শচীন, গাভাস্কাৰ, সূৰ্য, আয়েৰৰ পৰা ৰোহিত শৰ্মালৈ…ৱাংখেড়েত অনুষ্ঠিত হ’ব তাৰকাৰে ভৰা এক অনুষ্ঠান

মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে ৱাংখেড়ে ষ্টেডিয়ামৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ সাজু হৈছে । এই উপলক্ষে ষ্টেডিয়ামত শচীন টেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, ৰবি শাস্ত্ৰী, অজিংক্য ৰাহানে, দিলীপ ভেংছৰকাৰ, ডায়েনা এদুলজীকে ধৰি মুম্বাইৰ কিংবদন্তি আৰু প্ৰাক্তন আৰু বৰ্তমানৰ ভাৰতীয় ক্ৰিকেটাৰসকলৰ এক সমাৱেশ দেখা যাব । ইয়াৰ উপৰিও এই অনুষ্ঠানত মুম্বাইৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰবীণ পুৰুষ-মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৱাংখেড়ে ষ্টেডিয়ামৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচী । আনহাতে, ইয়াৰ মূল অনুষ্ঠান ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব ।

‘আমি আইকনিক ৱাংখেড়ে ষ্টেডিয়ামৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো…’

ইফালে মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি অজিংক্য নাইকে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । তেওঁ কয় যে যিহেতু আমি আইকনিক ৱাংখেড়ে ষ্টেডিয়ামৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো, সেয়েহে মই সকলো ক্ৰিকেট অনুৰাগীক এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ অংশ হ’বলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছো । অজিংক্য নাইকে কয় যে আমাৰ কিংবদন্তি নায়কসকলে আমাৰ সৈতে উদযাপনত যোগদান কৰিব আৰু একেলগে আমি মুম্বাইৰ গৌৰৱ ৱাংখেড়ে ষ্টেডিয়ামৰ চহকী ঐতিহ্যক শ্ৰদ্ধা জনাম । এই উদযাপনক সঁচাকৈয়ে অবিস্মৰণীয় কৰি তোলোঁ আহক । ৱাংখেড়ে ষ্টেডিয়ামৰ আইকনিক উত্তৰাধিকাৰক সন্মান জনাই এটা স্মৃতিচাৰণ ডাক টিকটো মুকলি কৰা হ’ব ।

ইয়াৰ উপৰিও এই সময়ছোৱাত মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে ১৫ জানুৱাৰীত এম চি এৰ ক্লাব আৰু গ্ৰাউণ্ডমেনসকলক সম্বৰ্ধনা জনাই মুম্বাই ক্ৰিকেটৰ নায়কসকলৰ অৱদান আৰু দায়বদ্ধতাক উদযাপন কৰিব । তেওঁলোকৰ বাবে পলি উমৰিগাৰ স্বাস্থ্য শিবিৰ আৰু বিশেষ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ আয়োজন কৰা হ’ব । এই সকলোবোৰৰ পিছত ১৯৭৪ চনত ৱাংখেড়ে ষ্টেডিয়ামত প্ৰথম শ্ৰেণীৰ খেল খেলা মুম্বাই দলৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হ’ব । এই অনুষ্ঠানৰ টিকট ল’ব বিচাৰিলে District by Zomato আৰু Insider.in চাব লাগিব । ইয়াত অনলাইনযোগে টিকট কিনিব পাৰিব ।

২৬/১১ মুম্বাই কাণ্ডৰ অভিযুক্ত তাহাৱুৰ ৰাণাক ভাৰতলৈ কৰা হ’ব প্ৰত্যাৰ্পণ; আমেৰিকাৰ আদালতৰ সেউজ সংকেত

২০০৮ চনত মুম্বাইৰ ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিচাৰত ভাৰতে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে।কাৰাগাৰত বন্দী পাকিস্তানী মুলৰ কানাডিয়ান ব্যৱসায়ী তাহাৱুৰ ৰাণাক অতি শীঘ্ৰেই ভাৰতলৈ অনা হ’ব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপীল আদালতৰ ন্যায়াধীশৰ এটা পেনেলে তাহাৱুৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে।ইয়াৰ পিছত, কূটনৈতিক মাধ্যমৰ জৰিয়তে তাহাৱুৰ ৰাণাক ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) ২০০৮ চনত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত ২৬/১১ মুম্বাই আক্ৰমণত তাহাৱুৰ ৰাণাৰ কথিত ভূমিকাৰ তদন্ত কৰি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে ৰাণাৰ প্ৰত্যাৰ্পণৰ বাবে সেউজ সংকেত দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে ২০২৪ চনৰ আগষ্টত ৰায় দিছিল যে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা উচিত।

ৰাণাৰ বিৰুদ্ধে ২৬/১১ ৰ মাষ্টাৰমাইণ্ড ডেভিদ কোলমেন হেডলীক সহায় কৰাৰ অভিযোগ আছে। হেডলীয়ে মুম্বাইৰ স্থান সমূহৰ তথ্য উলিৱাইছিল।

ইয়াৰ পূৰ্বে  ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত শক্তিশালী প্ৰমাণ উপস্থাপন কৰিছিল, য’ত ৰাণাৰ জড়িত থকাস্পষ্টভাৱে দেখা গৈছিল।

আদালতে স্পষ্ট কৰি দিছিল যে ভাৰতত ৰাণাৰ বিৰুদ্ধে আৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতৰ গোচৰতকৈ পৃথক আছিল। দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব পাৰি।

তাহাৱুৰ ৰাণাক ২৬/১১ ৰ আক্ৰমণত তেওঁৰ কথিত ভূমিকাৰ বাবে ভাৰতৰ দ্বাৰা প্ৰত্যাৰ্পণৰ অনুৰোধত আমেৰিকা যুক্তৰাষ্ট্ৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

তাহাৱুৰ ৰাণাৰ জন্ম পাকিস্তানত হৈছিল। তেওঁ আৰ্মি মেডিকেল কলেজত অধ্যয়ন কৰিছিল আৰু পাকিস্তান সেনাত ১০ বছৰ চিকিৎসক হিচাপে কাম কৰিছিল।পিছত তেওঁ চাকৰি এৰি দিছিল।

তাহাৱুৰ ৰাণা বৰ্তমান কানাডাৰ নাগৰিক। আদালতৰ দস্তাবেজ অনুসৰি, তেওঁ কানাডা, পাকিস্তান, জাৰ্মানী আৰু ইংলেণ্ড ভ্ৰমণ কৰিছে আৰু বাস কৰিছে।

দস্তাবেজসমূহে প্ৰকাশ কৰে যে ২০০৬ চনৰ পৰা ২০০৮ চনৰ নৱেম্বৰ লৈকে তাহাৱুৰ ৰাণাই পাকিস্তানৰ ডেভিদ হেডলী আৰু অন্যান্যসকলৰ সৈতে ষড়যন্ত্ৰ কৰিছিল। সন্ত্ৰাসবাদী হেডলী এই ক্ষেত্ৰত অনুমোদনকাৰী হৈ পৰিছে।

ভয়ংকৰ; গেটৱে অৱ ইণ্ডিয়া চাবলৈ গৈ ডুবিল নাও ; এজনৰ মৃত্যু,  পাঁচজন সন্ধানহীন

বুধবাৰে এলিফেণ্টা গুহাৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুবি যায়।দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছে, য’ত নাওখন পানীত ডুব যোৱা দেখা গৈছে।

জানিব পৰা মতে নীলকমল নামৰ নাওখনত ৮৫ জন যাত্ৰী আছিল।নাওখন এলিফেণ্টালৈ যোৱাৰ পথত কৰ্ণজাৰ উৰণৰ ওচৰত ডুবি যায়। ঘটনাটো সন্ধিয়া ৫:১৫ বজাত হৈছিল।

লগে লগে নাওখনত থকা লোকসকলক আন এখন জাহাজলৈ উদ্ধাৰ কৰা হয়।ঘটনাস্থলীত ১০৮ এম্বুলেন্সসহ সামুদ্ৰিক আৰক্ষী উপস্থিত হয়।

তথ্য অনুসৰি, বেছিভাগ যাত্ৰীক উদ্ধাৰ কৰা হৈছে । তাৰে এজনৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক সন্ধানহীন হৈ আছে।     

ৱেষ্টাৰ্ণ ৰে’লৱেই মুম্বাইৰ স্থানীয় ৰে’লৰ সময় সলনি কৰিলে, জানি লওক নতুন সময়সূচী

পশ্চিম ৰে’লৱেই একাংশ স্থানীয় ৰে’লৰ সময় আৰু ষ্টপিঙৰ সাময়িক পৰিৱৰ্তন কৰিছে। আন্ধেৰী-বিৰাৰ লোকেল ভয়ান্দৰত আৰু নালাসোপাৰা লোকেল ভয়ান্দৰৰ পৰা চলিব। এই ৰে’ল দুখন ১৫টাকৈ ডবালৈ উন্নীত কৰা হৈছে আৰু চাৰ্চগেটৰ পৰা মুম্বাই চেণ্ট্ৰেললৈ দ্ৰুতগতিত চলিব। ভয়ান্দৰক কেন্দ্ৰ কৰি মুম্বাইৰ স্থানীয় ৰে’লৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
পশ্চিম ৰে’লৱেই নিৰ্বাচিত স্থানীয় সেৱাৰ সময় আৰু বন্ধৰ ক্ষেত্ৰত সালসলনি কৰিছে। সোমবাৰৰ পৰা কৰা এই পৰিৱৰ্তন সাময়িক হ’ব। পশ্চিম ৰে’লৱেৰ তথ্য অনুসৰি স্থানীয় ৰে’ল নম্বৰ ৯২০১৯ আন্ধেৰী-বিৰাৰ (পুৱা ৬:৪৯ বজাত) কেৱল ভয়ান্দৰত শ্বৰ্ট টাৰ্মিনেট কৰা হ’ব। একেদৰে ৯০৬৪৮ নম্বৰৰ ৰে’ল নলাসোপাৰাৰ সলনি (নিশা ১৬:০৮ বজাত) ভয়ান্দৰ ষ্টেচনৰ পৰা নিশা ১৬:২৪ বজাত ৰাওনা হ’ব।ৰে’ল নম্বৰ ৯০২০৮ ভয়ান্দৰ-চাৰ্চগেট (পুৱা ৮) আৰু ৯০২৪৯ চাৰ্চগেট-নল্লাসোপাৰা (পুৱা ৯:৩০)ত এতিয়া ১২টা ডবাৰ পৰিৱৰ্তে ১৫টা ডবা থাকিব। এই ৰে’লসমূহ এতিয়া চাৰ্চগেটৰ পৰা মুম্বাই চেণ্ট্ৰেললৈ দ্ৰুতগতিত চলিব।

মধ্য প্ৰদেশক পৰাস্ত কৰি চৈয়দ মুস্তাক আলী ট্ৰফী দখল মুম্বাইৰ

২০২৪ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফী খিতাপ দখল কৰিছে মুম্বাইয়ে । ফাইনেলত মধ্যপ্ৰদেশক ৫ উইকেটত পৰাস্ত কৰি এই খিতাপ দখল কৰে দলটোৱে । শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত থকা মুম্বাই দলৰ হৈ সূৰ্যকুমাৰ যাদৱ, অজিংক্য ৰাহানে আৰু সূৰ্য্ংশ শ্বেজে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । সূৰ্যংশে ৩৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । মধ্যপ্ৰদেশৰ অধিনায়ক ৰজত পাটিদাৰে অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰে । অৱশ্যে তেওঁৰ ইনিংছ অথলে যায় ।

প্ৰথমে বেটিং কৰি মধ্যপ্ৰদেশে মুম্বাইক ১৭৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৭.৫ অভাৰত মুম্বাইয়ে জয়লাভ কৰে । দলৰ হৈ সূৰ্যংশে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় । ১৫টা বলৰ সন্মুখীন হৈ তেওঁ অপৰাজিত ৩৬ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৩টা চাৰি আৰু ৩টা ছয় কোবায় । অথৰ্বই ৬টা বলত ১৬ ৰান সংগ্ৰহ কৰে । তেওঁ ২টা ছয় কোবাই ।

ৰাহানেৰ শক্তিশালী প্ৰদৰ্শন-

মধ্যপ্ৰদেশে দিয়া টাৰ্গেট অনুসৰণ কৰি পৃথ্বী শ্ব’ আৰু অজিংক্য ৰাহানেই মুম্বাই দলৰ হৈ অ’পেন কৰিবলৈ আহে । পৃথ্বীয়ে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । ১০ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ৰাহানেই ৩৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁ ৩০টা বলৰ মুখামুখি হয় আৰু ৪টা চাৰি কোবায় । ১৬ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক শ্ৰেয়াছ আয়াৰ । তেওঁ ২টা চাৰি আৰু ১টা ছয় কোবায় । মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি আউট হয় শিৱম ডুবে ।

অৰ্ধশতক বঞ্চিত হয় সূৰ্যকুমাৰ যাদৱ-

মুম্বাইৰ হৈ চাৰি নম্বৰত বেটিং কৰিবলৈ আহিছিল সূৰ্যই । এই সময়ছোৱাত তেওঁ ৩৫টা বলৰ মুখামুখি হৈ ৪৮ ৰান সংগ্ৰহ কৰে । সূৰ্যৰ এই ইনিংছত ৪টা চাৰি আৰু ৩টা ছয় অন্তৰ্ভুক্ত আছে ।

মধ্যপ্ৰদেশৰ হৈ পাটিদাৰে খেলে বিস্ফোৰক ইনিংছ –

প্ৰথম বেটিং কৰি মধ্যপ্ৰদেশে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰে । এই সময়ত ৰজত পাটিদাৰে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় । ৪০টা বলৰ সন্মুখীন হৈ তেওঁ অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰে । এই ইনিংছত পাটিদাৰে ৬টা চাৰি আৰু ৬টা ছয় কোবায় । সুব্ৰংশু সেনাপতিয়ে ২৩ ৰানৰ ইনিংছ খেলে । ১৭ ৰান সংগ্ৰহ কৰি আউট হয় ভেংকটেশ আয়াৰ । হৰপ্ৰীত সিঙে ১৫ ৰানৰ বৰঙণি আগবঢ়ায় ।

মুম্বাইৰ হৈ শ্বাৰ্দুল-তনুছে দখল কৰে দুটাকৈ উইকেট-

ফাইনেলত মুম্বাইৰ হৈ শ্বাৰ্দুল ঠাকুৰে ২টা উইকেট দখল কৰে । ৪ অভাৰত ৪১ ৰানত ২ উইকেট দখল কৰে শ্বাৰ্দুলে । ৰয়ষ্টন ডায়েছে ৩ অভাৰত ৩২ ৰানত ২ উইকেট দখল কৰে । শিৱম ডুবে, শ্ৰেয়াংশ শ্বেডজে আৰু অথৰ্বই এটাকৈ উইকেট লাভ কৰে ।

ঘণ্টাৰ পিছত ঘণ্টা ৰানৱেত ৰখাই থলে এয়াৰ ইণ্ডিয়াৰ বিমান; যাত্ৰীৰ মাজত হাহাকাৰ

মুম্বাইৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এআই২৯৯৪ বিমানখন বহুতো সমস্যাৰ সন্মুখীন হৈছে। পুৱা ১০.২৫ বজাত বিমানখনে মুম্বাইৰ টাৰ্মিনেল ২ ৰ পৰা দিল্লীলৈ উৰা মাৰিব লগা আছিল।

কিন্তু ২ বাজি যোৱাৰ পিছটো বিমানখন উৰা মৰা নাছিল। বিমানখনৰ ভিতৰত যাত্ৰীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। সামাজিক মাধ্যমত যাত্ৰী সকলৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

য’ত তেওঁলোকে অভিযোগ কৰিছে যে বিমানখন পলম হোৱা আৰু যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত এয়াৰলাইন কোম্পানী এয়াৰ ইণ্ডিয়াৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই।

ভোকে-পিয়াহে সকলোৰে অৱস্থা অতি বেয়া হৈ পৰিছিল। পিছত যাত্ৰী সকলক আন এখন বিমানেৰে দিল্লীলৈ প্ৰেৰণ কৰা হয়।