পুনৰ মাধমাৰ; ১০ দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

দেশৰ তেল কোম্পানী সমূহে বিগত ৯ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য।

দেশত আকৌ এবাৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৭ পইচা, আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১ পইচা বৃদ্ধি পাইছে।১০ দিন নৌহওঁতেই তৃতীয়বাৰৰ বাবে বৃদ্ধি পাইছে এই মূল্য।ইয়াৰ পূৰ্বে ১৯ মে’ত তেল কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০ পইচা বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে ১৫ মে’ত হঠাতে প্ৰতি লিটাৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰা হৈছিল।

মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ প্ৰভাৱ তেলৰ মূল্যৰ ওপৰত দেখিবলৈ পোৱা গৈছে।ইফালে খবৰ আহিল যে ভাৰতে মে’ মাহত সস্তা খাৰুৱা তেল ক্ৰয় বৃদ্ধি কৰে, যাৰ ফলত ভৱিষ্যতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ চাপ কমি যাব পাৰে, আনকি দামও হ্ৰাস পাব পাৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন ৰাহিৰ প্ৰয়াস কৰিবলৈ আহ্বান জনাইছিল।

লগতে পঢ়ক: ভাৰতৰ প্ৰতিৰক্ষা হ’ব অধিক শক্তিশালী: অগ্নি-১ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে জনতাৰ মুৰত মাধমাৰ; ৬০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে সাধাৰণ লোকৰ মুৰত মাধমাৰ সোধাই বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫ টকা বৃদ্ধি কৰা হৈছে।

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে মূল্যবৃদ্ধিয়ে জনতাৰ মুৰত মাধমাৰ সোধাইছে।পুনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকাকৈ বৃদ্ধি পাইছে।তাৰ লগতে ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্যও ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে।।আজিৰ মাজ নিশাৰ পৰা কাৰ্যকৰী কৰা হৈছে নতুন হাৰ।

এই কথা IOC (Indian Oil) ৱেবছাইটতো আপডেট কৰা হৈছে।মন কৰিবলগা যে ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই।

এতিয়া ১৪.২ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যত প্ৰতিটো চিলিণ্ডাৰৰ দাম হ’ল গৈ ৯৬২। আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ল গৈ ২০৫১ টকা।  

ভাৰতৰ শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতাক লৈ ক্ৰমবৰ্ধমান বিতৰ্কৰ মাজতে এই বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে।

লগতে পঢ়ক: ‘যদি যুদ্ধ ২-৩ সপ্তাহলৈকে চলি থাকে তেন্তে ধ্বংস নিশ্চিত’; কাটাৰৰ শক্তি মন্ত্ৰীৰ বিস্ফোৰক মন্তব্য