ভূমিকম্পৰ বিধ্বংসী ৰূপ… ১৬০০ৰো অধিক লোকৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত

বিগত দুদিনত প্ৰবল ভূমিকম্পই কঁপাইছে ম্যানমাৰ । শুকুৰবাৰে ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ব্যাপক ধ্বংসলীলা সংঘটিত হয় । এতিয়া শনিবাৰেও ভূমিকম্পৰ কম্পন অনুভূত হৈছে । শনিবাৰে বিয়লি ভূমিকম্পৰ তীব্ৰতা ৫.১ । একে সময়তে ভাৰতে ‘অপাৰেচন ব্ৰহ্ম’ৰ অধীনত চিকিৎসা দল দেশখনলৈ প্ৰেৰণ কৰিছে । ইফালে ম্যানমাৰত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৪৪ জনলৈ বৃদ্ধি পাইছে ।

ভাৰতৰ অপাৰেশ্যন ব্ৰহ্ম-

ম্যানমাৰত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত পৰিস্থিতি ভয়াৱহ হৈ আছে । ভাৰতে সাহায্য আৰু উদ্ধাৰ কামৰ বাবে নিৰন্তৰ প্ৰস্তুতি প্ৰদৰ্শন কৰি ম্যানমাৰৰ সৈতে সংহতি প্ৰদৰ্শন কৰিছে । ভাৰতে শোক প্ৰকাশ কৰাৰ লগতে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে । ভাৰতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে অপাৰেচন ব্ৰহ্মৰ অধীনত বিশেষ চিকিৎসা টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে ।

লেফটেনেণ্ট কৰ্ণেল জগনীত গীলৰ নেতৃত্বত ১১৮ জনীয়া চিকিৎসা দল ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে । এই দলটো এয়াৰবৰ্ণ এঞ্জেলছ টাস্ক ফ’ৰ্চৰ অংশ, যিয়ে জৰুৰীকালীন অৱস্থাত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সহায় আগবঢ়োৱাৰ প্ৰশিক্ষণ লাভ কৰে । দলটোৰ সৈতে প্রয়োজনীয় ঔষধ প্রেৰণ কৰা হৈছে ৷

ম্যানমাৰৰ ভূমিকম্প প্ৰভাৱিত অঞ্চলত ৬০খন বিছনাযুক্ত চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হ’ব । যাৰ অধীনত জৰুৰীকালীন সেৱা আগবঢ়োৱা হ’ব । ভূমিকম্পৰ ফলত ম্যানমাৰৰ স্বাস্থ্য ব্যৱস্থা বেয়াকৈ প্ৰভাৱিত হৈছে । এনে পৰিস্থিতিত চিকিৎসা কেন্দ্ৰই যথেষ্ট সহায় কৰিব যাতে সাহায্যৰ কাম অধিক ফলপ্ৰসূ কৰিব পৰা যায় ।

ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি-

চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ম্যানমাৰক সহায় কৰাটোৱে এই নীতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে । ‘বসুধৈৱ কুটুম্বকম’ মনোভাৱেৰে ভাৰতে চুবুৰীয়া দেশসমূহক দুৰ্যোগৰ সময়ত সাহায্য আৰু সহায় আগবঢ়াইছে ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ম্যানমাৰ প্ৰশাসনৰ সৈতে এই অভিযানৰ সমন্বয় আৰু পৰিচালনা কৰি আছে । এই অভিযানৰ অধীনত ভাৰত-ম্যানমাৰৰ সম্পৰ্ক সুদৃঢ় হ’ব । এই অভিযানে দেখুৱাইছে যে ভাৰতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চুবুৰীয়া দেশৰ সৈতে সদায় থিয় হৈ থাকে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।

সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিলে ৮০ জন এন ডি আৰ এফৰ জোৱান…

ভূমিকম্প প্ৰভাৱিত ম্যানমাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভাৰত । সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ভাৰতে ম্যানমাৰলৈ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮০ জনীয়া এটা দল । ইয়াৰ ভিতৰত স্নিফাৰ কুকুৰো অন্তৰ্ভুক্ত আছে । শনিবাৰে এই সন্দৰ্ভত তথ্য দি বিষয়াসকলে কয় যে ‘অপাৰেচন ব্ৰহ্ম’ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ পূৰ্বে ভাৰতে ২০১৫ চনৰ নেপালৰ ভূমিকম্প আৰু ২০২৩ চনৰ তুৰস্কৰ ভূমিকম্পকে ধৰি দুবাৰকৈ বিদেশত এন ডি আৰ এফ মোতায়েন কৰিছে ।

আজি সন্ধিয়াৰ ভিতৰত ম্যানমাৰত উপস্থিত হ’ব উদ্ধাৰকাৰী দল-

ম্যানমাৰত সাহায্য প্ৰদানৰ বাবে ভূমিকম্পৰ পৰা উদ্ধাৰকাৰী সঁজুলি যেনে শক্তিশালী কংক্ৰিট কাটাৰ, ড্ৰিল মেচিন, হাতুৰী আদিৰে এন ডি আৰ এফৰ জোৱানক নিয়োগ কৰা হৈছে । সংবাদ সংস্থাৰ উদ্ধৃতিৰে এজন বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘গাজিয়াবাদৰ হিন্দনৰ পৰা বায়ু সেনাৰ দুখন বিমানেৰে ৮০ জনীয়া এন ডি আৰ এফৰ এটা দল ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে । শনিবাৰে সন্ধিয়াৰ ভিতৰত দলটো ম্যানমাৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে গাজিয়াবাদস্থিত ৮ নং এন ডি আৰ এফ বেটেলিয়নৰ কমাণ্ডেণ্ট পি কে তিৱাৰীয়ে আৰ্বান চাৰ্চ এণ্ড ৰেচকিউ (ইউ এছ এ আৰ) দলটোৰ নেতৃত্ব দিব । তেওঁ কয় যে এন ডি আৰ এফৰ দলটোৱে ম্যানমাৰত ভাঙি পৰা গাঁথনিৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান আৰু উদ্ধাৰ উপদেষ্টা গোট (INSARAG)ৰ নীতি অনুসৰি চলাব । ইয়াৰ বাবে তেওঁলোকে লগত উদ্ধাৰকাৰী কুকুৰো লৈ গৈছে ।

ইয়াৰ পূৰ্বে ভাৰতে ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল-

ইয়াৰ পূৰ্বে শনিবাৰে ভাৰতে ভাৰতীয় বায়ুসেনাৰ চি ১৩০ জে সামৰিক পৰিবহণ বিমানেৰে প্ৰায় ১৫ টন সাহায্য সামগ্ৰী ম্যানমাৰৰ ইয়াংগন চহৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়াৱহ ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় যে ম্যানমাৰ আৰু থাইলেণ্ডক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ ভাৰত সাজু ।

ম্যানমাৰ-থাইলেণ্ডত ভূমিকম্পৰ ব্যাপক ধ্বংসলীলা-

উল্লেখ্য যে শুকুৰবাৰে ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে । প্ৰবল ভূমিকম্পৰ ফলত অট্টালিকা, দলং আৰু অন্যান্য গঠন ধ্বংস হয় । কেৱল ম্যানমাৰত কমেও ১০০২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, আৰু শ শ লোক সন্ধানহীন হৈছে । একে সময়তে এই ভূমিকম্পত এতিয়ালৈকে ১৫০০ৰো অধিক লোক আহত হৈছে ।

ভূমিকম্পৰ বিধ্বংসী ৰূপ… কঠিন সময়ত শক্তিশালীভাৱে থিয় দিছে ভাৰতেঃ প্ৰধানমন্ত্ৰী মোদী

ম্যানমাৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিছত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । ভাৰতে এই কঠিন সময়ত ম্যানমাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি জনাইছে যে, ম্যানমাৰৰ জ্যেষ্ঠ জেনেৰেল এইচ.ই. মিন আং হিলিঙৰ সৈতে তেওঁ কথা পাতিছে ।

প্ৰধানমন্ত্ৰীয়ে ভয়াৱহ ভূমিকম্পত প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতিত গভীৰ শোক প্ৰকাশ কৰি কয় যে ভাৰতে এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে এই কঠিন সময়ত ম্যানমাৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে । অপাৰেচন ব্ৰহ্মৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চললৈ দুৰ্যোগ সাহায্য সামগ্ৰী, মানৱীয় সাহায্য, অনুসন্ধান আৰু উদ্ধাৰকাৰী দল দ্ৰুতগতিত প্ৰেৰণ কৰা হৈছে ।

অপাৰেচন ব্ৰহ্মৰ অধীনত সাহায্য অভিযান আৰম্ভ-

ভাৰতে অপাৰেচন ব্ৰহ্মৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চললৈ দুৰ্যোগ সাহায্য সামগ্ৰী, মানৱীয় সাহায্য, অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰি সাহায্যৰ দ্ৰুত যোগান নিশ্চিত কৰিছে । ভাৰতীয় দলসমূহে সাহায্য অভিযানত সক্ৰিয়ভাৱে কাম কৰিব, যাতে সৰ্বাধিক সংখ্যক লোকক নিৰাপদে উলিয়াই আনিব পৰা যায় আৰু প্ৰয়োজনীয় সহায় আগবঢ়াব পৰা যায় । এই শোকাৱহ পৰিস্থিতিৰ পিছত দুয়োখন দেশৰ মাজত সমন্বয় অব্যাহত আছে, আৰু ভাৰতে সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ সাজু হৈ আছে ।

শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা ৭.৭ আৰু ৬.৪ প্ৰাবল্যৰ দুটা ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ-পূব এছিয়াৰ দেশ আৰু থাইলেণ্ডলৈ হাত আগবঢ়াই সহায়ৰ আশ্বাস দিয়ে আৰু সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে ।

ইনষ্টাগ্ৰামত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পিছৰ পৰিস্থিতিক লৈ মই চিন্তিত । সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো । ভাৰতে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু । এই সন্দৰ্ভত আমি আমাৰ বিষয়াসকলক সাজু থাকিবলৈ অনুৰোধ জনাইছো । লগতে বৈদেশিক মন্ত্ৰালয়ক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰৰ সৈতে যোগাযোগত থাকিবলৈ কোৱা হৈছে ।”

ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ-

ম্যানমাৰ আৰু চুবুৰীয়া দেশ থাইলেণ্ডত ক্ৰমে ৭.৭ আৰু ৭.২ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই অট্টালিকা, দলং আৰু বৌদ্ধ মঠ ধ্বংস কৰে । ম্যানমাৰত কমেও এহাজাৰ জন লোকৰ মৃত্যু হৈছে, য’ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ দুখনৰ ছবি আৰু ভিডিঅ’ত ব্যাপক ক্ষতিসাধনৰ দৃশ্য পৰিলক্ষিত হৈছে । থাইলেণ্ডৰ ৰাজধানী বেংককত ভূমিকম্পৰ ফলত নিৰ্মাণৰত এটা ওখ অট্টালিকা ভাঙি পৰাত কমেও ১০ জন লোকৰ মৃত্যু হয় ।

ম্যানমাৰৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ১০০২ লৈ বৃদ্ধি, আহত ২৩৭৬… ভাৰতে আৰম্ভ কৰিলে অপাৰেচন ব্ৰহ্ম

শুকুৰবাৰে (২৮ মাৰ্চ) ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । কেৱল ম্যানমাৰত ভূমিকম্পত ১০০২ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । শ শ লোক সন্ধানহীন হৈ আছে । এই ভূমিকম্পত এতিয়ালৈকে ২৩০০ৰো অধিক লোক আহত হৈছে । ৩০ জনতকৈ অধিক লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে । সাহায্য আৰু উদ্ধাৰৰ কাম দ্ৰুতগতিত চলি আছে ।

আনহাতে, থাইলেণ্ডত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে । হঠাৎ হোৱা এই দুৰ্যোগৰ পিছত ম্যানমাৰত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে । এই ভয়ংকৰ ভূমিকম্পৰ প্ৰভাৱ কেৱল ম্যানমাৰতে নহয়, চুবুৰীয়া দেশসমূহতো অনুভৱ হৈছিল । ভাৰত, চীন আৰু নেপালকে ধৰি পাঁচখন দেশত এই ভূমিকম্প অনুভূত হয় । ভাৰতে ভূমিকম্প প্ৰভাৱিত ম্যানমাৰক সহায় কৰিবলৈ অপাৰেচন ব্ৰহ্মৰ অধীনত সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে । বায়ুসেনাৰ বিমান চি-১৩০ জে প্ৰায় ১৫ টন সাহায্য সামগ্ৰী কঢ়িয়াই য়াংগনত উপস্থিত হৈছে ।

ভাৰতকে ধৰি পাঁচখন দেশত ভূমিকম্পৰ কম্পন-

ম্যানমাৰৰ বাহিৰেও থাইলেণ্ড, চীন, নেপাল আৰু ভাৰতত ভূমিকম্প অনুভূত হয় । শনিবাৰে নিশা পুনৰ ম্যানমাৰ আৰু আফগানিস্তানত ভূমিকম্পৰ কম্পন অনুভৱ হয় । পুৱা প্ৰায় ৫:১৬ বজাত আফগানিস্তানত ৪.৭ তীব্ৰতাৰ কম্পন অনুভূত হয় ।

ইউ এছ জি এছৰ দাবী – ১০০০ লোকৰ মৃত্যু-

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (ইউ এছ জি এছ) অনুমান কৰিছে যে মৃত্যুৰ সংখ্যা ১০০০ৰো অধিক হ’ব পাৰে । চিকিৎসালয়ত তেজৰ তীব্ৰ নাটনি হোৱাৰ খবৰ পোৱা গৈছে । ম্যানমাৰত সাহায্য আৰু উদ্ধাৰ অভিযান দ্ৰুতগতিত চলি আছে যদিও ধ্বংসাৱশেষৰ স্তূপ, ভঙা পথ, ভাঙি যোৱা অট্টালিকা সকলোতে দেখা গৈছে ।

কোৱা হৈছে যে চিকিৎসালয়ত আহত হোৱা লোকৰ সংখ্যাও হাজাৰ হাজাৰ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০০ৰো অধিক হ’ব পাৰে । ইফালে ম্যানমাৰৰ চৰকাৰী বাতৰি কাকত গ্ল’বেল নিউ লাইটৰ মতে, পাঁচখন চহৰ আৰু কেইবাখনো চহৰত অট্টালিকা ভাঙি পৰাৰ লগতে দুখন ডাঙৰ দলং ভাঙি গৈছে ।

এই চহৰসমূহত প্ৰচণ্ড ক্ষয়-ক্ষতি-

এই ভয়াৱহ ভূমিকম্পৰ ফলত মাণ্ডেলে, নাইপিডাউ, ইয়াংগন আদি বহু চহৰৰ অট্টালিকা, দলং আৰু পথৰ ব্যাপক ক্ষতিসাধন হৈছে । কিন্তু বেছিভাগ মৃত্যুৱেই নাইপিডাউত সংঘটিত হৈছে । ইয়াত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০ জনৰো অধিক ।

ম্যানমাৰৰ পৰিস্থিতি ভয়াৱহ, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা-

ম্যানমাৰৰ সামৰিক চৰকাৰৰ মুৰব্বী জ্যেষ্ঠ জেনেৰেল মিন আং হ্লেইঙে টেলিভিছনত কয় যে এতিয়ালৈকে দেশখনত ১৪৪ জন লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যা বৃদ্ধি পাব পাৰে । ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মণ্ডলেৰ সমীপত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । এই কম্পনৰ পিছত কেইবাটাও আফটাৰশ্বকো অনুভৱ কৰা হৈছিল, ইয়াৰে এটাৰ মাত্ৰা আছিল ৬.৪ ।

মাণ্ডেলেত ভূমিকম্পৰ ফলত চহৰখনৰ এটা ডাঙৰ মঠকে ধৰি কেইবাটাও অট্টালিকা ধ্বংস হয় । ৰাজধানী নেইপিডাউতো কেইবাজনো চৰকাৰী কৰ্মচাৰী থকা আৱাসিক অট্টালিকা ধ্বংসাৱশেষলৈ পৰিণত হয়, য’ত উদ্ধাৰকাৰী দলে ভুক্তভোগীক উলিয়াই নিয়াৰ চেষ্টা চলাই ।

দলং আৰু মঠ ভাঙি যায়, মথাউৰি ভাঙি পৰে-

এটা অনলাইন ভিডিঅ’ত দেখা গৈছে যে সন্ন্যাসীসকলে মাণ্ডেলেৰ এটা ৰাস্তাত তেওঁলোকৰ মঠ মা ছ’ য়ানৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি থকাৰ সময়তে সম্পূৰ্ণৰূপে ভাঙি যায় । এই দুৰ্ঘটনাত কোনো লোক হতাহত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । খ্ৰীষ্টিয়ান এইড নামৰ এটা সংস্থাই জনোৱা মতে, ভূমিকম্পৰ ফলত এটা বান্ধো ভাঙি যায়, যাৰ বাবে চহৰখনৰ নিম্নভূমি অঞ্চলসমূহ বানপানীত বুৰ গৈছে ।

বেংককত উচ্চ অট্টালিকা ভাঙি ১০ জন লোকৰ মৃত্যু-

এই ভূমিকম্পৰ প্ৰভাৱ থাইলেণ্ডৰ ৰাজধানী বেংককতো অনুভূত হয় । ইয়াত নিৰ্মাণৰত ৩৩ মহলীয়া এটা অট্টালিকা সম্পূৰ্ণৰূপে ভাঙি পৰে । প্ৰত্যক্ষদৰ্শীৰ মতে, অট্টালিকাটো ভাঙি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটো ধূলিয়ে আবৰি ধৰে, মানুহে আতংকিত হৈ চিঞৰিবলৈ আৰম্ভ কৰে আৰু ৰাজপথত বিশৃংখলতাৰ সৃষ্টি হয় । বেংকক প্ৰশাসনৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হৈছে, ১৬ জন আহত আৰু ১০১ জন লোক সন্ধানহীন হৈছে । থাইলেণ্ড চৰকাৰে ইয়াক “ভয়ংকৰ ট্ৰেজেডী” বুলি অভিহিত কৰি কয় যে এতিয়াও কিছু লোক জীয়াই থকাৰ আশা কৰা হৈছে ।

ভাৰতে প্ৰেৰণ কৰিছে সাহায্য-

ভাৰতে সাহায্য হিচাপে ম্যানমাৰলৈ প্ৰেৰণ কৰিছে ১৫ টন সাহায্য সামগ্ৰী । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই বিনিময় সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰিছে । অপাৰেচন ব্ৰহ্মৰ অধীনত ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানত ম্যানমাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয় । এই সাহায্য পেকেজত টেণ্ট, শোৱা বেগ, কম্বল, ৰেডি টু ইট ফুড, ৱাটাৰ পিউৰিফায়াৰ, হাইজিন কিট, ছ’লাৰ লেম্প, জেনেৰেটৰ চেট আৰু পেৰাচিটামল, এন্টিবায়টিক, চিৰিঞ্জ, গ্ল’ভছ আৰু বেণ্ডেজ আদি অত্যাৱশ্যকীয় সামগ্ৰী আদি অন্তৰ্ভুক্ত কৰা হৈছে ।

ম্যানমাৰৰ বিধ্বংসী পৰিস্থিতিৰ মাজতে ভাৰতে আগবঢ়ালে সহায়ৰ হাত; প্ৰেৰণ কৰিলে ১৫ টন সাহাৰ্য সামগ্ৰী

শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা প্ৰৱল ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। এনে পৰিস্থিতিত ভাৰতে সাহায্য হিচাপে ১৫ টন সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, ভাৰতীয় বায়ুসেনাৰ ষ্টেচন হিন্দনৰ পৰা ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানত এই সাহাৰ্য সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে।

এই সাহাৰ্য পেকেজত টেণ্ট, শোৱা বেগ, কম্বল, ৰেডি টু ইট ফুড, ৱাটাৰ পিউৰিফায়াৰ, হাইজিন কিট, ছ’লাৰ লেম্প, জেনেৰেটৰ চেট আৰু পেৰাচিটামল, এন্টিবায়টিক, চিৰিঞ্জ, গ্ল’ভছ আৰু বেণ্ডেজ আদি অত্যাৱশ্যকীয় সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে ম্যানমাৰত ভূমিকম্পৰ বহু কম্পন অনুভৱ কৰা হৈছিল। ইয়াৰ ফলত কেৱল ম্যানমাৰতে নহয় থাইলেণ্ডতো যথেষ্ট ক্ষতি হৈছে।

ভূমিকম্পৰ পিছত ৰাইজৰ মাজত আতংকৰ পৰিবেশৰ সৃষ্টি হৈছে। ইফালে থাইলেণ্ডটো গোটেই দিনটোত কেইবাটাও ভূমিকম্পৰ কম্পন অনুভৱ হোৱাৰ লগতে নিশা ১১:৫৬ বজাটো ৪.২ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ হয়।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূমিকম্পৰ গভীৰতা আছিল ১০ কিলোমিটাৰ, যাৰ বাবে ইয়াক আফটাৰশ্বকৰ বাবে সহজ বুলি গণ্য কৰা হয়। ইয়াৰ কেন্দ্ৰ আছিল ম্যানমাৰৰ মাণ্ডলে চহৰৰ ওচৰত।

শুকুৰবাৰে এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ম্যানমাৰ আৰু থাইলেণ্ডৰ বৃহৎ ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দুৰ্যোগৰ সময়ত দুয়োখন দেশকে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ভাৰত।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ মই চিন্তিত। সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো। ভাৰতবৰ্ষই সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু।

ম্যানমাৰে মুক্ত কৰিলে ৩০০ ভাৰতীয় নাগৰিকক…বায়ুসেনাৰ বিমানেৰে অনা হ’ল ভাৰতলৈ

ম্যানমাৰৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ পৰা মুক্ত হোৱা ৩০০ ভাৰতীয় নাগৰিকক সোমবাৰে থাইলেণ্ড হৈ ভাৰতলৈ প্ৰেৰণ কৰা হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ভাৰতীয় নাগৰিকসকলক বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমানেৰে ঘূৰাই অনা হয় । ম্যানমাৰ চৰকাৰে চীনৰ অপাৰেটৰৰ দ্বাৰা পৰিচালিত অবৈধ অনলাইন কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । ইয়াৰ পৰা মুক্ত হোৱা লোকসকলক নিজৰ দেশলৈ পঠিয়াই দিয়া হৈছে । এই অভিযানত ম্যানমাৰ চৰকাৰে প্ৰায় ৭ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে ।

কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া এই লোকসকলৰ অধিকাংশই চীনৰ যুৱক । ম্যানমাৰ-থাইলেণ্ড সীমান্তত আবদ্ধ হৈ আছে চীনৰ যুৱক সকল । এই কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া ২৬৬গৰাকী ভাৰতীয় পুৰুষ আৰু ১৭গৰাকী মহিলাক ভাৰতীয় কৰ্তৃপক্ষই ৭খন বাছত উঠাই থাইলেণ্ড বিমানবন্দৰলৈ লৈ যায় । ইয়াৰ বাহিৰেও তেওঁলোকৰ লাগেজ আন তিনিখন বাছত অনা হৈছিল । এই নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমান মোতায়েন কৰিছে ।

প্ৰৱঞ্চনাৰ জৰিয়তে প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন-

উল্লেখ্য যে বিভিন্ন ধৰণৰ প্ৰৰোচনা আগবঢ়াই হাজাৰ হাজাৰ লোকক কামৰ বাবে ম্যানমাৰলৈ অনা হয়, য’ত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰৱঞ্চনামূলক কামত লিপ্ত কৰোৱা হয় । ভুৱা চুক্তিৰে বহু লোকক ম্যানমাৰলৈ অনা হয় আৰু ইয়াত শোষণ কৰা হয় । ২০২৩ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি অপৰাধী দলসমূহে অনলাইন প্ৰৱঞ্চনাৰ জৰিয়তে প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন কৰে ।

দক্ষিণ এছিয়াত চলোৱা হৈছে বৃহৎ অভিযান-

দক্ষিণ এছিয়াৰ দেশসমূহে কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । বৰ্তমান থাইলেণ্ড-ম্যানমাৰ সীমান্তত এটা ডাঙৰ অভিযান চলোৱা হৈছিল । থাইলেণ্ড চৰকাৰে কেলেংকাৰী কেন্দ্ৰ বুলি সন্দেহ কৰা অঞ্চলসমূহৰ বিদ্যুৎ, ইন্ধন আৰু পানী যোগান কৰ্তন কৰিছিল ।

নিজৰ দেশতে এয়াৰষ্ট্ৰাইক চলালে ম্যানমাৰৰ সেনাই; ৪০ জন লোকৰ মৃত্যু

ম্যানমাৰৰ এটা সশস্ত্ৰ সংখ্যালঘু জাতিগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত এখন গাঁৱত সামৰিক বিমান আক্ৰমণত কমেও ৪০ জন লোক নিহত আৰু প্ৰায় ২০ জন আহত হৈছে বুলি জানিব পৰা গৈছে।

বিষয়াসকলে দাবী কৰিছিল যে বিমান আক্ৰমণৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ফলত শ শ ঘৰ ধ্বংস হৈছিল।জানিব পৰা মতে বুধবাৰে পশ্চিম ৰাখাইন ৰাজ্যৰ সংখ্যালঘু জাতিগোষ্ঠী আৰাকান আৰ্মীৰ দ্বাৰা নিয়ন্ত্ৰিত অঞ্চল ৰামৰি দ্বীপৰ কিয়াউক নি মাও গাঁৱত এই আক্ৰমণটো সংঘটিত হয়।

অৱশ্যে, সেনাই অঞ্চলটোত কোনো আক্ৰমণ নিশ্চিত কৰা নাই। গাওঁখনৰ পৰিস্থিতি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল, কিয়নো অঞ্চলটোত ইণ্টাৰনেট আৰু ম’বাইল ফোন সেৱাৰ প্ৰৱেশাধিকাৰ প্ৰায় ব্যাহত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে অং চান চু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ পিছত ম্যানমাৰত হিংসাৰ আৰম্ভণি হৈছিল।

সেনাই শান্তিপূৰ্ণ প্ৰদৰ্শন দমন কৰিবলৈ বল প্ৰয়োগ কৰিছে। ইফালে, সামৰিক শাসনৰ বহুবিৰোধীয়ে অস্ত্ৰ-শস্ত্ৰ গ্ৰহণ কৰিছে আৰু দেশৰ বৃহৎ অংশ এতিয়া সংঘৰ্ষত লিপ্ত হৈছে।