উভতাই অনা হৈছে । মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে এই মহাকাশযানৰ মাজেৰে ১৭ ঘণ্টীয়া যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভতি আহিব । আমেৰিকাৰ মহাকাশ সংস্থাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা মহাকাশচাৰীৰ নতুন দলটোত নাছাৰ এন্নে মেকলেন আৰু নিকোল আয়াৰ্ছ আছে । দুয়োজনেই মিলিটাৰী পাইলট । তদুপৰি জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভও এই দলত আছে । দুয়োজনেই বিমান কোম্পানীৰ প্ৰাক্তন পাইলট ।

অভিযানটোত আটাইতকৈ বিপদজনক কি ?

১৯ মাৰ্চৰ পুৱা ৩.২৭ বজাত ফ্ল’ৰিডাৰ উপকূলৰ সাগৰত অৱতৰণ কৰিব ড্ৰেগন মহাকাশযানে । কিন্তু পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাটো মহাকাশ যাত্ৰাৰ অন্যতম বিপদজনক পৰ্যায় । নাছাৰ তথ্য অনুসৰি মহাকাশযান এখন বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ই চৰম পৰিস্থিতিৰ সন্মুখীন হয় । ই ৭,০০০ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত উষ্ণতা সহ্য কৰিব লাগিব । এই সময়ছোৱাত মহাকাশযানখনে শব্দৰ ২২ গুণতকৈও অধিক বেগেৰে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব । ইয়াৰ বাবে ভিতৰত বহি থকা মহাকাশচাৰীসকলে প্ৰচণ্ড চাপ আৰু জোকাৰণিৰ সন্মুখীন হ’ব লাগিব ।

ক্ৰু ড্ৰেগন কেপচুল পৃথিৱীলৈ নামি অহাৰ সময়ত ইটোৰ পিছত সিটোকৈ দুটা পেৰাচুট খুলিব । যদি সকলো পৰিকল্পনা অনুসৰি হয়, তেন্তে কেপচুলটোৰ কক্ষপথৰ গতিবেগ ঘণ্টাত ১৭,০০০ মাইলতকৈ অধিক (প্ৰতি ঘণ্টাত ২৭,৩৫৯ কিলোমিটাৰ)ৰ পৰা ২০ মাইল প্ৰতি ঘণ্টাত (৩২ কিলোমিটাৰ প্ৰতি ঘণ্টা)লৈ লেহেমীয়া হ’ব । ইয়াৰ পিছত ই ফ্ল’ৰিডাৰ উপকূলত সাগৰত পৰিব ।

কেনেকুৱা থাকিব সুনীতা উইলিয়ামছৰ স্বাস্থ্য ?

কিন্তু বিপদবোৰ ইয়াতেই শেষ নহয় । অৱতৰণ সফল হ’লেও ইমান দিন মহাকাশত থকাৰ বাবে তেওঁলোকৰ হাড় আৰু পেশী দুৰ্বল হৈ পৰিব । তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি হেৰাই যাব পাৰে বা দুৰ্বল হৈ পৰিব পাৰে ।

মহাকাশ অন্বেষণৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে উদ্ভাৱনী সমাধানৰ দাবী জনাই মংগল গ্ৰহকে ধৰি সৌৰজগতলৈ মানৱতাই আৰু অধিক আগবাঢ়ি যোৱাৰ লগে লগে এই ভাবুকিবোৰ বৃদ্ধি পাব ।

পৃথিৱীলৈ ঘূৰি অহাৰ পিছত কি কি সমস্যা হ’ব-

বেইলৰ কলেজৰ চেণ্টাৰ ফৰ স্পেচ মেডিচিনৰ সহকাৰী অধ্যাপিকা ৰিহানা বোখাৰীয়ে কয় যে যদিও সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰৰ এই যাত্ৰাৰ বহু প্ৰচাৰ হ’ব পাৰে, তথাপিও এয়া স্বাভাৱিক কথা । আই এছ এছৰ অভিযান সাধাৰণতে ছমাহলৈকে চলি থাকে যদিও কিছুমান মহাকাশচাৰীয়ে এবছৰলৈকে তাত থাকে । সেই সময়ছোৱাত মহাকাশচাৰীসকলৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হোৱা বুলি গৱেষকসকল আত্মবিশ্বাসী ।

বেছিভাগ মানুহেই জানে যে ওজন তুলিলে পেশী আৰু হাড় শক্তিশালী হয় । আনকি পৃথিৱীত স্বাভাৱিক গতিবিধিয়েও মাধ্যাকৰ্ষণ শক্তিক প্ৰতিহত কৰি হাড়বোৰক কাম কৰিবলৈ বাধ্য কৰে, কিন্তু কক্ষপথত মাধ্যাকৰ্ষণ শক্তিৰ অস্তিত্ব নাথাকে । ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ মহাকাশচাৰীসকলে আই এছ এছত তিনিটা ব্যায়ামৰ মেচিন ব্যৱহাৰ কৰে ।

এই বিপদো-

প্ৰতিদিনে দুঘণ্টা ধৰি ব্যায়ামৰ ফলত তেওঁলোক ফিট হৈ থাকে । বোখাৰীয়ে কয়, “আমাৰ ফলাফল আছে যে মহাকাশচাৰীসকলে পৃথিৱীলৈ উভতি আহিলে হাড় ভঙাৰ সমস্যা নাথাকে । অৱশ্যে এতিয়াও স্কেনত হাড়ৰ ক্ষতি ধৰা পেলাব পাৰি ।” ইউনিভাৰ্চিটি অৱ চেণ্ট্ৰেল ফ্ল’ৰিডাৰ এৰোস্পেচ মেডিচিনৰ উপাধ্যক্ষ ইমানুৱেল উৰ্কিয়েটাই কয় যে শ্ৰৱণ ক্ষমতা সকলো মহাকাশচাৰীৰ বাবে সাধাৰণ । তেওঁলোকৰ প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

‘আপুনি আমাৰ হৃদয়ৰ বহু ওচৰত…’, সুনীতালৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ এখন পত্ৰ লিখি ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ লিখা চিঠিখন শ্বেয়াৰ কৰি টুইট কৰে ।

পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “সুনীতা উইলিয়ামছ নিৰাপদে উভতি অহাৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এইগৰাকী কন্যাৰ প্ৰতি উদ্বেগ আৰু স্নেহ প্ৰকাশ কৰিছে…”

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পত্ৰত লিখিছে, “আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ অতি ওচৰত আছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰত লিখিছে, “ভাৰতবাসীৰ হৈ আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আজি মই এটা অনুষ্ঠানত বিখ্যাত মহাকাশচাৰী মাইক মাছিমিনোক লগ পালোঁ । কথা-বতৰাৰ সময়ত আপোনাৰ নাম আহিল আৰু আমি আলোচনা কৰিলোঁ যে আমি আপোনাৰ আৰু আপোনাৰ কামক লৈ কিমান গৌৰৱান্বিত । এই আলোচনাৰ পিছত আপোনালৈ চিঠি লিখাৰ পৰা মই নিজকে বাধা দিব নোৱাৰিলোঁ ।”

প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে যে, “যেতিয়াই মই ৰাষ্ট্ৰপতি ট্ৰাম্প বা ৰাষ্ট্ৰপতি বাইডেনক আমেৰিকা ভ্ৰমণৰ সময়ত লগ পাইছিলো, তেতিয়াই মই সদায় আপোনালোকৰ কুশল-মংগলৰ বিষয়ে সুধিছিলো ।”

পত্ৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে ১৪০ কোটি ভাৰতীয়ই আপোনাৰ এই কৃতিত্বক লৈ সদায় গৌৰৱ কৰি আহিছে । শেহতীয়া পৰিঘটনাই আপোনাৰ প্ৰেৰণাদায়ক অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক আকৌ এবাৰ উজ্জ্বল কৰি তুলিছে । আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ বহু ওচৰত । ভাৰতবাসীয়ে আপোনাৰ সুস্বাস্থ্য আৰু মিছনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, “বনি পাণ্ডিয়াই নিশ্চয় আপোনাৰ উভতি অহাৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব আৰু মই নিশ্চিত যে প্ৰয়াত দীপকভাইৰ শুভেচ্ছাও আপোনাৰ লগত আছে । ২০১৬ চনত আমেৰিকা ভ্ৰমণৰ সময়ত আপোনাক আৰু দীপকভাইক লগ পোৱাৰ মোৰ এতিয়াও ভাল লগা স্মৃতি আছে । আপোনাৰ উভতি অহাৰ সময়ত আমি আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী । ভাৰতৰ বাবে ইয়াৰ এগৰাকী বিশিষ্ট কন্যাক আতিথ্য দিয়াটো গৌৰৱৰ বিষয় হ’ব ‘আপুনি আৰু উইলম’ৰলৈ নিৰাপদ উভতি অহাৰ বাবে শুভেচ্ছা জনাইছো ।’

পৃথিৱীলৈ ৰাওনা সুনীতা উইলিয়ামছক কঢ়িয়াই অনা স্পেচএক্স কেপচুল… ক’ত কৰিব অৱতৰণ

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক কঢ়িয়াই অনা স্পেচএক্স কেপচুল পৃথিৱীলৈ ৰাওনা হৈছে । বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৩:২৭ বজাত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ । আজি পুৱা আই এছ এছৰ পৰা আনডক কৰিলে সুনীত উইলিয়ামছ আৰু আন তিনিজন মহাকাশচাৰীয়ে । মহাকাশচাৰীসকলৰ এই যাত্ৰাত ১৭ ঘণ্টা সময় লাগিব । তেওঁলোকে ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।

এসপ্তাহৰ যাত্ৰা ন মাহলৈ পৰিণত হ’ল-

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ২০২৪ চনৰ ৫ জুনত নাছাৰ অভিযানৰ অংশ হিচাপে বয়িং মহাকাশযানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল । মাত্ৰ এসপ্তাহৰ বাবে তেওঁলোক তালৈ গৈছিল যদিও মহাকাশযানখনৰ কাৰিকৰী বিজুতিৰ বাবে দুয়োজনেই পৃথিৱীলৈ ঘূৰি আহিব পৰা নাছিল । দুয়োৰে বাবে ১০ দিনীয়া মিছন ৯ মাহৰ ওপৰৰ অপেক্ষালৈ পৰিণত হ’ল ।

১৮ মাৰ্চৰ সন্ধিয়াৰ পূৰ্বানুমান কৰা অনুকূল পৰিস্থিতিৰ ভিত্তিত ক্ৰু-৯ৰ বাবে পূৰ্বৰ উভতি অহাৰ সুযোগ লক্ষ্য কৰি মিছন পৰিচালকে কাম কৰি আছে । ইতিমধ্যে চাৰিজন মহাকাশচাৰীক এৰি সুনীতা আৰু বুশ্বক নিবলৈ আই এছ এছত উপস্থিত হয় ড্ৰেগন ক্ৰাফ্টখন । ইফালে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মিছন সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰি তেওঁলোকৰ ঠাইত অহা চাৰিজন নতুন মহাকাশচাৰীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা শিকাই ।

দুয়োজন যাত্ৰী ৯ মাহ পূৰ্বে এসপ্তাহৰ বাবে আই এছ এছলৈ গৈছিল যদিও তেওঁলোকৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ বিজুতি ঘটিছিল আৰু তেওঁলোক তাত আবদ্ধ হৈ পৰিছিল । এতিয়া তেওঁলোকৰ উভতি অহাৰ বাবে ব্যৱহাৰ কৰা হৈছে SpaceX Dragon । নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰস্কচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভও ড্ৰেগন কেপচুলত ঘূৰি আহিব । নাছাৰ ষ্টিভ ষ্টিচে কয় যে বুশ্ব আৰু সুনীতাই এক ডাঙৰ কাম কৰিছে আৰু আমি তেওঁলোকক ঘূৰাই আনিবলৈ উৎসাহিত হৈছো ।

মহাকাশৰ পৰা উভতি অহাৰ পিছত স্বাভাৱিক জীৱন যাপনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সুনীতা উইলিয়ামছ ! শৰীৰত হ’ব পাৰে এই সমূহ পৰিৱৰ্তন…

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি ৯ মাহতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ১৮ মাৰ্চ মঙলবাৰে সন্ধিয়া পৃথিৱীলৈ উভতি আহিব । দুয়োজন মহাকাশচাৰীক ঘূৰাই আনিবলৈ ইলন মাস্কৰ স্পেচএক্সে নাছাৰ সহযোগত শনিবাৰে পুৱা ক্ৰু-১০ অভিযান আৰম্ভ কৰে । দুয়োজন মহাকাশচাৰীয়ে পৃথিৱীলৈ ঘূৰি আহি সুখী হ’ব যদিও ৯ মাহতকৈ অধিক সময় মহাকাশত থকাৰ বাবে তেওঁলোকৰ শৰীৰত যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তন স্বাভাৱিক হ’বলৈ কেইবা মাহৰ প্ৰয়োজন হ’ব পাৰে ।

২০২৪ চনৰ জুন মাহত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত ৮ দিনীয়া অভিযানত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মহাকাশ কেন্দ্ৰলৈ গৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে এতিয়াও তাতেই আবদ্ধ হৈ আছে । দুয়োজন মহাকাশত আবদ্ধ হৈ পৰা ৯ মাহতকৈও অধিক হ’ল আৰু মহাকাশত ইমান দিন কটোৱাৰ বাবে দুয়োজন মহাকাশচাৰীৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন দেখা যাব বুলি বিশেষজ্ঞসকলে কৈছে ।

মহাকাশত বহু সময় থাকিলে দুৰ্বল হৈ পৰে নেকি শৰীৰ ?

মহাকাশত ৯ মাহ থকাৰ পিছত মহাকাশচাৰীৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন ঘটে । আটাইতকৈ ডাঙৰ পৰিৱৰ্তন পেশী আৰু হাড়ত দেখা যায় আৰু সেইবোৰ দুৰ্বল হৈ পৰে ।

নাছাৰ মহাকাশচাৰী লেৰয় চিয়াওৰ মতে, পৃথিৱীলৈ অহাৰ পিছত দুয়োজন মহাকাশচাৰীয়ে খোজ কঢ়াত অসুবিধা পাব । মহাকাশত দীৰ্ঘদিন থাকিলে মহাকাশচাৰীৰ ‘বেবী ফিট’ৰ সমস্যাৰ সৃষ্টি হয় । তেওঁ কয় যে বায়ু আৰু মাধ্যাকৰ্ষণ শক্তিৰ অনুপস্থিতিৰ বাবে মহাকাশচাৰীসকলে মহাকাশত ওজনহীনতা অনুভৱ কৰে আৰু ভৰিৰ ওপৰৰ ডাঠ ছালখন হেৰাই যায় । ইয়াৰ বাবে ভৰি দুখন সৰু শিশুৰ দৰে খুব কোমল হৈ পৰে আৰু খোজ কঢ়াত অসুবিধা পায় ।

বেবী ফিটৰ উপৰিও মহাকাশচাৰীসকলে হাড়ৰ ঘনত্ব কমি যোৱাৰ সন্মুখীন হ’বলগীয়া হয় । মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত হাড়ৰ ঘনত্ব কমি যোৱাৰ ফলত তেওঁলোকৰ হাড় দুৰ্বল হৈ পৰে । নাছাই কয় যে মহাকাশত কটোৱা প্ৰতিমাহে হাড়ৰ ঘনত্ব এক শতাংশ হ্ৰাস কৰে, যাৰ ফলত হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱত ভৰি আৰু পিঠিৰ পেশীবোৰো দুৰ্বল হৈ পৰে । ইয়াৰ প্ৰতিৰোধৰ বাবে মহাকাশচাৰীসকলে নিয়মিতভাৱে ২.৫ ঘন্টা ধৰি মহাকাশ কেন্দ্ৰত ব্যায়াম কৰে । তেওঁলোকে নিয়মিতভাৱে স্কুচ, ডেডলিফ্ট আৰু বেঞ্চ প্ৰেছিং কৰে । ইয়াৰ বাবে মহাকাশ কেন্দ্ৰত এক বিশেষ স্থানো সৃষ্টি কৰা হৈছে ।

ব্যায়ামৰ লগতে মহাকাশচাৰীসকলে নিয়মিতভাৱে ট্ৰেডমিলত দৌৰে আৰু ব্যায়ামৰ বাইকো ব্যৱহাৰ কৰে । হাড় মজবুত কৰিবলৈ চাপ্লিমেণ্টো গ্ৰহণ কৰে ।

ই শৰীৰত আৰু কি প্ৰভাৱ পেলায় ?

মাধ্যাকৰ্ষণ শক্তি অবিহনে শৰীৰৰ তৰল পদাৰ্থবোৰ তললৈ যোৱাৰ পৰিৱৰ্তে ওপৰলৈ গতি কৰে । ইয়াৰ ফলত মুখমণ্ডল ফুলি উঠে, মূৰত চাপ বাঢ়ে আৰু চকুৰ দৃষ্টিশক্তিতো প্ৰভাৱ পেলায় ।

মহাকাশত বাস কৰিলে হৃদযন্ত্ৰৰ তন্ত্ৰতো প্ৰভাৱ পৰে । হৃদযন্ত্ৰ সামান্য সংকোচিত হৈ তুলনামূলকভাৱে লাহে লাহে তেজ পাম্প কৰে । ইয়াৰ বাবে পৃথিৱীলৈ ঘূৰি অহাৰ পিছত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ আশংকা থাকে ।

পৃথিৱীৰ বাকী অংশৰ পৰা আঁতৰত মাত্ৰ কেইজনমান মহাকাশচাৰীৰ সৈতে ৯ মাহ মহাকাশত থকাটোৱে মহাকাশচাৰীসকলৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় । মহাকাশলৈ যোৱাৰ পিছত মগজুতো পৰিৱৰ্তন ঘটে যাৰ বাবে মহাকাশচাৰীসকলে পৃথিৱীলৈ উভতি অহাৰ পিছত সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মহাকাশত দীৰ্ঘদিন থাকিলে মগজুৰ গঠনত পৰিৱৰ্তন ঘটে । মগজুৰ গহ্বৰৰ কিছুমান অংশ ফুলি উঠিব পাৰে, যিবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তিনি বছৰ সময় লাগিব পাৰে ।

মহাকাশত পৃথিৱীৰ দৰে সুৰক্ষামূলক ঢাল নাথাকে, যাৰ ফলত মহাকাশচাৰীসকল অধিক পৰিমাণৰ বিকিৰণৰ সংস্পৰ্শলৈ আহে । ইয়াৰ ফলত তেওঁলোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু ডি এন এৰ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকে ।

মহাকাশত বহু সময় কটোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পৰে আৰু মহাকাশচাৰীসকলৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । বহু গৱেষণাৰ পৰা কোৱা হৈছে যে মাধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষবোৰ দুৰ্বল হৈ পৰে আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । শৰীৰত বিপাকীয় পৰিৱৰ্তন ঘটে, যাৰ ফলত শৰীৰৰ পুষ্টি আৰু শক্তি জমা কৰাৰ ক্ষমতাত প্ৰভাৱ পৰে । কিছুমান মহাকাশচাৰীৰ ওজন যথেষ্ট কমি যায় আৰু ভোকত ব্যাঘাত জন্মে ।

৯ মাহৰ অপেক্ষাৰ অন্ত; নাছাই নিশ্চিত কৰিলে সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ তাৰিখ, কৰিব লাইভ কভাৰেজ  

৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আইএছএছ) আৱদ্ধ হৈ থকা মহাকাশচাৰী বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ অৱশেষত পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে।

নাছাই তেওঁলোকৰ পৃথিৱীলৈ উভতি অহাৰ তাৰিখ নিশ্চিত কৰিছে।নাছাই দেওবাৰে ঘোষণা কৰিছিল যে দুয়োজন মহাকাশচাৰীক পৃথিৱীলৈ ১৮ মাৰ্চ মঙলবাৰে সন্ধিয়া ঘূৰাই আনিব ।

জানিব পৰা মতে তেওঁলোকক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ উপকূলৰ ওচৰৰ জলক্ষেত্ৰত অৱতৰণ কৰা হ’ব।

বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছে ৫ জুনত বোয়িংৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত মহাকাশলৈ যাত্ৰা কৰিছিল। দুয়ো এসপ্তাহতাহ তাত থাকিব লগা কথা আছিল ।

অৱশ্যে, মহাকাশযান খনত বিজুতি হোৱাৰ বাবে, দুয়ো প্ৰায় ৯ মাহ ধৰি তাত আবদ্ধ হৈ আছে। দেওবাৰে, স্পেচএক্সৰ মহাকাশযান আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হয়। তাৰ পিছতেই উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ পৰিষ্কাৰ হৈছে।

নাছাই নিশ্চিত কৰিছে যে মহাকাশচাৰীসকলে ১৮ মাৰ্চত আবেলি প্ৰায় ৫:৫৭ বজাত (ভাৰতীয় সময় মতে ৩:২৭ বজাত, ১৯ মাৰ্চ) ফ্লৰিডাৰ উপকূলৰ পৰা মহাসাগৰত মহাকাশযানখন অৱতৰণ কৰিব।নাছাই স্পেচএক্স ক্ৰু-৯ মিছনৰ উভতি অহাৰ লাইভ কভাৰেজও প্ৰদান কৰিব।

পৃথিৱীৰ পৰা যোৱা সতীৰ্থসকলক দেখি আনন্দত আত্মহাৰা হৈ পৰিল সুনীতা… প্ৰশস্ত হ’ল ঘূৰি অহাৰ পথ

দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী বুশ্ব উইলমোৰ আৰু সুনীতা উইলিয়ামছৰ ঠাইত আন মহাকাশচাৰী মোতায়েন কৰিবলৈ এদিন পূৰ্বে ৰাওনা হোৱা স্পেচএক্স মহাকাশযান দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয় ।

ইয়াৰ লগে লগে উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ প্ৰশস্ত হয় । আমেৰিকা, জাপান আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে চাৰিজন নতুন মহাকাশচাৰী । তেওঁলোকে কেইদিনমান উইলিয়ামছ আৰু উইলমোৰৰ পৰা ষ্টেচনটোৰ বিষয়ে তথ্য লাভ কৰিব ।

অনুমান কৰা হৈছে যে যদি বতৰ অনুকূল হৈ থাকে তেন্তে অহা সপ্তাহত আৱদ্ধ হৈ থকা দুয়োজন মহাকাশচাৰীক ফ্ল’ৰিডাৰ উপকূলৰ ওচৰৰ পানীত অৱতৰণ কৰোৱা হব । উইলমোৰ আৰু উইলিয়ামছে ৫ জুনত কেপ কানাভেৰালৰ পৰা বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত ৰাওনা হৈছিল । দুয়োজনেই মাত্ৰ এসপ্তাহৰ বাবে গৈছিল যদিও মহাকাশযানৰ পৰা হিলিয়ামৰ লিকেজ আৰু আন কাৰিকৰী সমস্যাৰ বাবে প্ৰায় ৯ মাহ ধৰি মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।

আমেৰিকাৰ মহাকাশ সংস্থাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা মহাকাশচাৰীৰ নতুন দলটোত নাছাৰ এন্নে মেকলেন আৰু নিকোল আয়াৰ্ছ আছে । দুয়োজনেই মিলিটাৰী পাইলট । তদুপৰি জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভো গৈছে আৰু দুয়োজনেই বিমান কোম্পানীৰ প্ৰাক্তন পাইলট । স্বাভাৱিক সময় বুলি গণ্য কৰা উইলমোৰ আৰু উইলিয়ামছ পৃথিৱীলৈ ঘূৰি অহাৰ পিছত আগন্তুক ছমাহ মহাকাশ কেন্দ্ৰত কটাব চাৰিওজনে ।

শীঘ্ৰেই পৃথিৱীলৈ আহিব সুনীতা-

অনাগত দিনত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰে মহাকাশ কেন্দ্ৰটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য নতুন মহাকাশচাৰীসকলক প্ৰদান কৰিব । চলিত সপ্তাহৰ শেষৰ ফালে তেওঁলোক স্পেচএক্স কেপচুলৰ জৰিয়তে পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । নাছাৰ মতে যদি বতৰ অনুকূল হৈ থাকে তেন্তে বুধবাৰৰ পূৰ্বে স্পেচএক্স কেপচুল মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হৈ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।

৯ মাহৰ পিছত ঘৰলৈ উভতিব সুনীতা উইলিয়ামছ! আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত নাছাৰ ক্ৰু-১০

৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰক ঘূৰাই অনাৰ বাবে নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অথবা নাছাৰ ক্ৰু-১০ অভিযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে ।

নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি ড্ৰেগন মহাকাশযানত ক্ৰু-১০ অভিযান উৎক্ষেপণ কৰা হৈছিল । এই ক্ৰুত আমেৰিকাৰ দুজন আৰু জাপানৰ লগতে ৰাছিয়াৰ এজনকে ধৰি চাৰিজন মহাকাশচাৰী আছে । শীঘ্ৰেই ক্ৰু-১০ৰ মহাকাশচাৰীসকলে ডকিং প্ৰক্ৰিয়া আৰম্ভ কৰিব ।

উল্লেখ্য যে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ উভতি অহাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিজেই আগ্ৰহী । তেওঁ এই দায়িত্ব স্পেচএক্সৰ মালিক ইলন মাস্কক অৰ্পণ কৰিছে । কিছুদিন পূৰ্বে ট্ৰাম্পে কৈছিল যে বাইডেনে সুনীতা আৰু বুশ্ব উইলম’ৰক মহাকাশত এৰি দিছে ।

ইয়াৰ পিছত মাস্কৰ কোম্পানী স্পেচএক্সে এই দিশত কাম আৰম্ভ কৰে যদিও কাৰিকৰী কাৰণত ক্ৰু-১০ৰ উৎক্ষেপণ ১৫ মাৰ্চলৈ পিছুৱাই দিয়া হয়, যিটো পিছলৈ উৎক্ষেপণ কৰা হয় । জনা যায় যে ক্ৰু-১০ হৈছে স্পেচএক্সৰ মানৱ মহাকাশ পৰিবহণ ব্যৱস্থাৰ দশম ক্ৰু ঘূৰ্ণন অভিযান । এইটো নাছা আৰু স্পেচএক্সৰ যৌথ অভিযান ।

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰ যোৱা বছৰৰ ৫ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল । এসপ্তাহৰ পিছত ঘূৰি অহাৰ কথা আছিল যদিও বয়িং ষ্টাৰলাইনাৰৰ সমস্যাৰ বাবে তেওঁ তাতেই আবদ্ধ হৈ পৰে । দুয়োগৰাকী মহাকাশচাৰীয়ে বয়িং আৰু নাছাৰ যৌথ ক্ৰু ফ্লাইট টেষ্ট অভিযানত মহাকাশলৈ গৈছিল । ইয়াৰ পিছত তেওঁলোকক ঘূৰাই অনাৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে ।

ডকিং কৰাৰ পিছত ক্ৰু-১০ৰ সদস্যসকলে সুনীতা উইলিয়ামছ আৰু বুচ উইলমাৰ্ছক লগ পায় । এই সময়ত সুনীতা আৰু উইলমাৰৰ মুখত আনন্দ স্পষ্টকৈ দেখা গৈছিল । তেওঁলোকে সকলোকে সাৱটি ধৰি আনন্দ প্ৰকাশ কৰে ।

৯ মাহৰ অপেক্ষা, পৃথিৱীলৈ উভতি অহাৰ বাবে কাউন্ট ডাউন আৰম্ভ সুনীতা উলিয়ামছৰ; উৰা মাৰিলে স্পেচএক্স

ন মাহ মহাকাশত আৱদ্ধ হৈ থকাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰক ঘূৰাই অনাৰ প্ৰক্ৰিয়া অৱশেষত আৰম্ভ হৈছে।নাছা আৰু স্পেচএক্সে যুটীয়াভাৱে ক্ৰু-১০ অভিযান আৰম্ভ কৰিছে।

যি হৈছে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা উইলিয়ামছ আৰু উইলমোৰক পৃথিৱীলৈ ঘূৰাই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই অভিযানটো শুক্ৰবাৰে ৰাতিপুৱা ৭:০৩ বজাত ড্ৰেগন মহাকাশযান কঢ়িয়াই অনা ফালকন ৯ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল।

এই অভিযানৰ অধীনত, ইতিমধ্যে তাত থকা ক্ৰু-৯-ৰ সদস্যসকলক সহায় কৰিবলৈ চাৰিজন নতুন মহাকাশচাৰীক আইএছএছলৈ প্ৰেৰণ কৰা হৈছে।

দৰাচলতে, সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰে  ২০২৩ চনৰ ৫ জুন তাৰিখে বোয়িং ষ্টাৰলাইনাৰৰ জৰিয়তে আইএছএছত উপস্থিত হৈছিল।

এইটো নাছা আৰু বোয়িংৰ দ্বাৰা এক যুটীয়া ক্ৰু ফ্লাইট পৰীক্ষা অভিযান আছিল, য’ত তেওঁলোকে এসপ্তাহৰ ভিতৰত উভতি আহিব লাগিছিল।

কিন্তু কাৰিকৰী বিফলতাৰ বাবে, তেওঁলোকৰ অনিৰ্দিষ্ট কালৰ বাবে মহাকাশত থকাটো হৈ পৰিছিল। এই সময়ছোৱাত, তেওঁলোকে কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু এতিয়া স্পেচএক্সৰ ক্ৰু-১০ অভিযানৰ সফল উৎক্ষেপণে তেওঁলোকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ আশা জাগ্ৰত কৰিছে।

এই অভিযানৰ অধীনত নাছাৰ মহাকাশচাৰী এনি মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ মহাকাশ সংস্থা জেএএক্সএৰ টাকুয়া ওনিছি আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ কিৰিল পেচকভক আইএছএছলৈ প্ৰেৰণ কৰা হৈছে।

ক্ৰু-১০ হৈছে নাছাৰ বাণিজ্যিক ক্ৰু কাৰ্যসূচীৰ অধীনত পৰিচালিত স্পেচএক্সৰ দশম ক্ৰু ঘূৰ্ণন অভিযান। এই অভিযানত প্ৰেৰণ কৰা মহাকাশচাৰীসকলে ইতিমধ্যে বৰ্তমানৰ ক্ৰু-৯ দলটোক আইএছএছত সহায় কৰিব আৰু তাত বৈজ্ঞানিক গৱেষণা আগবঢ়াব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এই অভিযান সন্দৰ্ভত মহাকাশচাৰী সকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি কয় যে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি আছো আৰু তেওঁলোকৰ সুৰক্ষিত হৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছো।

তেওঁ উল্লেখ কৰিছিল যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইলন মাস্কক দুয়োজন মহাকাশচাৰীৰ উভতি অহাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

হেগছেথে কৈছিল যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এলন মাস্কক মহাকাশচাৰীসকলক ঘৰলৈ আনিবলৈ কৈছিল। এতিয়া স্পেচএক্সে এই অভিযানটো সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিছে।

এই অভিযানৰ সফলতা কেৱল মহাকাশ বিজ্ঞানৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি থকা লাখ লাখ লোকৰ বাবেও এক সকাহ।

ঘৰলৈ উভতাৰ পথ মসৃণ হ’ল সুনীতা উলিয়ামছৰ; আজিয়েই যাব ইলন মাস্কৰ মহাকাশযান

যোৱা ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ পথ পৰিষ্কাৰ হৈছে।

নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা) আৰু স্পেচএক্সে এতিয়া ঘোষণা কৰিছে যে তেওঁলোকৰ ক্ৰু-১০ অভিযান শুক্ৰবাৰে নিশা ৭.০৩বজাত (ইডিটি) আৰম্ভ কৰা হ’ব, ভাৰতৰ সময় অনুসৰি শনিবাৰে পুৱা ৪.৩০ বজাত।

এই অভিযানৰ উদ্দেশ্য হৈছে ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহকৰ্মী বাচ্চ উইলমোৰক পৃথিৱীলৈ ঘূৰাই অনা।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, স্পেচএক্সে কাৰিকৰী কাৰণত কেনেডি স্পেচ চেণ্টাৰ (ফ্লৰিডা)ৰ পৰা ক্ৰু-১০ মিছন উৎক্ষেপণ স্থগিত ৰাখিব লগা হোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছত এই ঘোষণা কৰা হৈছিল।

সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ যোৱা ন মাহ ধৰি মহাকাশত আৱদ্ধ হৈ আছে। তেওঁলোকে বোয়িংৰ ষ্টাৰলাইনাৰ মহাকাশযানত মাত্ৰ আঠ দিনৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ গৈছিল। কিন্তু ষ্টাৰলাইনাৰত কাৰিকৰী বিফলতাৰ বাবে তেওঁলোক ঘূৰি আহিব নোৱাৰিলে।

শুক্ৰবাৰে আৰম্ভণিতে, যেতিয়া স্পেচএক্সৰ ক্ৰু-১০ মিছন উৎক্ষেপণ কৰিবলৈ ওলাইছিল। কিন্তু  ফালকন-৯ ৰকেটৰ গ্ৰাউণ্ড চাপোৰ্ট ক্লেম্প বাহুত এটা কাৰিকৰী সমস্যা সংঘটিত হৈছিল।

যাৰ ফলত শেষ মুহূৰ্তত অভিযানটো বন্ধ কৰিবলৈ বাধ্য হৈছিল।নাছাই কৈছিল যে পৰৱৰ্তী সম্ভাৱ্য উৎক্ষেপণ শনিবাৰে হ’ব, কিন্তু এইটো কাৰিকৰী পৰ্যালোচনাৰ পিছতহে সম্ভৱ হ’ব।

যদি এইবাৰ উৎক্ষেপণ সফল হয়, উইলিয়ামছ আৰু উইলমোৰে ২০ মাৰ্চৰ পিছত মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতিব।

এই অভিযানৰ জৰিয়তে আইএছএছলৈ এটা নতুন দলও প্ৰেৰণ কৰা হ’ব, য’ত নাছাৰ এনি মেকক্লেইন আৰু নিকোল আউনাপু মান, জাপানৰ জেএএক্সএ সংস্থাৰ টাকুয়া ওনিছি আৰু ৰাছিয়াৰ ৰছকছমছ সংস্থাৰ কিৰিল পেচকভ অন্তৰ্ভুক্ত থাকিব।

ইয়াৰ পূৰ্বে, নাছাই দুসপ্তাহ আগতে ক্ৰু-১০ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল।ইয়াৰ কাৰণ হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ হেঁচা, যিসকলে উইলমোৰ আৰু উইলিয়ামছক তাৎক্ষণিকভাৱে ঘূৰাই দিয়াৰ দাবী কৰিছিল।