যশৰ অনুৰাগীৰ বাবে বেয়া খবৰ; পুনৰ পিছুৱাই দিয়া হ’ল ‘টক্সিক’ ৰ মুক্তিৰ তাৰিখ
কেজিএফৰ তাৰকা যশে পুনৰবাৰ নিজৰ অনুৰাগীসকলক এক ডাঙৰ শ্বক দিছে। ৪ জুনত মুক্তি পাবলগীয়া তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘টক্সিক’ৰ তাৰিখ পুনৰ পিছুৱাই দিয়া হৈছে।
কেজিএফ ছবিখনৰ পিছত কানাড়া ছুপাৰষ্টাৰ যশৰ পৰৱৰ্তী ছবি টক্সিকৰ বাবে দৰ্শকসকল অতি আশাৰে বাট চাই আছে।ইয়াৰ টিজাৰ আৰু ট্ৰেইলাৰে ইতিমধ্যে বজাৰত ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছে।ছবিখনক যশৰ অন্যতম আৰু অভিলাষী সপোনৰ ডাঙৰ প্ৰকল্প হিচাপে গণ্য কৰা হৈছে। এতিয়া, যশে এই প্ৰত্যাশাক অলপ বেছিকৈ বৃদ্ধি কৰিব বিচাৰিছে।
যশে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট দিছে।য’ত তেওঁ ঘোষণা কৰিছে যে তেওঁৰ আগন্তুক ছবি টক্সিক ৪ জুন, ২০২৬ তাৰিখে মুক্তি লাভ নকৰে।এতিয়া তেওঁলোকে বিশ্বৰ বজাৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰিব। যিহেতু যশে চিনেমাকন ২০২৬ত ‘টক্সিক’ক লৈ যথেষ্ট সঁহাৰি লাভ কৰিছিল,সেইবাবেই তেওঁ এই সিদ্ধান্ত লৈছে।
যশে লিখিছে যে, কিছুমান ছবি আমি প্ৰস্তুত কৰো, আৰু কিছুমান ছবিয়ে আমাক সোঁৱৰাই দিয়ে যে আমি চিনেমাক কিয় ভাল পাওঁ। টক্সিক এনেকুৱাই এখন ছবি। চিনেমাকনত নিজৰ ছবিখন উপস্থাপন কৰা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মৰম আৰু সঁহাৰি লাভ, সেইবোৰে আমাক আকৌ এবাৰ আমাক আশ্বস্ত কৰিছে যে এই ছবিখনে সম্পূৰ্ণ শক্তিৰে সমগ্ৰ বিশ্বৰ মাজলৈ যাব লাগে।”
‘টক্সিক’ৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হৈছে।বৰ্তমান আমি সমগ্ৰ বিশ্বৰ উৎকৃষ্ট বিতৰক আৰু অংশীদাৰৰ সৈতে কাম কৰি আছো। সেই কাৰণে আমি সিদ্ধান্ত লৈছো যে, ছবিখনৰ মুক্তিৰ তাৰিখত কিছু পৰিৱৰ্তন কৰা হ’ব। পূৰ্বতে যেনেদৰে কোৱা হৈছিল যে, আমি আৰু ৪ জুনত ছবিখন মুক্তি নিদিওঁ।ছবিখন আমি পিছত এটা সুন্দৰ আৰু সমগ্ৰ বিশ্বৰ সৈতে মিল থকা তাৰিখত মুকলি কৰিম। শীঘ্ৰে বিশ্বজুৰি ছবিগৃহত মুক্তি পাব ‘টক্সিক’।
লগতে পঢ়ক: শেষবাৰলৈ ডাঙৰ পৰ্দাত থালাপথী বিজয়; ছবিগৃহত মুক্তিৰ বাবে সাজু জন নায়কন