‘তেওঁ গ’ল্ড ডিগাৰ নাছিল, মইহে কেপ্ট বয়ফ্ৰেণ্ড আছিলো’; সুষ্মিতা সেন সন্দৰ্ভত প্ৰথমবাৰলৈ ললিত মোদীৰ প্ৰতিক্ৰিয়া

আই পি এলৰ প্ৰাক্তন অধ্যক্ষ তথা ব্যৱসায়ী ললিত মোদীয়ে প্ৰথমবাৰলৈ অভিনেত্ৰী সুষ্মিতা সেনৰ সৈতে থকা সম্পৰ্কৰ কথা মুকলিকৈ আলোচনা কৰে।

২০২২ চনত এটা ইনষ্টাগ্ৰাম পোষ্টে এনে এক ধুমুহাৰ সৃষ্টি কৰিছিল যে ছ’চিয়েল মিডিয়াৰ পৰা আদি কৰি মনোঞ্জন জগতলৈকে সকলোতে কেৱল সুষ্মিতা সেন আৰু ললিত মোদীৰ কথাই চৰ্চাই চলিছিল।তেওঁলোকৰ ফটো পোহৰলৈ আহিল, সম্পৰ্কত মোহৰ লাগিল আৰু অভিনেত্ৰীগৰাকীক লৈ বিভিন্ন ধৰণৰ কথা-বতৰা হ’বলৈ ধৰিলে। কিন্তু এতিয়া, কেইবাবছৰো পাছত ললিত মোদীয়ে সেই সমগ্ৰ বিতৰ্কৰ ওপৰত নিজৰ মৌনতা ভংগ কৰিছে আৰু এনে এটা মন্তব্য দিছে যিয়ে পুৰণি আঘাত আৰু তৰ্কসমূহক পুনৰ সজীৱ কৰি তুলিছে।

“তেওঁ গ’ল্ড ডিগাৰ নাছিল, মইহে কেপ্ট বয়ফ্ৰেণ্ড আছিলোঁ” ললিত মোদীৰ এই এটা বাক্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কেৱল সুষ্মিতাক মুকলিকৈ সমৰ্থনেই কৰা নাই, বৰঞ্চ তেওঁৰ ব্যক্তিত্ব, আত্মনিৰ্ভৰশীলতা আৰু নিজৰ সম্পৰ্কক লৈও বহুতো আকৰ্ষণীয় কথা শ্বেয়াৰ কৰিছে। এটা সাক্ষাৎকাৰত ললিত মোদীয়ে ২০২২ চনত সুষ্মিতা সেনৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বিষয়ে কয় যে আচলতে ‘কেপ্ট বয়ফ্ৰেণ্ড’ৰ দৰে তেওঁ নিজেই আছিল, সুষ্মিতা নাছিল।

তেওঁ স্পষ্টকৈ কয় যে সুষ্মিতা কেতিয়াও কাৰোবাৰ পৰা কিবা লোৱা বিধৰ মানুহ নহয়। ললিত মোদীয়ে হাঁহি মুখেৰে কয়”যেতিয়া মানুহে তেওঁক গ’ল্ড ডিগাৰ  বুলি কৈছিল, তেতিয়া তেওঁলোক একেবাৰে ভুল আছিল। যদি কোনোবা ডিগাৰ আছিল, তেন্তে মইহে আছিলোঁ ডায়মণ্ড ডিগাৰ । তেওঁ সঁচাকৈয়ে এটা হীৰা।”

ললিত মোদীয়ে সুষ্মিতাক তেওঁৰ জীৱনৰ আটাইতকৈ বিশেষ ব্যক্তি সকলৰ ভিতৰত এগৰাকী বুলি অভিহিত কৰে। তেওঁ পুৰণি দিনবোৰ মনত পেলাই কয়, “সুষ্মিতা মোৰ বাবে বহুত স্পেচিয়েল আছিল। তেওঁ মোক বহু ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিছিল। তেওঁ সেই সময়ত মোৰ জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ আছিল। এইটো এটা অতি বিশেষ সম্পৰ্ক আছিল।” ইয়াৰ লগতে তেওঁ এই সম্পৰ্কটো কিয় আগলৈ টিকি নাথাকিল, সেই বিষয়েও উল্লেখ কৰে।

ললিত মোদীয়ে কয় যে পৰৱৰ্তী সময়ত দুয়োৰে মাজৰ দূৰত্ব এক প্ৰত্যাহ্বান হৈ পৰিছিল, কিন্তু মোদীৰ মতে আজিও তেওঁৰ মনত সুষ্মিতাৰ প্ৰতি সন্মান আৰু স্নেহ আছে। ললিত মোদীয়ে এগৰাকী চিংগেল মাদাৰ হিচাপেও সুষ্মিতা সেনৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে যিদৰে সুষ্মিতাই তেওঁৰ দুই কন্যা ৰেণে আৰু আলীশাক প্ৰতিপালন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ আজিও সুষ্মিতাক এগৰাকী ঘনিষ্ঠ বন্ধু বুলি গণ্য কৰে আৰু সদায় তেওঁৰ শুভকামনা কামনা কৰে।

ললিত মোদীয়ে এইটোও প্ৰকাশ কৰে যে তেওঁৰ যিটো ভাইৰেল ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে সুষ্মিতাৰ সৈতে সম্পৰ্কৰ কথা ঘোষণা কৰিছিল, সেয়া সম্পূৰ্ণ আকস্মিক আছিল আৰু কোনো পৰিকল্পিত ৰণনীতিৰ অংশ নাছিল।

তেওঁ কয়, “মই এই পোষ্টটো তেওঁৰ সন্মুখতে কৰিছিলোঁ। তেওঁ ভবা নাছিল যে মই সঁচাকৈয়ে ইয়াক প’ষ্ট কৰি দিম। আমি প্লেনত কোনোবা এটা বিষয় লৈ তৰ্ক কৰি আছিলোঁ আৰু তেওঁ কৈছিল, ‘তুমি এইটো প’ষ্ট কৰিব নোৱাৰা।’ মই হঁহিলোঁ আৰু বুটামটো টিপি দিলোঁ।”

ললিত মোদীয়ে কয় যে পোষ্ট কৰাৰ লগে লগে যেন জুইহে লাগিল।”যেতিয়া আমি লেণ্ড কৰিলোঁ, তেতিয়া চাৰিওফালে হুলস্থুল লাগি গৈছিল। কিন্তু ইয়াত একো ভুল নাছিল। সুষ্মিতাই কেতিয়াও মোক পোষ্টটো ডিলিট কৰিবলৈ কোৱা নাছিল আৰু মইও কেতিয়াও তেনে চিন্তা কৰা নাছিলোঁ।”

তেওঁ কয় যে এই ঘটনাটোক লৈ মোৰ কোনো অনুতাপ নাই। তেওঁ লগতে কয় যে এই এটা পোষ্টে সঁচাকৈয়ে ইণ্টাৰনেট কঁপাই দিছিল। কেইদিনমানৰ বাবে এনে লাগিছিল যেন সকলোৱে কেৱল এই বিষয়েহে কথা পাতি আছে। কিন্তু আমাৰ এক সুন্দৰ কাহিনী আছিল আৰু মোৰ ইয়াৰ এটা মুহূৰ্তক লৈও কোনো আফচোচ নাই।

ললিত মোদীয়ে কয় যে সকলো বস্তু একোটা কাৰণৰ বাবেহে ঘটে। তেওঁ জোৰ দি কয়, “সেই ইনষ্টাগ্ৰাম পোষ্টটো পূৰ্বপৰিকল্পিত নাছিল, ই হঠাতে হৈ গ’ল। মই কৰা সকলো কামৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ। যদি মই কিবা ভুল কৰিছোঁ, তেন্তে মই তাৰ পৰা শিক্ষাও লৈছোঁ।”

নিজৰ এই মন্তব্যৰ জৰিয়তে তেওঁ স্পষ্ট কৰি দিলে যে সুষ্মিতা সেনৰ ওপৰত লগোৱা ‘গ’ল্ড ডিগাৰ’ৰ অভিযোগসমূহ সম্পূৰ্ণৰূপে ভিত্তিহীন আছিল আৰু আচলতে তেওঁলোকৰ সম্পৰ্কত সুষ্মিতাহে আৰ্থিকভাৱে শক্তিশালী পক্ষ আছিল।

লগতে পঢ়ক: ডিজিটেল প্লেটফৰ্মত ব্লকবাষ্টাৰ ‘ধুৰন্ধৰ ২’ : ভাৰতত কেতিয়া আৰু ক’ত হ’ব ষ্ট্ৰীমিং ?