যোগী মন্ত্ৰীসভাৰ মেগা সম্প্ৰসাৰণ: ভূপেন্দ্ৰ চৌধুৰী আৰু মনোজ পাণ্ডেৰ লগতে কেইবাজনো নতুন মুখ অন্তৰ্ভুক্ত
এই সম্প্ৰসাৰণত ভূপেন্দ্ৰ সিং চৌধুৰী আৰু মনোজ কুমাৰ পাণ্ডেই পূৰ্ণ পৰ্যায়ৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে
উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে দেওবাৰে এক গুৰুত্বপূৰ্ণ মোৰ লয় । ৰাজধানীৰ জন ভৱনৰ গান্ধী প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কেবিনেট সম্প্ৰসাৰণ সম্পন্ন হয় । ৰাজ্যপাল আনন্দীবেন পেটেলে নতুনকৈ নিৰ্বাচিত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায় ।
কেবিনেটত নতুন সদস্য আৰু পদোন্নতি-
এই সম্প্ৰসাৰণত ভূপেন্দ্ৰ সিং চৌধুৰী আৰু মনোজ কুমাৰ পাণ্ডেই পূৰ্ণ পৰ্যায়ৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । আনহাতে, চৰকাৰখনে নতুন মুখক স্থান দি কৃষ্ণা পাছোৱান, সুৰেন্দ্ৰ দিলেৰ, হংসৰাজ বিশ্বকৰ্মা আৰু কৈলাস সিং ৰাজপুতক ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । ইয়াৰ উপৰিও, পূৰ্বৰে পৰা কাৰ্যনিৰ্বাহ কৰি থকা অজিত সিং পাল আৰু সোমেন্দ্ৰ তোমাৰক পদোন্নতি প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ৰ মৰ্যাদা দিয়া হয় ।
ভূপেন্দ্ৰ সিং চৌধুৰী : বৰ্তমান বিধান পৰিষদৰ সদস্য তথা বিজেপিৰ উত্তৰ প্ৰদেশ ৰাজ্যিক শাখাৰ প্ৰাক্তন সভাপতি ।
মনোজ কুমাৰ পাণ্ডে: উনচাহাৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক ।
অন্যান্য মন্ত্ৰী: কৃষ্ণা পাছৱান (খাগা), সুৰেন্দ্ৰ দিলেৰ (খাইৰ) আৰু কৈলাস সিং ৰাজপুত (তিৰৱা) হৈছে নিজ নিজ অঞ্চলৰ জনপ্ৰিয় বিধায়ক। হংসৰাজ বিশ্বকৰ্মা বিধান পৰিষদৰ সদস্য ।
শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত সমগ্ৰ গান্ধী প্ৰেক্ষাগৃহ “ভাৰত মাতা কী জয়” আৰু “জয় শ্ৰী ৰাম” ধ্বনিৰে মুখৰিত হৈ পৰে । নৱনিযুক্ত মন্ত্ৰীসকলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক পুষ্পস্তৱক অৰ্পণ কৰি আশীৰ্বাদ লয় ।
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰী, দুই উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতৃত্ব উপস্থিত থাকে । এই সম্প্ৰসাৰণে যোগী চৰকাৰৰ আগন্তুক ৰাজনৈতিক সমীকৰণ অধিক শক্তিশালী কৰিব বুলি চৰ্চা চলিছে ।
লগতে পঢ়ক : তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!