ঘূৰ্ণীত বিধ্বস্ত শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত… ৪৫০ মিলিয়ন ডলাৰৰ সাহায্য পেকেজ ঘোষণা

শ্ৰীলংকালৈ ভাৰতে পুনৰ আগবঢ়াইছে সহায়ৰ হাত । প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত দেশখনৰ বাবে ভাৰতে সাহাৰ্য পেকেজ ঘোষণা কৰিছে ।

ঘূৰ্ণীবতাহ দিটৱাহাই শ্ৰীলংকাত যি ধ্বংসলীলা চলালে তাৰ পৰা পুনৰুদ্ধাৰ হ’বলৈ দেশখক কেইবাবছৰো প্ৰয়োজন হ’ব । ইয়াৰ মাজতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক বিবৃতি প্ৰকাশ কৰিছে । তেওঁ উল্লেখ কৰে যে ভাৰত ঘূৰ্ণীবতাহত বিধ্বস্ত শ্ৰীলংকাৰ সৈতে থিয় দিছে আৰু দেশখনলৈ ৪৫০ মিলিয়ন মাৰ্কিন ডলাৰৰ সাহায্য পেকেজ আগবঢ়াইছে ।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে গৈছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । মঙলবাৰে (২৩ ডিচেম্বৰ) শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই মন্তব্য কৰে । লগতে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেলৈ প্ৰধানমন্ত্ৰী মোদীৰ এখন পত্ৰও প্ৰদান কৰে তেওঁ । জয়শংকৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “ঘূৰ্ণীবতাহ দিটৱাহাৰ সময়ত শ্ৰীলংকাৰ সৈতে থিয় দি ভাৰতে গৌৰৱান্বিত ।”

‘প্ৰাকৃতিক দুৰ্যোগে নতুন সমস্যাৰ সৃষ্টি কৰিছে’

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে ঘূৰ্ণীবতাহৰ সাহায্য আৰু মেৰামতিৰ বাবে ভাৰতে শ্ৰীলংকাক ৪৫০ মিলিয়ন ডলাৰৰ সাহায্য পেকেজ প্ৰদান কৰিব । শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথৰ সৈতে হোৱা বৈঠকত জয়শংকৰে কয় যে ২০২২ চনৰ অৰ্থনৈতিক সংকটৰ পৰা শ্ৰীলংকা এতিয়া সুস্থ হৈ উঠিছিলহে মাত্ৰ তেনেতে  এই প্ৰাকৃতিক দুৰ্যোগে নতুন সমস্যাৰ সৃষ্টি কৰিছে ।

৪৫ কোটি ডলাৰৰ সাহায্য পেকেজ-

তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্দেশ দিছিল যে আমি এতিয়া শ্ৰীলংকা চৰকাৰৰ সৈতে তেওঁলোকৰ অগ্ৰাধিকাৰৰ ওপৰত কাম কৰোঁ । এই সন্দৰ্ভত আমি ৪৫০ মিলিয়ন ডলাৰৰ সাহায্য পেকেজৰ প্ৰস্তাৱ আগবঢ়াইছো । তেওঁ কয় যে এই পেকেজত ৩৫০ মিলিয়ন ডলাৰৰ ৰেহাইমূলক ক্ৰেডিট লাইন আৰু ১০০ মিলিয়ন ডলাৰৰ অনুদান থাকিব । তেওঁ লগতে কয় যে শ্ৰীলংকা চৰকাৰৰ সৈতে আলোচনা কৰি এই পেকেজ চূড়ান্ত কৰা হৈছে ।

“সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চল সামৰি লোৱা হ’ব”

জয়শংকৰে কয়, “আমাৰ এই সাহায্যই ঘূৰ্ণীবতাহৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ সামৰি ল’ব, প্ৰথমতে, পথ, ৰে’লৱে আৰু দলং সংযোগৰ পুনৰ্বাসন আৰু পুনৰুদ্ধাৰ । দ্বিতীয়তে, সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা ঘৰ নিৰ্মাণৰ বাবে সহায় । তৃতীয়তে, স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ প্ৰতি সহায়, বিশেষকৈ ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ঘৰসমূহৰ বাবে সহায় । চতুৰ্থতে, কৃষি, য’ত হ’ব পাৰে চুটি আৰু সম্ভাৱ্য অভাৱ দূৰ কৰা আৰু পঞ্চমতে, দুৰ্যোগৰ প্ৰতি সঁহাৰি আৰু প্ৰস্তুতিৰ দিশত কাম কৰা ।”

জয়শংকৰে কয় যে ক্ষয়-ক্ষতিৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে শ্ৰীলংকাৰ সহায়ৰ বাবে অহাটো স্বাভাৱিক । তেওঁ কয় যে দুৰ্যোগৰ প্ৰথম দিনাৰ পৰাই ভাৰতৰ অপাৰেচন সাগৰ বন্ধু আৰম্ভ হৈছিল । তেওঁ কয় যে আমাৰ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰি কলম্বোত উপস্থিত আছিল আৰু সাহায্য সামগ্ৰী যোগান ধৰিছিল, তাৰ পিছত হেলিকপ্টাৰ নিয়োগ কৰা হৈছিল ।

লগতে পঢ়ক : বাংলাদেশত ভাৰত বিৰোধী জুই জ্বলোৱা ৫ খলনায়ক কোন ?

পাকিস্তানৰ মিথ্যাচাৰ উদঙালে ভাৰতে; শ্ৰীলংকাত সাহাৰ্য অভিযানক লৈ কৰিছিল অপপ্ৰচাৰ

প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত শ্ৰীলংকাত ভাৰতে সাহাৰ্য প্ৰেৰণ কৰাক লৈ পাকিস্তানে চলোৱা মিথ্যাচাৰ উদঙালে ভাৰতে

শ্ৰীলংকালৈ সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমানৰ উৰণ অনুমতিত পলম হোৱা সম্পৰ্কে পাকিস্তানৰ কৰা অভিযোগক মঙলবাৰে ভাৰতে নাকচ কৰে । এই প্ৰত্যুত্তৰত ভাৰতে তৎকালীন আৰু স্বচ্ছভাৱে কাম কৰা বুলি স্পষ্ট কৰি দিয়ে । পাকিস্তানে অভিযোগ কৰিছিল যে ভাৰতে শ্ৰীলংকালৈ মানৱীয় সাহায্য প্ৰেৰণৰ বাবে নিজৰ আকাশমাৰ্গৰ ওপৰেৰে বিমান উৰণৰ অনুমতি দিয়া নাছিল ।

পাকিস্তানৰ দাবীক হাস্যকৰ অভিহিত ভাৰতৰ-

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তানৰ এই বক্তব্যৰ লক্ষ্য হৈছে জনসাধাৰণক বিপথে পৰিচালিত কৰা আৰু ভাৰতৰ কাৰ্যক ভুলকৈ উপস্থাপন কৰা । তেওঁ কয়, ‘পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে দিয়া হাস্যকৰ বক্তব্য আমি নাকচ কৰিছো, যিটো ভাৰত বিৰোধী অপপ্ৰচাৰৰ আন এক প্ৰয়াস ।‘

আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দিছিল-

তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতে ইতিমধ্যে কূটনৈতিক মাধ্যমেৰে পাকিস্তানৰ অনুৰোধ লাভ কৰিছে আৰু কেইঘণ্টামানৰ ভিতৰতে উত্তৰ দিয়া হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, পাকিস্তানৰ আনুষ্ঠানিক অনুৰোধ ইছলামবাদত ভাৰতীয় উচ্চায়ুক্তই ১ ডিচেম্বৰৰ প্ৰায় ১ বজাত লাভ কৰে । চৰকাৰে ইয়াক মানৱীয় জৰুৰীকালীন অৱস্থা হিচাপে মানি একেদিনাই ৫:৩০ অনুমতি দিছিল ।

ৰণধীৰ জয়ছোৱালে কয়, “প্ৰাকৃতিক দুৰ্যোগ আৰু সাহায্যৰ সময়ত ভাৰত শ্ৰীলংকাৰ সৈতে থিয় দিয়ে । এই প্ৰত্যাহ্বানমূলক সময়ত ভাৰতে শ্ৰীলংকাৰ জনসাধাৰণক উপলব্ধ সকলো উপায়েৰে সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।” উল্লেখ্য যে, ভাৰতে লগে লগেই নিজৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দিয়াৰ পিছতো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকে ।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত কয় যে, “পাকিস্তানে ভাৰতৰ পৰা শ্ৰীলংকালৈ মানৱীয় সাহায্য প্ৰদান কৰাত অহৰহ বাধা দি আছে । ইয়াৰ উপৰিও অভিযোগ কৰিছে যে ইয়াৰ এখন বিমানে আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ ৬০ ঘণ্টা ধৰি অপেক্ষা কৰি আছে ।”

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত কালঘূৰ্ণী দিটৱাহাে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । দুৰ্যোগ পীড়িত দেশখনক সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ঘূৰ্ণীবতাহ দিটৱাহাই । দিটৱাহাৰ ফলত হোৱা বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ আছে । এই কঠিন সময়ত ভাৰতে চুবুৰীয়া দেশখনক অৰ্শনিশে সাহাৰ্য আগবঢ়াই আছে । ভাৰতে প্ৰেৰণ কৰা সাহায্য দলসমূহে ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহত কাম আৰম্ভ কৰিছে আৰু আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ কামত নিয়োজিত হৈছে । ভাৰতে অস্থায়ী আশ্ৰয় শিবিৰ নিৰ্মাণৰ লগতে ঔষধ, খাদ্য, পানী, সামগ্ৰীকে ধৰি বিভিন্ন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ।

এই কঠিন সময়ত ভাৰতীয় সেনাই অপাৰেচন সাগৰ বন্ধুৰ অধীনত শ্ৰীলংকাত বিশেষ দল মোতায়েন কৰি দেশখনৰ জনসাধাৰণৰ প্ৰয়োজনৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তুলিছে । এই দলটোত সমৰ্পিত চিকিৎসা, অভিযান্ত্ৰিক আৰু সংকেত সঁজুলি থাকে, যিবোৰ তাৎক্ষণিক আৰু স্থায়ী সকাহ প্ৰদান কৰিবলৈ সাজু ।

চিকিৎসা দলটোত আছে এডভান্সড ড্ৰেছিং ষ্টেচন আৰু মোবাইল চাৰ্জিকেল টিম, যিবোৰ ডাঙৰ আৰু সৰু সৰু অস্ত্ৰোপচাৰ কৰিব পৰা অপাৰেচন থিয়েটাৰেৰে সজ্জিত । ইয়াৰ উপৰিও ইয়াত এটা নিৰ্দিষ্ট সুবিধা আছে যিয়ে এটা সময়ত ২০-৩০ জন ৰোগীক ৰাখিব পাৰে । ভাৰতীয় সেনাৰ দলটোৰ অভিযান্ত্ৰিক উপাদানসমূহে অত্যাৱশ্যকীয় সেৱা আৰু আন্তঃগাঁথনি পুনৰুদ্ধাৰত সহায় কৰিছে আৰু সংকেত ডিটেচমেণ্টে সাহায্য অভিযানৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহৰ ফলত শ্ৰীলংকাত জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীক কয় যে এই কঠিন সময়ত ভাৰত শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰীয়ে দুৰ্দশাগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে চলি থকা অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে ভাৰতে অবিৰত সমৰ্থন আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ

শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ

অপাৰেচন সাগৰ বন্ধু

ঘূৰ্ণীবতাহ দিটৱাহে শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই কালঘূৰ্ণীয়ে শ্ৰীলংকাৰ জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে । দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ তথ্য অনুসৰি দেশখনত এই ঘূৰ্ণীবতাহৰ ফলত এতিয়ালৈকে কমেও ৩৩৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৭০জন নিৰুদ্দেশ হৈছে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাখন হৈছে কেণ্ডি, য’ত ৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জন লোক নিৰুদ্দেশ হৈ আছে । ইয়াৰ উপৰিও বাদুল্লাত ৭১ জন, নুৱাৰা এলিয়াত ৬৮ জন আৰু মাটালেত ২৩ জন লোকৰ মৃত্যু হৈছে ।

ডিএমচিৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ ৩০৯,৬০৭টা পৰিয়ালৰ ১,১১৮,৯২৯জন লোক এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি ঘূৰ্ণীবতাহ দিটৱাহৰ বাবে নদীৰ জলস্তস্তৰ অস্বাভাৱিক উচ্চতাত উপনীত হোৱাৰ ফলত সমগ্ৰ চহৰসমূহ ডুব গৈছে, ডাঙৰ ডাঙৰ দলংসমূহ উটুৱাই লৈ গৈছে, বহুতো গুৰুত্বপূৰ্ণ অট্টালিকা আৰু পথৰো ক্ষতিসাধন কৰিছে ।

ভাৰতৰ ‘অপাৰেচন সাগৰ বন্ধু’

এই দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ‘অপাৰেচন সাগৰ বন্ধু’ আৰম্ভ কৰি শ্ৰীলংকাক সহায় কৰিবলৈ অভিযান ত্বৰান্বিত কৰে । ভাৰতীয় বায়ুসেনাই ২১ টন সাহায্য সামগ্ৰী, ৮০ জনতকৈ অধিক এন ডি আৰ এফ জোৱান আৰু ৮ টন সঁজুলি কলম্বোলৈ বিমানেৰে প্ৰেৰণ কৰিছে ।

পুণেৰ পৰাও এন ডি আৰ এফৰ জোৱান আৰু সা-সঁজুলি বিমানেৰে লৈ যোৱা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে কঠিন পৰিস্থিতিৰ মাজতো দ্ৰুত, সমন্বিত আৰু মানৱীয় সাহায্য প্ৰচেষ্টাৰ জৰিয়তে শ্ৰীলংকাক সমৰ্থন কৰিছে । এই অভিযানে আমাৰ চুবুৰীয়া দেশৰ প্ৰতি ভাৰতৰ দৃঢ় দায়বদ্ধতাক প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক : হংকঙৰ বিধ্বংসী অগ্নিকাণ্ডত ৯৪ জনৰ মৃত্যু; বৰ্তমানেও নিখোজ ৩০০তকৈ অধিক লোক

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

আজি ভাৰতত উপস্থিত হ’ব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ’ব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণী অমৰাসূৰ্য়া । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১৬ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতত থাকিব । এই সময়ছোৱাত ভাৰতীয় নেতাসকলৰ সৈতে সাক্ষাৎ কৰি শিক্ষা, প্ৰযুক্তি, বাণিজ্যিক সহযোগিতাৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰিব তেওঁ ।

এই ভ্ৰমণৰ সময়ত অমৰসূৰ্যাই আই আই টি দিল্লী আৰু নিটি আয়োগ ভ্ৰমণ কৰিব, য’ত তেওঁ শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত-শ্ৰীলংকাৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিব । শ্ৰীলংকাৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁ এই ক্ষেত্ৰত নতুন সুযোগ বিচাৰি উলিওৱাত গুৰুত্ব দিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত গভীৰ আৰু বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব ।

বৃহস্পতিবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈকে বি এ অনাৰ্ছ (সমাজবিজ্ঞান) অধ্যয়ন কৰিছিল তেওঁ । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই মহাবিদ্যালয়খনলৈ তেওঁৰ এয়া প্ৰথম ভ্ৰমণ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ; সাক্ষৰিত হ’ল ৬খনকৈ চুক্তি

শ্ৰীলংকাক মোক্ষম আঘাত; T20I ছিৰিজৰ পৰা বাহিৰ হ’ল ষ্টাৰ স্পিনাৰ

শ্ৰীলংকাক মোক্ষম আঘাত

১০ জুলাইৰ পৰা আৰম্ভ হ’ব শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত তিনিখন খেলৰ টি-২০ শৃংখলা।শৃংখলা আৰম্ভ হোৱাৰ ঠিক আগতেই শ্ৰীলংকাৰ দলটোৱে এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।

দলটোৰ তাৰকা স্পিনাৰ ৱানিন্দু হাছাৰাংগা সমগ্ৰ ছিৰিজৰ পৰা বাহিৰ হৈছে। ভৰিৰ আঘাতৰ বাবে তেওঁ ছিৰিজৰ পৰা আঁতৰি আছে।

এই আঘাতৰ পিছত হাছৰাংগা কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব পাৰিব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই।

এদিনীয়া খেলখনত হৈছিল আঘাতপ্ৰাপ্ত

জানিব পৰা মতে, এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত হাছৰংগাৰ সোঁ ভৰিত আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ পিছত তেওঁক যথেষ্ট কষ্ট পোৱা দেখা গৈছিল।

সেই মেচখনত দলটোৱে ৯৯ ৰানত জয়লাভ কৰাৰ লগতে ২-১ শৃংখলাটোও জয় কৰে। অধিনায়ক চৰিথ আছলংকাই কয় যে তিনিখন মেচৰ শৃংখলাৰ বাবে হাছাৰাংগাৰ ঠাইত জেফ্ৰি ভাণ্ডাৰছেই দলত স্থান লাভ কৰিব।

হাছাৰাংগাৰ প্ৰস্থান দলৰ বাবে এক ডাঙৰ আঘাত। সীমিত অভাৰৰ ক্ৰিকেটত তেওঁ আমাৰ ছুপাৰষ্টাৰ। এতিয়া তেওঁ কলম্বোলৈ উভতি আহি হাই পাৰফৰমেন্স চেণ্টাৰত পুনৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ কৰিব।

লগতে পঢ়ক: লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা

ভাৰত ধৰ্মশালা নহয়… শ্ৰীলংকাৰ তামিল শৰণাৰ্থীৰ আবেদন নাকচ কৰি ক’লে উচ্চতম ন্যায়ালয়ে

সোমবাৰে উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ নাগৰিকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । য’ত আবেদনকাৰীয়ে শাস্তি সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ পৰা বিতাড়িত কৰাটোক প্ৰত্যাহ্বান জনাইছিল । আদালতে স্পষ্ট কৰি দিয়ে যে ভাৰত এনে এখন ‘ধৰমশালা’ নহয় য’ত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব পাৰি ।

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰৰ বিচাৰপীঠে কয়, ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব নেকি ? আমি ইতিমধ্যে ১৪০ কোটি জনসংখ্যাৰে সংগ্ৰাম কৰি আছো । এইখন কোনো ধৰ্মশালা নহয় য’ত আমি সকলো ঠাইৰ পৰা অহা বিদেশী নাগৰিকক ঠাই দিব পাৰো ।

উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ শুনানি গ্ৰহণ কৰে । ইয়াত কোৱা হৈছে যে শ্ৰীলংকাৰ তামিল নাগৰিকগৰাকীয়ে ইউ এ পি এ গোচৰত সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰি ভাৰত এৰি যাব লাগে । আবেদনকাৰীৰ অধিবক্তাই বিচাৰপীঠক জনোৱা মতে, শ্ৰীলংকাৰ তামিল যুৱকজন ভিছা লৈ ইয়ালৈ আহিছে । নিজৰ দেশতে বিপদত পৰিছে তেওঁৰ জীৱন । কোনো বিতাড়ন প্ৰক্ৰিয়া নোহোৱাকৈ তিনি বছৰ ধৰি আটক কৰি ৰাখিছে তেওঁক ।

ন্যায়াধীশ দিপাংকৰ দত্তই অধিবক্তাক সোধে, ইয়াত থিতাপি লোৱাৰ কি অধিকাৰ আছে ? অধিবক্তাজনে কয় যে আবেদনকাৰীজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানসকলে ভাৰতত বসতি স্থাপন কৰিছে । এই সন্দৰ্ভত ন্যায়াধীশ দত্তই কয় যে ২১ নং দফা উলংঘা হোৱা নাই । তেওঁৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে । কিন্তু ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত বসতি স্থাপন কৰাৰ মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰহে আছে । অধিবক্তাই যেতিয়া আবেদনকাৰীৰ জীৱন বিপদত পৰিছে বুলি ক’লে ন্যায়াধীশ দত্তই তেওঁক আন কোনোবা দেশলৈ যাবলৈ কয় ।

উল্লেখ্য যে, ২০১৫ চনত এল টি টি ইৰ কৰ্মী হোৱাৰ সন্দেহত আন দুজন লোকৰ সৈতে গ্ৰেপ্তাৰ হৈছিল আবেদনকাৰীগৰাকী । ইউ এ পি এৰ অধীনত বিচাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি তিনি বছৰলৈ হ্ৰাস কৰিছিল । উচ্চ ন্যায়ালয়ে কৈছিল যে শাস্তি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ দেশ এৰি যাব লাগিব । ২০০৯ চনত এল টি টি ইৰ প্ৰাক্তন সদস্য হিচাপে শ্ৰীলংকা যুদ্ধত যুঁজিছিল আৰু তাৰ পৰাই তেওঁক বহিষ্কাৰ কৰা হৈছিল বুলি অধিবক্তাগৰাকীয়ে কয় । যদি তেওঁক উভতাই পঠিয়াই দিয়া হয় তেন্তে তেওঁৰ জীৱন বিপদত পৰিব । তেওঁ কয় যে তেওঁৰ পত্নী আৰু পুত্ৰ ৰোগত ভুগি আছে ।

‘প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ গুৰুত্বপূৰ্ণ, ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত শ্ৰীলংকা গুৰুত্বপূৰ্ণ’… ৰাষ্ট্ৰপতি কাৰ্যালয়

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক গুৰুত্বপূৰ্ণ আখ্যা দিয়ে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম নীতি’ আৰু ‘সাগৰ’ দৃষ্টিভংগীত শ্ৰীলংকাৰ অতি গুৰুত্বপূৰ্ণ ।

দেওবাৰে ৰাষ্ট্ৰপতি দিছানায়াকেৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰে । য’ত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ ‘শতিকা পুৰণি বন্ধুত্ব আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ প্ৰতি দায়বদ্ধতা’ বিষয়বস্তুৰ ওপৰত আধাৰিত, যি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰি তুলিছে । বিবৃতিটোত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দুয়োখন দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বহুমুখী অংশীদাৰিত্বও অধিক শক্তিশালী কৰিছে ।

পাৰস্পৰিক বিকাশ আৰু প্ৰগতিৰ দিশত ভাল ফলাফল পোৱাৰ আশা-

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বিবৃতিত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম নীতি’ আৰু কূটনৈতিক সম্পৰ্কৰ ‘সাগৰ’ দৃষ্টিভংগীত শ্ৰীলংকাৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ‘পাৰস্পৰিক বিকাশ আৰু প্ৰগতি’ৰ দিশত সহযোগিতামূলক পদক্ষেপৰ ওপৰত ভাল ফলাফল দিব বুলি আশা কৰা হৈছে ।

এই ভ্ৰমণৰ সময়ত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকা ভ্ৰমণ সম্পূৰ্ণ কৰে । ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি দিছানায়াকেক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় । ইয়াৰ মাজতে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, শক্তি আৰু ডিজিটেলাইজেশ্যনৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেও কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে । ৰাষ্ট্ৰপতি দিছানায়াকেৰ আমন্ত্ৰণত শ্ৰীলংকাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী । ২০১৫ চনৰ পিছত মোদীৰ এয়া চতুৰ্থবাৰৰ বাবে শ্ৰীলংকা ভ্ৰমণ । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত দিল্লীলৈ শ্ৰীলংকাৰ নেতাগৰাকীয়ে প্ৰথম আনুষ্ঠানিক ভ্ৰমণ কৰিছিল ।

মহাবোধী মন্দিৰ দৰ্শন-

দেওবাৰে ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ ঐতিহাসিক চহৰ অনুৰাধাপুৰাৰ জয় শ্ৰী মহাবোধী মন্দিৰ দৰ্শন কৰে । বৌদ্ধ মন্দিৰত প্ৰাৰ্থনাও কৰে তেওঁ । এই সময়ছোৱাত অনুৰাধাপুৰাৰ আঠটা মহান বৌদ্ধ তীৰ্থস্থান (আত্মস্থানধিপতি)ৰ মুখ্য বিষয়া পল্লেগামা হেমৰাথন নায়াকে থেৰাৰ সৈতেও তেওঁৰ আন্তৰিক আলোচনা হয় ।

মহাবোধী মন্দিৰ দৰ্শন, ৰেল প্ৰকল্প উদ্বোধন… শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী মোদীক বিপুল আদৰণি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ সৈতে অনুৰাধাপুৰা ভ্ৰমণ কৰি জয় শ্ৰী মহাবোধী মন্দিৰত প্ৰাৰ্থনা কৰে । মন্দিৰত বৌদ্ধ ভিক্ষুৰ পৰা আশীৰ্বাদ লয় প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ উত্তৰ অঞ্চলটোক ৰাজধানী কলম্বোৰ সৈতে সংযোগ কৰা ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ কৰে । এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাক কাৰিকৰী আৰু আৰ্থিক সাহায্য আগবঢ়াইছে । উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকালৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে ৪ এপ্ৰিলৰ সন্ধিয়া ৰাজধানী কলম্বোত উপস্থিত হৈছিল ।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অনুৰা কুমাৰ দিছানায়াকে শ্ৰীলংকাৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছি লৈছিল । একে সময়তে দিছনায়কে ৰাষ্ট্ৰপতি হোৱাৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী নেতা প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুৰাধাপুৰাত মহো-অনুৰাধাপুৰা ৰে’লৱে চিগনেলিং চিষ্টেম আৰু মহো-ওমন্থাই ৰে’ল লাইন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই দুয়োটা প্ৰকল্প ভাৰত চৰকাৰৰ সহায়ত প্ৰতিষ্ঠা কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত বিশেষ সদিচ্ছাৰ ইংগিত হিচাপে শ্ৰীলংকাই ১৪ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে ।

বিশ্ব ঐতিহ্য সম্পত্তি অনুৰাধাপুৰা-

অনুৰাধাপুৰা এখন বৌদ্ধ তীৰ্থনগৰ আৰু বিশ্ব ঐতিহ্য সম্পত্তি । ইয়াৰ উপৰিও শ্ৰীলংকা, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰৰ প্ৰধান ধৰ্ম থেৰাভাদা বৌদ্ধ ধৰ্মৰ জন্মস্থান । বৌদ্ধ ধৰ্মৰ এই ৰূপ ভাৰত, চীন, বাংলাদেশ, নেপাল আৰু ভিয়েটনামতো প্ৰচলিত । অনুৰাধাপুৰা শ্ৰীলংকাৰ প্ৰাচীন ৰাজধানীও আছিল, যিখন আশীৰ দশকৰ পৰা ইউনেস্ক’ৰ সহযোগত সংৰক্ষিত হৈ আহিছে । শ্ৰীলংকা চৰকাৰে জাফনা আৰু কেণ্ডীৰ লগতে অনুৰাধাপুৰাকো ঐতিহ্যমণ্ডিত চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ।