“শ্বেখ হাছিনাই সকলো শেষ কৰি পেলালে” ;  হিন্দুসকলৰ ওপৰত আক্ৰমণক লৈ মহম্মদ ইউনুছৰ বিস্ফোৰক মন্তব্য

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।ইউনুছে কৈছে যে “শ্বেখ হাছিনাই সকলো শেষ কৰি পেলালে। ইউনুছে এইটোও কৈছিল যে নিৰ্বাচনী সংস্কাৰৰ পিছতহে বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব।

মহম্মদ ইউনুছে এটা সাক্ষাৎকাৰত কয় যে, “নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে আমি অৰ্থনীতি, শাসন, আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা সংস্কাৰ কৰা প্ৰয়োজন”।

ইউনুছে পুনৰ কৈছিল যে “আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ বিচাৰ শেষ হোৱাৰ পিছত ভাৰতে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ কৰা উচিত। বিচাৰ শেষ হোৱাৰ পিছত আৰু ৰায় প্ৰদান দিয়া পিছত, আমি শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ কৰিম।তেওঁ দৃঢ়তাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ভাৰতে তেওঁক প্ৰত্যাৰ্পণ কৰিবলৈ বাধ্য”।

তেওঁ বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণক প্ৰচাৰ বুলি বৰ্ণনা কৰিছিল।তেওঁ কয় “ভাৰত চৰকাৰে হিন্দুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে প্ৰকাশ কৰা উদ্বেগ, এইটো তথ্যৰ ওপৰত আধাৰিত নহয়”।

হাছিনা চৰকাৰ যোৱাৰ পিছৰে পৰা ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে।বাংলাদেশতো হিন্দুসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। শেহতীয়াকৈ হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত সম্পৰ্কৰ অৱনতি ঘটিছিল।

তেওঁ লগতে কয় যে “বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচনী ব্যৱস্থা, সংবিধান আৰু ন্যায়পালিকাৰ সংস্কাৰৰ বাবে কেইবাটাও আয়োগ গঠন কৰিছে।এই সংস্কাৰবোৰ কাৰ্যকৰী হ’বলৈ সময় লাগিব কিয়নো আমি এখন নতুন বাংলাদেশ নিৰ্মাণ কৰি আছো।

ইউনুছে কয় “শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনকালত বাংলাদেশত সকলো ধ্বংস হৈ গ’ল।তেওঁৰ চৰকাৰৰ অধীনৰ প্ৰশাসনিক গাঁথনি সম্পূৰ্ণৰূপে বৰ্বাদ হৈ গৈছে”।ইউনুছে অভিযোগ কৰিছিল যে শ্বেখ হাছিনাই শ্বাম নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু নিজকে আৰু তেওঁৰ দলৰ বিজয়ীসকলক বিনা প্ৰতিদ্বন্দিতাত ঘোষণা কৰিছিল।তেওঁ এজন ফেচিষ্ট শাসক হিচাপে শাসন কৰিছিল”।

‘বাংলাদেশত হিন্দু হত্যাৰ মাষ্টাৰমাইণ্ড মহম্মদ ইউনুছ’, শ্বেখ হাছিনাৰ অভিযোগ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰক হিন্দু তথা সংখ্যালঘুৰ ওপৰত গণহত্যা আৰু অত্যাচাৰৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰে । তেওঁ ইউনুছে বাংলাদেশৰ হিন্দু মন্দিৰ, ইস্কন স্থান আৰু সংখ্যালঘু লোকৰ অন্যান্য ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে ।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউয়ৰ্কত আৱামি লীগৰ এক অনুষ্ঠানত ভাষণ দি হাছিনাই কয় যে আজি মোৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হৈছে । দৰাচলতে মহম্মদ ইউনুছেই ছাত্ৰ সমন্বয়কৰ সৈতে ষড়যন্ত্ৰৰ অংশ হিচাপে গণহত্যা সংঘটিত কৰিছিল । তেওঁ মাষ্টাৰমাইণ্ড । বাংলাদেশত মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নিৰ্দেশত সংখ্যালঘু বিশেষকৈ হিন্দুৰ ওপৰত গুৰুতৰ আক্ৰমণ চলোৱা হৈছে । শিক্ষক আৰু আৰক্ষীক হত্যা কৰা হৈছে । হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক আক্ৰমণ কৰা হৈছে । বহু গীৰ্জা আৰু মন্দিৰক লক্ষ্য কৰি লোৱা হৈছে । হিংসাক গৰিহণা দি হাছিনাই প্ৰশ্ন কৰে যে সংখ্যালঘুসকলক কিয় আক্ৰমণ কৰা হৈছে ?  হাছিনাই কয় যে, লণ্ডনৰ পৰা তাৰিক ৰেহমানে (বি এন পিৰ নেতা আৰু খালেদা জিয়াৰ পুত্ৰ)ও কৈছে যে যদি মৃত্যুৰ সংখ্যা অব্যাহত থাকে তেন্তে এই চৰকাৰ স্থায়ী নহ’ব ।

আগৰতলা উচ্চায়ুক্তৰ সেৱা বাতিল, ভাৰতীয় উচ্চায়ুক্তক চমন-

আগৰতলাৰ উচ্চায়ুক্তৰ প্ৰথম সচিব মহম্মদ আল আমিনে কয় যে নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগৰতলাৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ সকলো ভিছা আৰু কনছুলাৰ সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে । আনহাতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ঢাকাত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক মঙলবাৰে চমন কৰে । বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয় যে আগৰতলাৰ ঘটনাটো চিন্তনীয় বিষয় । সেয়ে ভাৰতীয় উচ্চায়ুক্তগৰাকীক বৈদেশিক কাৰ্যালয়লৈ মাতি আনি প্ৰতিবাদ দাখিল কৰা হৈছে । প্ৰাণয় বাৰ্মাই দিল্লীয়ে বাংলাদেশৰ সৈতে সুস্থিৰ, গঠনমূলক সম্পৰ্ক গঢ়ি তুলিব বিচাৰে বুলি উল্লেখ কৰি কয় যে কোনো বিষয়েই দ্বিপাক্ষিক সম্পৰ্কত বাধা হৈ পৰিব নালাগে ।

দিল্লীত বৃদ্ধি পালে বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তা-

দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আয়োগৰ চাৰিওফালে অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । উচ্চ আয়োগৰ চৌহদৰ আশে-পাশে যাতে কোনো লোকৰ সমাগম নহয় তাৰ বাবেও নিশ্চিত কৰা হৈছে । ইয়াৰ উপৰিও সংসদৰ শীতকালীন অধিৱেশনৰ পৰিপ্ৰেক্ষিতত মধ্য দিল্লীত ইতিমধ্যে বি এন এছ এছৰ ১৬৩ ধাৰা বলবৎ হৈ আছে, যাৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোক একেলগে একে ঠাইতে গোট খোৱাটো নিষিদ্ধ ।