ইতিহাস ৰচিবলৈ সাজু শুভাংশু শুক্লা; আজি ৰাওনা হ’ব মহাকাশলৈ

ইতিহাস ৰচিবলৈ সাজু শুভাংশু শুক্লা

বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন তথা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আজি অৰ্থাৎ বুধবাৰে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ৪১ বছৰ পূৰ্বে একেৰাহে আঠ দিন পৃথিৱীক প্ৰদক্ষিণ কৰা ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা তেওঁ দ্বিতীয়জন ভাৰতীয় হ’ব । ইয়াৰ পূৰ্বে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মঙলবাৰে ঘোষণা কৰিছিল যে ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নব লগা এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ ২৫ জুনত হ’ব ।

নাছাই জনোৱা মতে, বুধবাৰে পুৱা এক্সিয়াম স্পেচ আৰু স্পেচএক্সে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান এক্সিয়াম মিছন ৪ উৎক্ষেপণৰ দিন ধাৰ্য কৰিছে । নাছাই জনোৱা মতে, ২৬ জুনত পুৱা প্ৰায় ৭ বজা (ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত) ডকিংৰ সময় হ’ব । এই অভিযান ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা উৎক্ষেপণ কৰা হ’ব । এক্সিয়াম-৪ বাণিজ্যিক অভিযানৰ নেতৃত্বত আছে কমাণ্ডাৰ পেগী হুইটছন, মিছনৰ পাইলট হিচাপে আছে ভাৰতৰ শুভাংশু শুক্লা । ইয়াৰ পূৰ্বেও এই অভিযানৰ উৎক্ষেপণ কেইবাবাৰো পিছুৱাই দিয়া হৈছিল । ইয়াৰ পূৰ্বে ২৯ মে’ত এই অভিযান উৎক্ষেপণ হ’ব লাগিছিল যদিও কাৰিকৰী অসুবিধাৰ বাবে পিছুৱাই দিয়া হৈছিল ।

কেতিয়া আৰু কিয় পিছুৱাই দিয়া হৈছিল এই অভিযান ?

এই অভিযানৰ বাবে যোৱা মাহৰ পৰা প্ৰস্তুতি চলি আছে । কিন্তু কাৰিকৰী ত্ৰুটিৰ বাবে ইয়াৰ উৎক্ষেপণ পিছুৱাই গৈ থাকিল । ২৯ মে’ৰ পিছত ৮, ১০ আৰু ১১ জুনত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও স্পেচএক্সৰ ফেলকন-৯ ৰকেটত ইন্ধন নিৰ্গত হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ৰাছিয়াৰ অংশত লিকেজ হোৱাৰ বাবে এই অভিযান পিছুৱাই দিবলগীয়া হৈছিল । ইয়াৰ পিছত ১৯ জুনত আৰু তাৰ পিছত ২২ জুনত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও নাছাই আই এছ এছত মেৰামতিৰ কামৰ পিছত ব্যৱস্থাটো পৰীক্ষা কৰাৰ অভিযান বৃদ্ধি কৰে ।

স্পেচএক্সে দিলে এই তথ্য-

ইফালে স্পেচএক্সে প্ৰকাশ কৰা অনুসৰি এই অভিযান উৎক্ষেপণৰ বাবে বতৰ অনুকূল দেখা গৈছে আৰু সকলো ব্যৱস্থাই ভালদৰে কাম কৰি আছে । স্পেচএক্সে এক্সত এটা পোষ্টত কয় যে বুধবাৰে এক্সিয়াম স্পেচৰ এক্স-৪ মিছনৰ উৎক্ষেপণৰ বাবে সকলো চিষ্টেম ভাল দেখা গৈছে । ইয়াৰ বাহিৰেও উৎক্ষেপণৰ বাবে বতৰ ৯০% অনুকূল ।

লগতে পঢ়ক : ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী ! ২০২৯ত মহাকাশলৈ ২৩ বছৰীয়া জাহ্নৱী

পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; ২২ জুনৰ পূৰ্বে সম্ভৱ নহয় উৎক্ষেপণ

পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব লগা এক্সিয়াম-৪ মহাকাশ অভিযান পুনৰ এবাৰ পিছুৱাই দিয়া হৈছে । ১৯ জুনত হ’বলগীয়া এই অভিযানৰ উৎক্ষেপণ ২২ জুন দেওবাৰলৈকে নহয় । এই সিদ্ধান্ত গ্ৰহণ কৰিছে নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ লগতে ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে । উৎক্ষেপণৰ তাৰিখৰ এই পৰিৱৰ্তনে নাছাক মহাকাশ কেন্দ্ৰৰ কাৰ্য্যকলাপৰ মূল্যায়ন অব্যাহত ৰাখিবলৈ সময় দিছে ।

উল্লেখ্য যে, ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰত থকা লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা ফেলকন ৯ ৰকেটত স্পেচএক্স ড্ৰেগন মহাকাশযানত যাত্ৰা কৰিব মহাকাশচাৰীসকলে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ১৯ জুনত এক্সিয়াম-৪ অভিযান আৰম্ভ হ’ব বুলি অৱগত কৰিছিল । তেওঁ “এক্স”ৰ পোষ্টৰ জৰিয়তে জনাইছিল যে “ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিব লগা এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণৰ তাৰিখ এতিয়া ১৯ জুন, ২০২৫ তাৰিখলৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে । লগতে স্পেচএক্সৰ দলে নিশ্চিত কৰিছে যে পূৰ্বে উৎক্ষেপণ পিছুৱাই দিয়া সকলো সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰা হৈছে ।” সিঙে কয় যে সময় অনুসৰি আৰু যিকোনো আপডেট শ্বেয়াৰ কৰা হ’ব । এতিয়া সেই আপডেট প্ৰকাশ পাইছে । এই মিছন ২২ জুন দেওবাৰৰ পূৰ্বে নহয় ।

লগতে পঢ়ক : নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি… মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ওখ

শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা; এতিয়া এই দিনটোত যাব মহাকাশলৈ

শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ এক্সিয়াম-৪ অভিযান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কিছুদিন পিছতে ইছৰোৱে নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিছে । এক্সিয়াম-৪ অভিযানত মহাকাশ ভ্ৰমণৰ প্ৰথমটো প্ৰস্তুতি চলোৱাৰ সময়তে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা । এতিয়া ১৯ ​​জুনত আনুষ্ঠানিকভাৱে এই অভিযান আৰম্ভ হোৱাৰ কথা । ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্সৰ নিৰ্ভৰযোগ্য ফেলকন ৯ ৰকেটত উৰা মাৰিব এই অভিযান ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো), এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই উৎক্ষেপণৰ তাৰিখ নিশ্চিত কৰা হয় । বৈঠকৰ সময়ত বিষয়াসকলে শেহতীয়া কাৰিকৰী উদ্বেগসমূহৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ ফেলকন ৯ উৎক্ষেপণ বাহনখনত তৰল অক্সিজেন লিক হোৱাৰ বিষয়ে । স্পেচএক্সৰ অভিযন্তাসকলে এতিয়া এই সমস্যা সমাধান কৰিছে আৰু ৰকেটটো এতিয়া পৰৱৰ্তী অভিলাষী অভিযানৰ বাবে সাজু হৈছে ।

ভাৰতীয় বায়ুসেনাৰ চাৰ্ভিং পাইলট তথা ইছৰোৰ নতুন মহাকাশচাৰী শুভাংশু শুক্লাই এক্স-০৪ অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰুৰ সৈতে যোগদান কৰিব । ভাৰতৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি, কিয়নো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা কেইজনমান ভাৰতীয়ৰ ভিতৰত অন্যতম হ’ব শুভ্ংশু শুক্লা ।

কি হয় এক্সিয়াম মিছন ৪ ?

পোলেণ্ড আৰু হাংগেৰীৰ লগতে এই অভিযান ভাৰতৰ বাবে ঐতিহাসিক হ’ব । এই দুয়োখন দেশে ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে মানৱ মহাকাশ উৰণত অংশগ্ৰহণ কৰিব । ভাৰত, পোলেণ্ড আৰু হাংগেৰীয়ে যৌথ অভিযানৰ অধীনত আই এছ এছলৈ একেলগে যাব প্ৰথমবাৰৰ বাবে । এই অভিযানটো ফেলকন ৯ ৰকেটত স্পেচএক্স ড্ৰেগন কেপচুলত উৎক্ষেপণ কৰা হ’ব । এক্সিয়াম-৪ৰ ক্ৰুৰ উৎক্ষেপণ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা হ’ব ।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয়-

এই অভিলাষী অভিযানৰ অধীনত ভাৰতে অতি সোনকালে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে । ভাৰতৰ শুভাংশু শুক্লা এতিয়া মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱা তেওঁ হ’ব প্ৰথম ভাৰতীয় । এই অভিযান আমেৰিকাৰ মহাকাশ অভিযান কোম্পানী এক্সিয়াম স্পেচ আৰু নাছাৰ সহযোগত সম্পন্ন কৰা হৈছে । লগতে এই অভিযানত ইলন মাস্কৰ স্পেচএক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : এইখন দেশত নিষিদ্ধ হ’ব Telegram আৰু WhatsApp! আহিব নতুন এপ

পুনৰ পিছুৱাই দিয়া হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ

পুনৰ পিছুৱাই দিয়া হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ (এক্সিয়াম-৪) উৎক্ষেপণ বৰ্তমানৰ বাবে পিছুৱাই দিয়া হৈছে । স্পেচএক্সে এই কথা ঘোষণা কৰিছে । স্পেচএক্সে জনোৱা মতে, স্পেচএক্সৰ ফেলকন-৯ ৰকেটৰ লিক মেৰামতিৰ বাবে অভিযন্তাসকলে অধিক সময় বিচাৰিছে । ‘ষ্টেটিক ফায়াৰ’ পৰীক্ষাৰ পিছত বুষ্টাৰ পৰিদৰ্শনৰ সময়ত লিকুইড অক্সিজেন (LOx) লিক ধৰা পৰাৰ পিছতে মিছনত পিছুৱাইৰ দিয়াৰ সিদ্ধান্ত লোৱা হয় ।

স্পেচএক্সে টুইট কৰি কয় যে পোষ্ট ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰিদৰ্শনৰ সময়ত চিনাক্ত কৰা এল অ’ এক্স লিক মেৰামতি কৰিবলৈ অভিযন্তাসকলক অতিৰিক্ত সময় দিয়াৰ বাবে ফেলকন ৯ৰ এক্স-৪ৰ মহাকাশ কেন্দ্ৰলৈ উৎক্ষেপণ পিছুৱাই দিয়া হৈছে । স্পেচএক্সে কয় যে এতিয়া মেৰামতিৰ পিছত আমি অতি সোনকালে নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিম ।

ইয়াৰ পূৰ্বে ৯ জুনত এই অভিযান ১১ জুনলৈ পিছুৱাই দিয়া হৈছিল । তাৰ পিছত ইছৰোৱে ইয়াৰ কাৰণ হিচাপে বেয়া বতৰ বুলি উল্লেখ কৰিছিল । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা এক বিবৃতিত কৈছিল যে, “আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাবলগীয়া এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণৰ কাম ১০ৰ পৰিৱৰ্তে ১১ জুনলৈ পিছুৱাই দিয়া হৈছে ।”

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয়-

এই অভিলাষী অভিযানৰ অধীনত ভাৰতে অতি সোনকালে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে । ভাৰতৰ শুভাংশু শুক্লা এতিয়া মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱা তেওঁ হ’ব প্ৰথম ভাৰতীয় । এই অভিযান আমেৰিকাৰ মহাকাশ অভিযান কোম্পানী এক্সিয়াম স্পেচ আৰু নাছাৰ সহযোগত সম্পন্ন কৰা হৈছে । লগতে এই অভিযানত ইলন মাস্কৰ স্পেচএক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক! নিৰ্মাণ কৰিছে শত্ৰুক নিমিষতে ধ্বংস কৰিব পৰা মিছাইল

মহাকাশত নতুন কাহিনী লিখাৰ প্ৰস্তুতি; ১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা

১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা

ভাৰতীয় মহাকাশচাৰী গোটৰ কেপ্তেইন শুভাংশু শুক্লাই অতি সোনকালে ইতিহাস ৰচনা কৰিবলৈ ওলাইছে। তেওঁ ১১ জুনত নিশা ১২:৩০ বজাত (ইডিটি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব।

এই মিছনটো AX-4 ৰ অংশ হয়, যিটো ভাৰত আৰু আমেৰিকাৰ মহাকাশ সহযোগিতাৰ ফল।

মিছনৰ আৰম্ভণি আৰু পৰিৱৰ্তন

শুভাংশু শুক্লাৰ অভিযান পূৰ্বে ৮ জুনত আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু বেয়া বতৰ আৰু মহাকাশযানখনৰ চূড়ান্ত প্ৰস্তুতিৰ বাবে ইয়াক ১০ জুনলৈ পিছুৱাই দিয়া হয়।

নাছা আৰু স্পেচএক্সৰ দলটোৱে কয় যে বতৰৰ পূৰ্বাভাস আৰু ফেলকন ৯ ৰকেট আৰু ড্ৰেগন মহাকাশযানৰ পৰিবহণ প্ৰক্ৰিয়াৰ কথা মনত ৰাখি এই কাম কৰা হৈছে।

এতিয়া ১০ জুনত মহাকাশলৈ উৰা মাৰিব ভাৰতীয় মহাকাশচাৰী শুভংশু শুক্ল। মহাকাশযানখনে ISSৰ সৈতে ১১ জুনত নিশা ১২:৩০ বজাত সংযোগ স্থাপন কৰিব।

সমগ্ৰ পৰিকল্পনা সন্দৰ্ভত শুভাংশ শুক্লা ই কয়, যেতিয়া মই মহাকাশলৈ যাম তেতিয়া মই কেৱল মহাকাশৰ সামগ্ৰী-সঁজুলিয়ে নহয়, বৰঞ্চ এক বিলিয়ন ভাৰতীয়ৰ অন্তৰৰ আশা আৰু সপোনকো কঢ়িয়াই লৈ যাত্ৰা কৰিম।

মিছনৰ গুৰুত্ব

এক্স-৪ মিছন হ’ব স্পেচএক্সৰ ৫৩ সংখ্যক ড্ৰেগন মিছন।এয়া হ’ব ১৫ সংখ্যক মানৱ মহাকাশ অভিযান আৰু ৪৮ সংখ্যক ISS ভ্ৰমণ।শুভাংশ শুক্লা ভাৰত গগণযান কাৰ্যক্ৰমৰ চাৰিজন মহাকাশচাৰীৰ ভিতৰত এজন।

এক্স-৪ মিছনত পাইলট শুভাংশু শুক্লাৰ উপৰিও দলটোত আছে পোলেণ্ডৰ স্লাভোছ উজনানস্কি-উইছনিউস্কি,হাংগেৰীৰ টিবৰ কাপু আৰু আমেৰিকাৰ মহাকাশচাৰী পেগি হুইটছন।

ভাৰতৰ বিনিয়োগ আৰু প্ৰস্তুতি

এই অভিযানত ভাৰতে এতিয়ালৈকে কমেও ৫৪৮ কোটি টকা ব্যয় কৰিছে।ইয়াৰ ভিতৰত উন্মোচনৰ লগতে শুভাংশ শুক্লা আৰু তেওঁৰ বেকআপ গ্ৰুপৰ অধিনায়ক প্ৰশান্ত নাইৰৰ প্ৰশিক্ষণো আছে।

প্ৰশান্ত নায়াৰো গগণয়ান কাৰ্যসূচীৰ অংশ।শুভাংশুক স্পেচএক্স আৰু এক্সিয়াম স্পেচৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে।

মহাকাশত পৰীক্ষা

ISS ত উপস্থিত হোৱাৰ পিছত শুভাংশুৱে ৭টা পৰীক্ষা কৰিব,যিবোৰ ভাৰতীয় শিক্ষানুষ্ঠানে বনাইছে।ইয়াৰে অধিকাংশই জৈৱিক পৰীক্ষা হ’ব, যেনে উদ্ভিদৰ বীজ আৰু মানুহৰ শৰীৰত মাইক্ৰ’গ্ৰেভিটিৰ প্ৰভাৱ।

ইয়াৰ উপৰিও তেওঁ নাছাৰ সৈতে আৰু ৫টা পৰীক্ষা কৰিব, যিবোৰ মানৱ গৱেষণাৰ সৈতে জড়িত।ইছৰোৰ প্ৰকল্প সঞ্চালক সুদীশ বালানে কয় যে এই পৰীক্ষাসমূহ ভাৰতীয় বিজ্ঞানীসকলে প্ৰস্তাৱ কৰিছে।নাছাৰ সহযোগত ৫টা মানৱ গৱেষণা পৰীক্ষাও কৰা হ’ব।

লগতে পঢ়ক: মুম্বাইত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; চলন্ত ৰে’লৰ পৰা পৰিল ১০ যাত্ৰী, ৫ জনৰ মৃত্যু

১০ জুনত মহাকাশলৈ ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ…

১০ জুনত ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ

ভাৰতৰ মহাকাশ ইতিহাসত এটা নতুন অধ্যায় সংযোজন হ’বলৈ গৈ আছে । ৪১ বছৰৰ মূৰত ১০ জুনত এক্সিয়াম স্পেচৰ এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা আৰম্ভ কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । এই অভিযান আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু ব্যক্তিগত কোম্পানী স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰে সম্পন্ন কৰা হ’ব ।

উৰণৰ সময় আৰু স্থান-

অহা ১০ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব এক্সিয়াম-৪ অভিযান । স্পেচএক্সৰ ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি এই মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব । ইয়াৰ পিছত ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১১ জুনৰ নিশা ১০ বজাত (ভাৰতীয় সময় অনুসৰি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন অথবা ডকিং কৰিব মহাকাশযানখনে ।

এই অভিযানৰ আন যাত্ৰীসকল কোন ?

এই অভিযানত পাইলটৰ ভূমিকা পালন কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । তেওঁৰ লগত থাকিব আমেৰিকাৰ পেগী হুইটছন, মিছন কমাণ্ডাৰ আৰু ৬০০ দিনতকৈ অধিক সময় মহাকাশত কটোৱা অভিজ্ঞ মহাকাশচাৰী, হাংগেৰীৰ টিবৰ কাপু- মিছন বিশেষজ্ঞ, পোলেণ্ডৰ স্লাভছ ৱুজনানস্কি-উইছনিউস্কি – মিছন বিশেষজ্ঞ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী ।

মহাকাশত ১৪ দিনীয়া সময়ছোৱাত শুভাংশু শুক্লাই কেইবাটাও বিশেষ বিজ্ঞান আৰু পুষ্টি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা কৰিব । এই পৰীক্ষাসমূহ ইছৰো আৰু ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে (ডি বি টি) ডিজাইন কৰিছে । এই পৰীক্ষাৰ উদ্দেশ্য হৈছে মহাকাশত মেথি আৰু মগুৰ অংকুৰণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰা, বীজবোৰক মাইক্ৰ’গ্ৰেভিটি (মহাকাশৰ অৱস্থা)ত ৰাখি পৃথিৱীলৈ ঘূৰাই অনা আৰু অধিক খেতি কৰা, ভৱিষ্যতৰ দীৰ্ঘকালীন মহাকাশ ভ্ৰমণৰ বাবে পুষ্টি আৰু জীৱন-সহায়ক ব্যৱস্থা গঢ়ি তোলা । ইয়াৰ উপৰিও শুক্লাই নাছাৰ সৈতে ৫টা যৌথ অধ্যয়নো কৰিব ।

ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে যোৱা সপ্তাহত এক্সিয়াম স্পেচ ভ্ৰমণ কৰি অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । ভাৰতৰ আগন্তুক গগণযান অভিযান (২০২৭)তো শুক্লাৰ অভিজ্ঞতা অতি উপযোগী বুলি প্ৰমাণিত হ’ব । এই অভিযানত ইছৰোৱে ৫৫০ কোটি টকা ব্যয় কৰিছে ।

লগতে পঢ়ক : চেটেলাইট ইণ্টাৰনেটৰ অপেক্ষাৰ অন্ত; ভাৰতত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ লাভ Starlink ৰ

৮ জুনত উৎক্ষেপণ হ’ব Axe-4 Mission… মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয় হ’ব শুভাংশু শুক্লা

Axe-4 Mission

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ বাবে সাজু হৈছে আন এক ব্যক্তিগত মহাকাশ অভিযান । আমেৰিকাৰ কোম্পানী এক্সিয়াম স্পেছে ২০২৫ চনৰ ৮ জুনত চতুৰ্থটো Axe-4 Mission উৎক্ষেপণ কৰিবলৈ সাজু হৈছে । এই অভিযান ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা পুৱা ৯:১১ বজাত স্পেচএক্সৰ ফেলকন ৯ ৰকেট আৰু নতুন ড্ৰেগন মহাকাশযানত উৰা মাৰিব । অৰ্থাৎ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬:৪১ বজাত এই অভিযান উৎক্ষেপণ হ’ব ।

মিছনৰ প্ৰস্তুতি সম্পূৰ্ণ-

এক্সিয়াম স্পেছে ২১ মে’ত ফ্লাইট ৰেডিনেছ ৰিভিউ (এফ আৰ আৰ) সম্পূৰ্ণ কৰে । এই পৰ্যালোচনাই নিশ্চিত কৰিছিল যে সকলো ব্যৱস্থা আৰু কৰ্মী উৎক্ষেপণৰ বাবে সাজু আছিল । এইটোৱেই হ’ব এক্সিয়ামৰ আজিলৈকে আটাইতকৈ বেছি গৱেষণামূলক অভিযান । ১৪ দিনীয়া এই অভিযানৰ সময়ছোৱাত ক্ৰুৱে ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা আৰু কাৰ্যকলাপ সম্পন্ন কৰিব ।

এই অভিযানৰ কমাণ্ডাৰ হ’ব আমেৰিকাৰ নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন । এয়া হ’ব তেওঁৰ পঞ্চম মহাকাশ অভিযান । তেওঁৰ লগত থাকিব ভাৰতীয় পাইলট শুভাংশু শুক্লা, পোলেণ্ডৰ স্লাভোছ উজনানস্কি (ইউৰোপীয় মহাকাশ সংস্থা) আৰু হাংগেৰীৰ টিবৰ কাপু । উল্লেখ্য যে, ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী কেইজনে প্ৰথমবাৰৰ বাবে আই এছ এছ ভ্ৰমণ কৰিব । মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয় হিচাবে পৰিগণিত হ’ব শুভাংশু শুক্লা ।

শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন । ভাৰতৰ গগণযান অভিযানৰ বাবেও তেওঁক নিৰ্বাচিত কৰা হৈছে । ৪০ বছৰৰ পাছত মহাকাশলৈ যোৱা তেওঁ হ’ব দ্বিতীয়জন ভাৰতীয় । ইছৰোৰ প্ৰকল্প সঞ্চালক সুদীশ বালানে কয় যে এই অভিযানে যুৱক-যুৱতীসকলক মহাকাশ প্ৰযুক্তিৰ প্ৰতি অনুপ্ৰাণিত কৰিব ।

এই অভিযানত ৩১খন দেশৰ পৰা ৬০টা পৰীক্ষা-নিৰীক্ষা কৰা হ’ব । পোলেণ্ডৰ সৈতে ইউৰোপীয় মহাকাশ সংস্থাই ১৭টা পৰীক্ষাৰ ব্যৱস্থা কৰিছে । হাংগেৰীয়ে নিজৰ HUNOR কাৰ্যসূচীৰ পৰা ২৫টা পৰীক্ষা অন্তৰ্ভুক্ত কৰিছে । হাংগেৰীৰ মহাকাশ গৱেষণা আয়ুক্ত অৰছ’লিয়া ফেৰেঞ্চে ইয়াক ৰাষ্ট্ৰীয় গৌৰৱ বুলি অভিহিত কৰে । এই পৰীক্ষাসমূহে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিত সহায় কৰিব ।

নাছাৰ চিন্তা আৰু আশা-

নাছাৰ ডানা ৱেইগেলে কয় যে Axe-4 Mission ৰ দৰে ব্যক্তিগত অভিযান আই এছ এছৰ ওপৰত গৱেষণা সম্প্ৰসাৰণৰ এক উত্তম উপায় । ট্ৰাম্প প্ৰশাসনে ২০২৬ চনৰ বাজেটত নাছাৰ পুঁজি ২৫% কৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ ফলত আই এছ এছৰ অভিযানত প্ৰভাৱ পৰিব পাৰে । কিন্তু Axe-4 Mission ৰ দৰে অভিযানে এই ব্যৱধান পূৰণ কৰাত সহায় কৰিব পাৰে ।

লগতে পঢ়ক : ইতিহাস ৰচনা কৰিবলৈ সাজু শুভাংশু শুক্লা… ৮ জুনত উৎক্ষেপণ হ’ব এক্সিয়াম-৪