এতিয়ালৈকে জ্ঞান ঘূৰাই পোৱা নাই ছেইফ আলী খানে! পলে পলে বৃদ্ধি পাইছে উদ্বেগ

বৃহস্পতিবাৰে ৰাতিপুৱা, বলীউড অভিনেতা ছেইফ আলী খানক মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ বাসগৃহত চুৰিৰ  সময়ত আক্ৰমণ কৰা হৈছিল।

খবৰটো সমগ্ৰ দেশতে বিয়পি পৰাৰ পিছত ছৈফৰ অনুৰাগীসকলৰ লগতে অভিনেতা আৰু ৰাজনীতিবিদসকলে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

অভিনেতা গৰাকীৰ অনুৰাগী সকলে সামাজিক মাধ্যমত তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।ঘটনাটোৰ কেইঘণ্টামানপিছত, ছৈফৰ পত্নী তথা অভিনেত্ৰী কৰীণা কাপুৰ খানে তেওঁৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। 

তেওঁ উদ্বেগ আৰু মৰম দেখুওৱা সকলো শুভাকাংক্ষী আৰু অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু কৰীণাই সকলোকে পৰিয়ালৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁ কৈছিল যে ছৈফক বৰ্তমান লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁ ২৪ ঘণ্টা চিকিৎসকৰ তত্বাৱধানত আছে। চিকিৎসকসকলে কৈছে যে ছৈফ এতিয়া সম্পূৰ্ণ সুৰক্ষিত।

চিকিৎসকসকলে কৈছে যে ছৈফ এতিয়া সম্পূৰ্ণৰূপে বিপদমুক্ত আৰু তেওঁৰ অস্ত্ৰোপচাৰৰ পিছত কঠোৰ তত্বাৱধানত ৰখা হৈছে।

লীলাৱতী হাস্পতালৰ চিকিৎসকে কৈছিল যে “ছৈফ আলী খান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু আমাৰ দলে তেওঁক ভাল চিকিৎসা প্ৰদান কৰিছে।

তেওঁ বৰ্তমান আইচিইউত আছে আৰু তেওঁৰ অৱস্থা উন্নত হৈ আছে। আমি আশা কৰোঁ যে তেওঁক এদিন বা দুদিনৰ ভিতৰত সাধাৰণ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হ’ব” ।

ইয়াৰ লগতে তেওঁ আৰু কয় যে “যদি ২.৫ ইঞ্চিৰ চুৰিখন তেওঁৰ মেৰুদণ্ডত এক মিলিমিটাৰ গভীৰ হ’লহেঁতেন, ই জীৱনৰ বাবে বিপদজনক হ’ল হয়” । চিকিৎসকসকলে অভিনেতাজনৰ অস্ত্ৰোপচাৰ কৰি তেওঁৰ মেৰুদণ্ডত লাগি থকা চুৰিৰ অংশটো ওলিয়াই আনিছে।