নৃশংস; ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা যুৱকক

মৰিয়নিত নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়।পিংকু হাতীবৰুৱা নামৰ যুৱকৰ আক্ৰমনত আন এজন যুৱক নিহত হয়।নকছাৰী তিৰুৱাল চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা।

সুন্টো ঘাটোৱাল নামৰ যুৱকজনকক ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিংকু হাতীবৰুৱা নামৰ যুৱকজনক।গুৰুত্বৰ ভাৱে আহত হয় মিন্টু ঘাটোৱাল নামৰ আন এজন যুৱক।

তাৰ পিছতে হত্যাকাৰী পিংকু হাতীবৰুৱাৰ বাসগৃহত কেইবা শতাধিক উত্তেজিত ৰাইজ উপস্থিত হৈ বাসগৃহটোৰ লগতে এখন বাহন ভাঙি লণ্ড ভণ্ড। পিছত দেবেৰাপাৰ আৰু মৰিয়নি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে।

সুৰামত্ত যুৱকক বচাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা

নিশা দুৰ্ঘটনাত পতিত মৰিয়নি পৌৰসভাৰ পৌৰপতিৰ বলেৰ’ বাহন । পুত্ৰ সহ যোৰহাটৰ পৰা মৰিয়নি অভিমুখে আহি থকা অৱস্থাত মৰিয়নি কাটনীবাৰীত অঞ্চলত সংঘটিত হয় দুৰ্ঘটনাটো।

সুৰামক্ত এজন লোকৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । সুৰামত্ত যুৱকজনক ৰক্ষা কৰিবলৈ গৈ এখন দেৱালত খুন্দা মাৰে পৌৰপতিৰ বাহনখনে ।

পুত্ৰ সহ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া কথমপি ৰক্ষা পৰে যদিও সুৰামত্ত যুৱক জনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। যুৱকজন মৰিয়নি কাটনীবাৰী চাহ বাগিচাৰ পুনিয়া মাহালী বুলি জানিব পৰা গৈছে।